নামনি মাজুলীত অভিলেখ সংখ্যক উৎপাদন

dainik janambhumi September 01, 2025

ডিজিটেল ডেস্ক : মাজুলী জিলাৰ নামনি মাজুলীৰ কেইগৰাকীমান উদ্যমী, উদ্যোগী আৰু কৰ্মঠ মহিলাই জৈৱিক প্ৰক্ৰিয়াৰে কেঁচুসাৰ উৎপাদন কৰি দেখুৱাইছে এক মহান আদর্শ। ২০২২ চনৰ পৰাই নামনি মাজুলীৰ ভকত চাপৰি, কৰ্দৈগুৰি, নলদুৱাৰৰ কেইগৰাকীমান উদ্যমী মহিলাই জৈৱিক সাৰ- কেঁচুসাৰ উৎপাদন কৰি স্বাৱলম্বী হৈ পৰিছে। অসম চৰকাৰৰ কৃষি বিভাগ, মাজুলী জিলাৰ আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক আৰু স্বেচ্ছাসেৱী সংগঠন 'চেষ্টা'ৰ সহযোগত নামনি মাজুলীৰ কেইগৰাকীমান বিশেষ মহিলাই কেঁচুসাৰ উৎপাদন কৰি বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। ঘৰে ঘৰে উক্ত মহিলাসকলে কেঁচুসাৰ উৎপাদন কৰা ভার্মি বেড নিৰ্মাণ কৰিছে আৰু ইখনৰ পাছত সিখন বেদত কেঁচুসাৰ উৎপাদন কৰি আছে। উক্ত, কেঁচুসাৰ উৎপাদন কৰি একপ্ৰকাৰৰ কেঁচুসাৰেৰে এক জৈৱিক বিপ্লৱৰ সূচনা কৰিছে উক্ত মহিলাসকলে। 

উক্ত, জৈৱিক বিপ্লৱৰ সূচনা কৰিছে নামনি মাজুলীৰ ভকত চাপৰিৰ পদুমণি গাঁৱৰ ৰীতা বৰা, কৰ্দৈগুৰিৰ জুনু শইকীয়া, ভীমপাৰা গাঁৱৰ মঞ্জু ফুকন, পল্লৱী ভূঞা, নীলিমা বৰা আৰু পুতু বৰা, মিলন মধুপুৰৰ পল্লৱী বৰা, মম্পী বৰা, ৰূপামণি বৰা, মদাৰগুৰিৰ জুনুমণি চেকনিধৰা, দেৱী চেকনিধৰা, মৃণালী ভৰালী, মামণি বৰা, মীনাক্ষি বৰুৱা, মণি চেকনিধৰা, ফাকুৱা গাঁৱৰ পিংকি বৰা আৰু ৰঞ্জনা টাইদে। উক্ত, মহিলাসকলে চৰকাৰে যোগান ধৰা সেউজীয়া ভার্মি বেডত ১২ৰ পৰা ১৪ কুইণ্টলকৈ আৰু ক'লা ভার্মি বেডত ৫-৬ কুইণ্টলকৈ কেঁচুসাৰ উৎপাদন কৰি আছে। মাজুলী জিলাৰ আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকৰ আগ্ৰহত পদুমণিৰ ৰীতা বৰাই ১০টাকৈ কেঁচুসাৰ উৎপাদন কৰা ভার্মি বেডত কেঁচুসাৰ উৎপাদন কৰি আছে। সেইদৰে কৰ্দৈগুৰিৰ জুনু শইকীয়াই ৩টা ভার্মি বেডত, মঞ্জু ফুকনকে আদি কৰি উল্লিখিত মহিলাসকলে ২খনকৈ ভার্মি বেডত কেঁচুসাৰ উৎপাদন কৰি আছে। উক্ত, কেঁচুসাৰ উৎপাদন কৰিবলৈ মহিলাসকলে চৰকাৰে যোগান ধৰা ভার্মি বেড ঘৰে ঘৰে সংস্থাপিত কৰিছে। এঢলীয়াকৈ এখন চাং বনাই তাত কেঁচুসাৰ উৎপাদন কৰা ভার্মি বেড সংস্থাপিত কৰিছে। উক্ত, ভার্মি বেডত গোবৰ-জাবৰ জমা কৰি দুমাহ ৰাখে। গোবৰ-জাবৰবোৰ পচি যোৱাৰ পাছত উন্নতমানৰ কেঁচু তাত এৰি দিয়ে। যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ পৰা অনা উন্নতমানৰ 'আৰ্চেনিক ফৰিডা' নামৰ কেঁচু এৰি দিয়ে আৰু দুমাহৰ পাছত সেই কেঁচুৱে সাৰ উৎপাদন কৰে। 

