কলগাছিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; গুৰুতৰভাৱে আহত বাইক আৰোহী

Rashmi February 05, 2026

ডিজিটেল ডেস্ক : কলগাছিয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন বাইক আৰোহী। সংকটজনক অৱস্থাত কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি। বাইক আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। 

দুৰ্ঘটনা সংঘটিত কৰিয়েই চালকৰ পলায়ন। উল্লেখযোগ্য যে কলগাছিয়াৰ পৰা সৰভোগলৈ যোৱা গড়কাপ্টানী পথত IRM স্কুলৰ সন্মুখত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো। 

জানিব পৰা মতে, সৰভোগৰ পৰা আহি থকা অৱস্থাত AS 15 C 7795 নম্বৰৰ মালভৰ্তি চাৰিচকীয়া বাহনখনে IRM স্কুলৰ সন্মুখত অহাৰ লগে লগে মকিবুল ইছলাম নামৰ এজন যুৱকৰ বাইকত মুখামুখি খুন্দা মাৰে। ফলত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা। 

দুৰ্ঘটনা সংঘটিত কৰিয়েই চাৰিচকীয়া বাহনৰ চালকজনে পলায়ন কৰে। ইতিমধ্যে আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত কৰিছে ৷


প্ৰাগ নিউজ ডিজিটেল

Share This