ৰহস্যঘন কুঁৱলীয়ে আৱৰিছে সময়! ক’লৈ গুচি গ’ল ৰমেন বৰুৱা?
Kakali Deka
July 24, 2024
ডিজিটেল ডেস্কঃ অসমীয়া সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ ৰমেন বৰুৱাৰ সন্ধানহীন হোৱা আজি তিনি দিন পাৰ হ’ল৷ এই তিনি দিনত কোনো শুংসূত্ৰ উলিয়াব পৰা নাই শিল্পীগৰাকীৰ৷ ৰমেন বৰুৱাৰ নিৰুদ্দেশৰ খবৰে ব্যথিত কৰিছে সকলোকে। অসমবাসীৰ প্ৰাৰ্থনা যে অতি সোনকালে সুস্থ শৰীৰেৰে ঘৰলৈ উভতি আহক ৰমেন বৰুৱা।
২২ জুলাই সোমবাৰৰ পৰাই নিখোঁজ হৈ আছে ৰমেন বৰুৱা। দিনে-নিশাই অভিযান চলোৱা হৈছে, কিন্তু এইপৰ্যন্ত কোনো শুংসূত্ৰ নাই শিল্পীগৰাকীৰ। হঠাৎ কি হ’ল সন্মানীয় শিল্পীগৰাকীৰ? ক’ত হেৰাল ৰমেন বৰুৱা? কিন্তু উত্তৰ কাৰো হাতত নাই!
তেওঁৰ ম’বাইলৰ শেষ লোকেচন উচ্চ ন্যায়ালয়ৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ পাৰত লাভ কৰিছে আৰক্ষীয়ে। সেই লোকেচনৰ আঁত ধৰিয়েই ব্ৰহ্মপুত্ৰৰ বুকুতো চলিল অভিযান। কিন্তু এতিয়ালৈকে কোনো সন্ধান নাই শিল্পীগৰাকীৰ।
ৰমেন বৰুৱা সন্ধানহীন হোৱা খবৰত মানুহৰ এতিয়া মনত পৰিছে কবি অৱনী চক্ৰৱৰ্তীলৈ। দিনটো আছিল ১৯৯৪ চনৰ ১২ নৱেম্বৰ ৷ সেইদিনা শীতৰ সন্ধিয়া এনেয়ে ঘৰৰ পৰা ওলাই আহিছিল কবি অৱনী চক্ৰৱৰ্তী৷ সেই যি ওলাই আহিল, কবি আৰু ঘৰলৈ উভতি নাহিল ৷ নাই বুলিয়েই যেন নোহোৱা হৈ গ'ল কবি অৱনী চক্ৰৱৰ্তী৷
অনেক বিচাৰ-খোচাৰ চলিল। কিন্তু আজি ৩০ টা বছৰে নিৰুদ্দিষ্ট কবি অৱনী চক্ৰৱৰ্তীৰ কোনো সন্ধান নোলাল৷ অসমীয়া কাব্য সাহিত্যলৈ বহু অৱদান আগবঢ়োৱা কবি অৱনী চক্ৰৱৰ্তীৰ সন্ধানহীন হোৱা খবৰ মানুহে এতিয়াও পাহৰা নাই।
ৰমেন বৰুৱাৰো সেই একেই দশা হ’ব নেকি বুলি ভাবি শংকিত হৈ পৰিছে অসমবাসী।
এইগৰাকী বিশিষ্ট সংগীতশিল্পীয়ে অসমৰ সংগীতৰ জগতখনক সমৃদ্ধ কৰি ৰাখিছে, কোনেও বিচৰা নাই যে শিল্পীজনাৰ বিয়লি বেলাত কিবা অঘটন হওক। এতিয়া সকলোৰে মনে-প্ৰাণে এটাই কামনা মানুহজন কুশলে থাকক আৰু সোঁশৰীৰে ঘৰ ওলাৱকহি।
শেহতীয়াকৈ ৰমেন বৰুৱাৰ কন্যাৰ বিৰুদ্ধেও বহুতো অভিযোগ উত্থাপন হৈছে। বিবাহ বিচ্ছেদিত কন্যাই অশ্লীল গালি-গালাজেৰে শিল্পীগৰাকীক মানসিক অত্যাচাৰ চলাইছিল বুলি কেতবোৰ অভিযোগ উত্থাপন হৈছে।
এতিয়া সকলোৰে মনত প্ৰশ্ন উদয় হৈছে, জীয়ৰীৰ কথাত আত্মমৰ্যাদাত আঘাত লাগিছিল নেকি ৰমেন বৰুৱাৰ? স্বাভিমানী ৰমেন বৰুৱা অভিমান কৰিয়ে ঘৰৰ পৰা ওলাই গ’ল নেকি? সমাজৰ পৰা মৰম-আদৰ, সন্মান বোটলা ৰমেন বৰুৱা নিজ ঘৰখনতে অৱহেলিত হৈছিল নেকি? মানসিক শান্তি বিচাৰিয়ে তেওঁ ঘৰ এৰিলে নেকি? এই প্ৰশ্নবোৰে এতিয়া সকলোকে আমনি কৰিছে কিন্তু উত্তৰ কাৰো হাতত নাই। হয়তো সময়ত সকলো ৰহস্যৰ অন্ত পৰিব।
এতিয়া সময় মাথোঁ প্ৰাৰ্থনা কৰাৰ... মানুহজন যি বাটেৰে ওলাই গৈছিল সেই বাটেৰেই পুনৰ ঘৰখনলৈ ঘূৰি আহক।
Share This