ডিজিটেল ডেস্ক : ধিঙত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিশা সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাত দাউদাউকৈ জ্বলি ছাৰখাৰ হ'ল এখন বিলাসী বাহন।
ঘটনাটো যোৱা নিশা প্ৰায় ১১ বজাত ধিং-মৈৰাবাৰী গড়কাপ্পটানী পথৰ ধিং চাৰিআলিত সংঘটিত হয়। জানিব পৰা মতে, AS 02 AG 6649 নম্বৰৰ TATA ALTROZ বাহনখন পথৰ কাষত ৰখাই থোৱা অৱস্থাত সেই সময়তে বিপৰীত দিশৰ পৰা আহি থকা AS 01 GH 3612 নম্বৰৰ HYUNDAI কোম্পানীৰ এখন তীব্ৰবেগী বাহনে সন্মুখৰ পৰা খুন্দা মাৰে ৰখাই থোৱা বাহনখনত ।
তীব্ৰ গতিত খুন্দা মৰাৰ ফলত লগে লগে ALTROZ বাহনখনৰ ইঞ্জিনত দাউদাউকৈ জ্বলি উঠে জুই ।খন্তেকৰ ভিতৰতে সম্পূৰ্ণভাবে জ্বলি ছাৰখাৰ হৈ পৰে বিলাসী বাহনখন। অৱশেষত ধিং আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হোৱাৰ লগতে দুয়োখন বাহন জব্দ কৰি থানালৈ লৈ যায় । সৌভাগ্যবশতঃ এই ভয়ংকৰ পথ দুৰ্ঘটনাত কোনো লোকৰ ক্ষয়-ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে।
উৎস : প্ৰাগ নিউজ ডিজিটেল