সাংসদ ৰকিবুল হুছেইনৰ অন্য এটা পলাতক আক্রমণকাৰী ৰছিদুল হকক গ্ৰেপ্তাৰ

dainik janambhumi April 20, 2025

ডিজিটেল ডেস্ক : নগাঁও আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা তথা সাংসদ ৰকিবুল হুছেইনক ৰূপহী নতুন বজাৰত আক্রমণ কৰা ঘটনাৰ অন্যতম অভিযুক্ত ৰছিদুল হকক শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ৰূপহীহাট থানাৰ অন্তর্গত কাৱৈমাৰীৰ সমীপৱৰ্তী পুঠিখাইতিৰ পৰা আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি দুর্ধর্ষ অপৰাধী ৰছিদুলক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰি ধৃত ৰছিদুলক কলিয়াবৰলৈ লৈ যায়। ইপিনে ৰছিদুলৰ বিৰুদ্ধে যোৱা ১০ এপ্রিলত শিঙিমাৰী উন্নয়ন খণ্ডত মাণ্ডৰমাৰী গাঁও পঞ্চায়তৰ কেইবাজনো বার্ড সদস্যৰ প্ৰাৰ্থীক মনোনয়ন-পত্র দাখিল কৰাৰ সময়ত বাধা দিয়াৰ অভিযোগ উঠিছিল। তদুপৰি উক্ত দিনা উন্নয়ন খণ্ডত ৰছিদুলে মুকলিভাৱে মাগুৰমাৰী পঞ্চায়তৰ বহু লোকক ভাবুকি দিয়াৰ অভিযোগ উঠিছিল। 

আনহাতে সম্প্রতি ৰঙাঘৰৰ আলহী হৈ থকা তথা যোৱা ১৩ এপ্রিলত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আবুল কাছেম ওৰফে কাছেম আলীৰ অন্যতম সহযোগী হিচাপে ধৃত ৰছিদুলে বিভিন্ন ধৰণৰ অপৰাধমূলক কামত লিপ্ত থকাৰ অভিযোগ উঠিছে। কাছেমক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰাই আত্মগোপন কৰিছিল ৰছিদুলে। ধৃত ৰছিদুল আৰু কাছেমৰ নেতৃত্বত এদল লোকে যোৱা ১৫ অক্টোবৰত চামগুৰি উপ শ-নির্বাচনৰ সময়ত নগাঁও-নলতলী ৰাজ্যিক ঘাইপথৰ বৰতলত কংগ্ৰেছৰ সমদলত অংশগ্ৰহণ কৰা প্ৰায় এডজন বাহনৰ ওপৰত আক্রমণ কাণ্ড সংঘটিত কৰাৰ অভিযোগ উঠিছিল। ইমানতেই ক্ষান্ত নাথাকি উপ-নিৰ্বাচনৰ সময়ত সংঘটিত হোৱা এলানি হিংসাত্মক ঘটনাৰ প্ৰায়বোৰত দুর্বৃত্ত দলৰ নেতৃত্ব কাছেম আৰু ৰছিদুলে লোৱা বুলিও অভিযোগ উঠিছিল। যোৱা উপ-নির্বাচনৰ সময়ত সাংসদ ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুদা, শিৱামণি বৰা, আব্দুৰ ৰহিম আহমেদৰ উপৰি বহু কংগ্ৰেছী নেতাৰ বিলাসী বাহন ভাঙি চূৰমাৰ কৰাৰ অভিযোগ উঠিছিল। আনহাতে যোৱা ২০ ফেব্ৰুৱাৰীত ৰূপহী নতুন বজাৰত সাংসদ ৰকিবুল হুছেইন, পুত্র তানজিল হুছেইন আৰু দুই দেহৰক্ষীক দিনৰ পোহৰত আক্ৰমণ কৰাৰ কাণ্ডৰ উপৰি সাংসদ হুছেইনৰ দেহৰক্ষীৰ ষ্টেনগান কাঢ়ি নিয়াৰ বাবে টনা-আঁজোৰাত লিপ্ত হোৱাৰ গোচৰত অন্যতম অভিযুক্ত আছিল ধৃত কাছেম আৰু ৰছিদুল। 

উক্ত কাণ্ডৰ অভিযুক্তসকলৰ নাম মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপৰি মন্ত্ৰী পীযূষ হাজৰিকাই প্ৰকাশ কৰিছিল। কিন্তু বাৰে বাৰে অপৰাধমূলক কার্যত লিপ্ত হোৱা কাছেম আৰু ৰছিদুলে লাভ কৰিছিল জামিন। এইবেলি পঞ্চায়ত নিৰ্বাচন আৰম্ভ হোৱাৰ লগে লগে পুনৰ কাছেম আৰু ৰছিদুল চামগুৰিত প্ৰাৰ্থীসকলৰ মাজত ভয় আৰু ভীতি প্রদর্শন কৰি আতংকৰ সৃষ্টি কৰাৰ উপৰি নগাঁও আৰক্ষীৰ মূৰৰ কামোৰণিত পৰিণত হৈছিল। উল্লেখযোগ্য যে চামগুৰিত ত্ৰাসৰ সৃষ্টি কৰা কাছেম আৰু ৰছিদুলৰ কেইবাটাও দুর্ধর্ষ সহযোগী এতিয়াও মুকলি আকাশৰ তলত ঘূৰি ফুৰা বুলি অভিযোগ উঠিছে। তদুপৰি ধৃত ৰছিদুল আৰু কাছেমৰ বিৰুদ্ধে ডকাইতিৰ উপৰি বিভিন্ন ধৰণৰ অপৰাধমূলক কাণ্ডত লিপ্ত থকাৰো গুৰুতৰ অভিযোগ উঠিছে।

Share This