ডিজিটেল ডেস্কঃ ক্ষেত্ৰীৰ ৰাজপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। কিনকিনীয়া বৰষুণৰ মাজতে অতি ভয়ংকৰ পথ দুৰ্ঘটনাই কঁপাই গ'ল ক্ষেত্ৰী। গুৱাহাটীৰ সমীপৰ ক্ষেত্ৰীত S-Cross বাহনে নিয়ন্ত্ৰণ হেৰুৱাই গছত প্ৰচণ্ড জোৰে খুন্দা মাৰে। এই দুৰ্ঘটনাত এহাল পতি-পত্নীয়ে থিতাতে মৃত্যুক সাবটি লয়।
দুৰ্ঘটনাটোত তেওঁলোকৰ কিশোৰী কন্যা গুৰুতৰভাৱে আহত হৈছে। আহত কিশোৰীগৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
দ্ৰুতবেগী S-Cross বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে পথৰ ডিভাইডাৰত থকা গছত। ইয়াৰ ফলতে গাৰ নোম শিয়ৰি যোৱা দুৰ্ঘটনাটো সংঘটিত হয়।
দুৰ্ঘটনাত পতিত বাহনখনৰ নম্বৰ AS 01 ET 2351। গুৱাহাটীৰ পৰা জাগীৰোড অভিমুখী আছিল বাহনখন। নিহত লোকজন ৰহা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ গজেন্দ্ৰ মোহন দেৱ শৰ্মা বুলি জানিব পৰা গৈছে। গজেন্দ্ৰ মোহন দেৱ শৰ্মাই চলাই গৈছিল বাহনখন, আনফালে সন্মুখৰ ছীটত বহি আছিল তেওঁৰ পত্নী অৰ্চনা শৰ্মা।
দুৰ্ঘটনাৰ খবৰ পোৱা মাত্ৰকে ক্ষেত্ৰী যান-বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আহত ৮ বছৰীয়া কন্যাক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
দুৰ্ঘটনা ইমানে ভয়ংকৰ আছিল যে গাড়ীখন সম্পূৰ্ণভাৱে চূৰ্ণ-বিচূৰ্ণ হৈ পৰে। বিধ্বস্ত হৈ যোৱা বাহনৰ মাজতে আবদ্ধ হৈ আছিল দুয়ো পতি-পত্নীৰ মৃতদেহ। আনকি ঘটনাস্থলীত আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই মৃতদেহ।
জে চি বিয়ে তুলি নিছে দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন। পৰৱৰ্তী সময়ত আৰক্ষীয়ে দুৰ্ঘটনাত পতিত বাহনখন ক্ষেত্ৰী থানালৈ লৈ যায় আৰু ক্ষেত্ৰী থানাত এতিয়া চলি আছে মৃতদেহ উদ্ধাৰ কৰাৰ অভিযান।
উৎস : প্ৰাগ নিউজ ডিজিটেল