আৰ্চেনিক ফৰিডা নামৰ কেঁচু এৰাৰ দুমাহৰ পাছতে সেই কেঁচুৱে সাৰ উৎপাদন কৰে আৰু ভার্মি বেডৰ ওপৰলৈ চাহপাতৰ দৰে গুড়ি গুড়ি হৈ কেঁচুৱে ওপৰলৈ ঠেলি দিয়ে। মিহি চাহপাতৰ দৰে গুড়িবোৰ মহিলাসকলে সংগ্ৰহ কৰি আৰু পলিথিনৰ পেকেটত পেকেজিং কৰে। পাঁচ কিল'গ্রামকৈ পেকেজিং কৰি মহিলাসকলে ব্যৱসায়ৰ বাবে এৰি দিয়ে। দৰৰ হ্রাস-বৃদ্ধিৰ বাবে মহিলাসকলে উক্ত কেঁচুসাৰ সংৰক্ষিত কৰিও ৰাখে। উক্ত, কেঁচুসাৰ উৎপাদনৰ বাবে মাজুলী জিলা আয়ুক্তই উক্ত মহিলাসকলক মেটেকাৰ যোগান ধৰি উৎসাহিত কৰি তুলিছে। টুনী নদীৰ পৰা মেটেকা যোগান ধৰি জিলা আয়ুক্তজনে কেঁচুসাৰ উৎপাদন কৰা মহিলাসকলক বিশেষভাৱে সহায় কৰিছে। বৰ্তমান প্রতিকিল'গ্রাম কেঁচুসাৰত ১৭ টকাকৈ বিক্ৰী কৰি মহিলাসকল স্বাৱলম্বী হৈ পৰিছে। উক্ত, মহিলাসকলৰ মাজত ৰীতা বৰাই বর্তমানলৈকে ৬০ কুইন্টল কেঁচুসাৰ বিক্ৰী কৰিছে। সেইদৰে, মঞ্জু ফুকনে ২২ কুইণ্টল, মণি চেকনিধৰাই ১০ কুইণ্টল, মম্পী বৰাই ৮ কুইণ্টল, পিংকি বৰাই ৭ কুইণ্টল পর্যন্ত কেঁচুসাৰ বিক্ৰী কৰি লাভৱান্বিত হৈছে। বর্তমান, কেঁচুসাৰ উৎপাদনক এক বৃত্তি হিচাপে গ্রহণ কৰা মহিলাসকলে আন মহিলাসকলকো উৎসাহিত কৰিছে। উক্ত, মহিলাসকল স্বাৱলম্বী হৈ পৰাত মাজুলীৰ আন মহিলাসকলো কেঁচুসাৰ উৎপাদনৰ প্ৰতি আকৃষ্ট হৈ পৰিছে। নামনি মাজুলীত উক্ত জৈৱিক সাৰ মহিলাসকলে উৎপাদন কৰি অভিলেখ সৃষ্টি কৰিছে। বর্তমান ১০০ কুইন্টলতকৈ অধিক জৈৱিক কেঁচুসাৰ মহিলাসকলৰ মাজত জমা আছে বুলি এগৰাকী উৎপাদনকাৰী মঞ্জু ফুকনে জানিবলৈ দিছে।

Share This