বিশ্বনাথত মন্ত্ৰী ৰণোজ পেগুৰ পঞ্চায়ত নিৰ্বাচন সম্পৰ্কত প্ৰতিক্ৰিয়া

Rashmi April 05, 2025

ডিজিটেল ডেস্কঃ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে বিশ্বনাথৰ প্ৰভাৰী হিচাপে দায়িত্ব লাভ কৰি কালি নিশা বিশ্বনাথত উপস্থিত হয় মন্ত্ৰী ৰণোজ পেগু। 

বিশ্বনাথ জিলাৰ বিজেপি কাৰ্যালয়ত উপস্থিত হৈ দলীয় কৰ্মীৰ লগত এক বৈঠকত মিলিত হয় মন্ত্ৰী গৰাকী৷ ইফালে মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত কয় যে ৰাভা হাছং স্বায়ত্ব শাসনৰ ফলাফলৰ দৰে পঞ্চায়ত নিবাৰ্চনৰ ফলাফলো ভাল হ'ব৷ বিশ্বনাথত কি হ'ব সেয়া আজিয়েই কৈ নিদিওঁ বুলি উল্লেখ কৰি মিত্ৰদলকো আসন দিয়া হ’ব , মিত্ৰদলক লৈ একেলগে নিৰ্বাচন খেলিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে৷ 

দলীয় টিকটত ৱাৰ্ড মেম্বাৰৰ নিৰ্বাচন নোহোৱাটোৱে জনসাধাৰণক এটা বেলেগ ধৰণৰ স্বাধীনতা প্ৰদান কৰিছে পঞ্চায়তৰাজ ব্যৱস্থা সাব্যস্ত কৰাৰ কাৰণে।  একাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল সম্পৰ্কত তেওঁ কয় যে দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ বাবে প্ৰস্তুতিমূলক ভাৱে একাদশ শ্ৰেণীৰ পৰীক্ষাটো হয় তাৰ বাবে ব’ৰ্ডে চেষ্টা চলাইছিল। কিন্তু প্ৰশ্নকাকত ফাদিলতো কেইখনমান বিদ্যালয়ৰ পৰাই হৈছিল। কিন্তু এতিয়া যিহেতু পঞ্চায়ত নিৰ্বাচন আৰম্ভ হ'ল গতিকে ১৫ মে’ৰ আগত পঞ্চায়ত নিৰ্বাচনৰ কাৰণে পৰীক্ষা পতা সম্ভৱ নহয় আৰু পিছত হ’লে পলম হয় যাব সেয়ে বিদ্যালয়সমূহক কৰ্তৃত্ব দিয়া হৈছে যে যিকেইটা পৰীক্ষা অনুষ্ঠিত নহ'ল সেইকেইটা পৰীক্ষাৰ নম্বৰ কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰীৰ ইউনিট টেষ্ট বা ছয়মাহিলী পৰীক্ষাৰ ওপৰত ভিত্তি কৰি নম্বৰ প্ৰদান কৰিব আৰু ছাত্ৰছাত্ৰী সকলে দ্বাদশ শ্ৰেণীত নামভৰ্তি কৰিব পাৰিব বুলি মন্তব্য কৰে মন্ত্ৰী ৰণোজ পেগুৱে ৷

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This