লুৰীণজ্যোতি গগৈৰ বিৰুদ্ধেও মানহানি গোচৰ

dainik janambhumi October 14, 2025

ডিজিটেল ডেস্ক : ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ পাছত এইবাৰ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ গোচৰ ৰুজু কৰিছে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাই। উল্লেখযোগ্য যে ২৬ ছেপ্টেম্বৰত জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে ৰিণিকি ভূঞা শৰ্মাৰ অনুষ্ঠান 'গ'ল্ডেন থেড অব্ আছামে' ছিংগাপুৰত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট ফেষ্টিভেলৰ ফেশ্বন শ্ব'ত অংশগ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল। 

কালি আদালতত গোচৰ ৰুজু কৰাৰ পাছত ৰিণিকি ভূঞা শৰ্মাৰ হৈ অধিবক্তা কিশোৰ দত্তই কয় যে জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে উত্থাপন কৰা অভিযোগ সম্পূর্ণ ভিত্তিহীন, অসত্য। ছিংগাপুৰত অনুষ্ঠিত নর্থ ইষ্ট ফেষ্টিভেলৰ সৈতে 'গ'ল্ডেন থেড অব্ আছাম'ৰ কোনো সম্পর্ক নাই। কিন্তু এই সকলোবোৰ কথা জানি-শুনিও জাতীয় পৰিষদে ৰিণিকি ভূঞা শর্মাক বদনাম কৰাৰ বাবেই এনে অসত্য কথা প্ৰচাৰ কৰিছিল। এই মানহানি গোচৰটোৰ শুনানি অহা ৩০ অক্টোবৰত কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়াধীশৰ আদালতত অনুষ্ঠিত হ'ব বুলিও কয় অধিবক্তাগৰাকীয়ে। 

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে একেই অভিযোগত যোৱা ৮ অক্টোবৰত ৰিণিকি ভূঞা শৰ্মাই ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধেও মানহানিৰ গোচৰ ৰুজু কৰিছিল। এনে পৰিস্থিতিত অনাগত দিনত এই দুয়োগৰাকী ৰাজনৈতিক নেতাৰ বিৰুদ্ধে ৰুজু কৰা মানহানি গোচৰৰ সন্দৰ্ভত আদালতে কি ৰায় দিয়ে, সেয়াহে হ'ব লক্ষণীয়।

Share This