নিয়মিত স্বাস্থ্য পৰীক্ষাৰে উপকৃত হ'ব চাহ বাগিচাৰ জনগণ

dainik janambhumi January 09, 2026

ডিজিটেল ডেস্ক : চাহ বাগিচাত বসবাস কৰা জনগণৰ স্বাস্থ্য সুৰক্ষিত কৰাৰ লগতে সুলভ আৰু গুণগত মানসম্পন্ন স্বাস্থ্য সেৱা প্ৰদানৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ৰূপায়ণ কৰা এক গুৰুত্বপূৰ্ণ আৰু অভিলাষী আঁচনি হৈছে 'স্বাস্থ্যৱান শ্রমিক যোজনা'। এই আঁচনিখনৰ জৰিয়তে চাহ শ্রমিকসকলৰ দৈনন্দিন জীৱনৰ সৈতে জড়িত বিভিন্ন স্বাস্থ্য সমস্যাসমূহ আগতীয়াকৈ চিনাক্ত কৰি নিয়মিত স্বাস্থ্য পৰীক্ষাৰ মাধ্যমেৰে উপযুক্ত চিকিৎসা সেৱা প্ৰদানৰ এক শক্তিশালী ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। কালি এই আঁচনিখনৰ জিলা পৰ্যায়ৰ শুভাৰম্ভণি উপলক্ষে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি চাহ বাগিচাৰ প্রাংগণত এক ভব্য, সু-সংগঠিত আৰু অর্থপূর্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। 

অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে 'স্বাস্থ্যৱান শ্রমিক যোজনা'ৰ শুভ উদ্বোধন কৰে। উদ্বোধনী ভাষণত মাননীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে চাহ শ্ৰমিকসকলৰ সুস্বাস্থ্য নিশ্চিতকৰণ কেৱল এখন আঁচনিৰ মাজতেই সীমাবদ্ধ নহয়, বৰং ই ৰাজ্যৰ সামগ্রিক উন্নয়ন, উৎপাদনক্ষমতা আৰু সামাজিক সুস্থতাৰ সৈতে গভীৰভাৱে জড়িত। এই আঁচনিখনে নিয়মিত স্বাস্থ্য পৰীক্ষাৰ জৰিয়তে চাহ বাগিচাৰ জনগণক উপকৃত কৰি এক সুস্থ আৰু সচেতন জীৱনশৈলী গঢ়ি তোলাত সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে। চাহ বাগিচাৰ জনসাধাৰণৰ সর্বাংগীণ সুস্বাস্থ্য নিশ্চিত কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা আঁচনিখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত আৰু সচিব ডাঃ পি অশোক বাবু, ঢেকীয়াজুলি সমজিলাৰ আয়ুক্ত দ্যোতিভা বৰা, যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ বিমান শৰ্মা, মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ প্রদীপ নাথ। ইয়াৰ উপৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ জ্যেষ্ঠ পুষ্টি পৰামৰ্শদাতা শ্বেতা হিমতসিংকা, ৰাজ্যিক পৰামৰ্শদাতা জয়দীপ ৰয়, কাৰ্যসূচীৰ কাৰ্যনিৰ্বাহী (মাতৃ স্বাস্থ্য) বিদুৎপ্রভা বৈশ্য, মনোৰোগ বিশেষজ্ঞ ডাঃ শান্তনু সিং, ঢেকীয়াজুলি চাহ বাগিচাৰ সহকাৰী সঞ্চালক, সংশ্লিষ্ট চিকিৎসা বিষয়া, শোণিতপুৰ জিলা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিভিন্ন বিষয়াসকল আৰু স্বাস্থ্য বিভাগৰ বিষয়া-কর্মচাৰীসকল উপস্থিত থাকে। 

অনুষ্ঠানত উপস্থিত সকলোৱে আঁচনিখনৰ উদ্দেশ্য, ৰূপায়ণ পদ্ধতি আৰু চাহ শ্রমিক সমাজৰ সুস্বাস্থ্য নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্বপূর্ণ বক্তব্য দাঙি ধৰে। লগতে জিলা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনস্থ বিষয়াসকল, খণ্ড পৰ্যায়ৰ স্বাস্থ্য কর্মী, ঢেকীয়াজুলি চাহ বাগিচা তথা দাঁতি-কাষৰীয়া বিভিন্ন চাহ বাগিচাৰ বাসিন্দা, স্থানীয় ৰাইজৰ ব্যাপক আৰু সক্রিয় উপস্থিতিয়ে অনুষ্ঠানটোক অধিক জীৱন্ত আৰু তাৎপৰ্যপূৰ্ণ কৰি তোলে। এই আঁচনিখনৰ ৰূপায়ণৰ জৰিয়তে চাহ বাগিচাৰ শ্রমিক সমাজৰ মাজত স্বাস্থ্য সচেতনতা বৃদ্ধি পোৱাৰ লগতে এক সুস্থ, সচেতন আৰু অধিক উৎপাদনক্ষম সমাজ গঢ়ি উঠিব বুলি সকলো অংশগ্রহণকাৰীয়ে আশা ব্যক্ত কৰে।

Share This