চাউল-দাইল-আটাৰ দাম ১০ টকা পর্যন্ত বৃদ্ধি

dainik janambhumi August 24, 2025

ডিজিটেল ডেস্কঃ সাধাৰণ ৰাইজৰ মূৰত পুনৰ আন এক মাধমাৰ। বিজেপি চৰকাৰৰ দিনত পুনৰ বৃদ্ধি পালে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম। চাউল, দাইল, মিঠাতেলকে ধৰি বহু সামগ্ৰীৰ দাম বৃদ্ধিত এতিয়া জনতাৰ মূৰত সৰগ ভাগি পৰিছে।

 মাত্ৰ পোন্ধৰ দিনৰ ভিতৰতে প্রতি কিল'গ্রাম চাউলত ৫-১০ টকা, প্রতি কিল'গ্রাম দাইলত ৫-১০ টকা, প্রতি কিল'গ্রাম আটা, ময়দাত ১০ টকা পর্যন্ত দাম বৃদ্ধি পাইছে। 

আনহাতে, সকলোতকৈ অধিক দাম বৃদ্ধি পাইছে মিঠাতেলত। প্রতি লিটাৰ মিঠাতেলৰ দাম ১৫-২০ টকা পর্যন্ত বৃদ্ধি পাইছে। আনকি পিঁয়াজৰ দামো আজিৰ পৰা প্ৰতি কিল'গ্রামত ৪৫ টকালৈ বৃদ্ধি পাইছে। এগৰাকী বিক্রেতাই প্ৰকাশ কৰা মতে, প্রতি দিনেই কোনো নহয় কোনো এবিধ খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি পাইছে। বিশেষকৈ চাউলৰ দাম বৃদ্ধিয়ে ৰাইজক মাধমাৰ শোধাইছে। আনকি উখোৱা চাউলৰ দামো এতিয়া প্রতি কিল'গ্রামত ৪০ টকাৰ অধিক হৈছেগৈ। একেদৰে অধিক প্রচলিত ধাৰা মিঠাতেলৰ দামো ১৬০ টকাৰ পৰা গৈ যোৱা দুটা মাহৰ ভিতৰতে ১৯৫ টকা হৈছেগৈ। ইঞ্জিন ব্ৰেণ্ডৰ মিঠাতেলৰ দামো প্রতি লিটাৰত ১৯০ টকাৰ পৰা ২২০ টকালৈ বৃদ্ধি পাইছে। 

মন কৰিব লগীয়া কথা যে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিৰ জুয়ে দহিছে ৰাজ্যৰ সাধাৰণ গ্রাহকহে। ক'বলৈ গ'লে নিয়ন্ত্রণহীন-অৰাজক বজাৰত দিশহাৰা হৈ পৰিছে খাটি খোৱা জনতা। বজাৰত প্ৰৱেশ কৰাৰ পূৰ্বে হাজাৰবাৰ ভাবিবলগীয়া হৈছে গ্রাহকে। ৰাজ্যত নামত এটা যোগান বিভাগ আছে যদিও কার্যত অস্তিত্বহীন এই বিয়াগোম বিভাগটো। অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অভাৱ পূৰণ কৰিবলৈ মূৰে-কপালে হাত দিবলগীয়া হৈছে সৰ্বসাধাৰণে। 

ইফালে মন্ত্রী-বিধায়ক সকলো এতিয়া ব্যস্ত হৈ পৰিছে ভোটক লৈ। সাম্প্রদায়িক ৰাজনীতি, টুলুঙা মুখচুপতিৰে ৰাজ্যৰ পৰিৱেশ গৰম হৈ পৰিছে। যাৰ ফলত ৰাইজৰ মাজত চৰ্চা হৈছে যে চামুচেৰে দি বেলচাৰে নিয়া এইখন চৰকাৰে মাথোঁ জনতাক শোষণ কৰিব জানে। ৰাইজৰ দুখ-দুর্দশা বুজি নাপায়।

Share This