ৰঙিয়াত স্থাপন হ'ব জুবিন গাৰ্গৰ সুউচ্চ প্ৰতিমূর্তি, গানৰ ডিজিটেল সংগ্রহালয়

Kakali Deka September 22, 2025

ডিজিটেল ডেস্কঃ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই বিশেষ ব্যৱস্থা হাতত লোৱাৰ কথা দেওবাৰে ঘোষণা কৰিছে। ৰঙিয়াত কালি বিধায়কগৰাকীযে সাংবাদিকৰ আগত এই সন্দৰ্ভত কয় যে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ স্বাৰ্থত ৰঙিয়া চহৰৰ মাজমজিয়াত শিল্পীগৰাকীৰ এটা সুউচ্চ প্রতিমূর্তি স্থাপন কৰা হ'ব।

লগতে শিল্পীগৰাকীৰ গীতসমূহৰ লগতে অন্যান্য সৃষ্টিৰাজিক যাতে প্ৰজন্মৰ পাছত প্রজন্মলৈ লৈ যাব পাৰি তাৰ বাবে প্রতিমূৰ্তিস্থলীৰ কাষতে গঢ়ি তোলা হ'ব এটা ডিজিটেল সংগ্রহালয়। বিধায়কগৰাকীৰ এই ঘোষণাক ৰঙিয়াৰ সৰ্বস্তৰৰ লোকে আদৰণি জনোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে ৰঙিয়াৰ বিভিন্ন প্রান্তত জুবিন গার্গে নিজৰ জীৱন কালত প্রায় ডেৰ ডজন অনুষ্ঠান পৰিৱেশন কৰি ৰাইজক বিমুগ্ধ কৰিছিল। তামুলপুৰত অষ্টম শ্ৰেণীৰ পৰা দশম শ্রেণীলৈকে পঢ়া কালত ৰঙিয়া আছিল জুবিন গাৰ্গৰ অন্যতম বিচৰণ ক্ষেত্র।

Share This