ডিজিটেল ডেস্কঃ মুন্না হুছেইন আৰক্ষীৰ জালত । ৰঙিয়াৰ উদিয়ানা অঞ্চলত নিষিদ্ধ ড্ৰাগছৰ আসক্তিৰ বাবে একাংশ যুৱকৰ উৎপাতে স্থানীয় লোকৰ মাজত আতংকৰ সৃষ্টি কৰিছে ।
এই যুৱকসকলে ড্ৰাগছ ক্ৰয়ৰ বাবে ধৰ্মীয় অনুষ্ঠান, ব্যাৱসায়িক প্ৰতিষ্ঠান, বিদ্যালয়, ব্যক্তিগত গৃহ, আনকি ৰে'ল বিভাগৰ সামগ্ৰীলৈকে চুৰিৰ ঘটনাত জড়িত হৈ পৰিছে ।
বুধবাৰে নিশা এনে এক ঘটনাত উদিয়ানাৰ মুন্না হুছেইন নামৰ এজন ড্ৰাগছ আসক্ত যুৱক টেণ্ট হাউছত চুৰি কৰি সামগ্ৰীবোৰ বিক্ৰী কৰিবলৈ নিয়াৰ মুহূৰ্তত স্থানীয় লোকৰ হাতত ধৰা পৰে । ক্ষুব্ধ জনতাই তেওঁক লপাথপা দি পঘাৰে বান্ধি আবদ্ধ কৰি ৰাখে । সোধা-পোছাৰ সময়ত মুন্না হুছেইনে স্বীকাৰ কৰে যে তেওঁ নিষিদ্ধ ড্ৰাগছ সেৱনৰ বাবে নিয়মীয়াভাৱে চুৰিৰ কাৰ্যত লিপ্ত হৈ আহিছে ।
তেওঁৰ স্বীকাৰোক্তি অনুসৰি, ৰে'ল বিভাগৰ লোহা, বিদ্যালয়ৰ বাচন-বৰ্তন আৰু টেণ্ট হাউছৰ সামগ্ৰী চুৰিৰ ঘটনাতো তেওঁ জড়িত ।পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰঙিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ধৃত যুৱকজনক জেৰা কৰে । এই ঘটনাই অঞ্চলটোত ড্ৰাগছৰ আসক্তি আৰু ইয়াৰ ফলত সংঘটিত অপৰাধৰ বিষয়ে গুৰুত্বপূৰ্ণ প্ৰশ্নৰ সৃষ্টি কৰিছে । স্থানীয় লোকে এনে ঘটনা ৰোধৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।
উৎস: প্ৰাগ নিউজ ডিজিটেল