ডিজিটেল ডেস্ক : আজি পুৱতি নিশা মৰিগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শিলচাঙত সংঘটিত হয় এক শিহৰণকাৰী পথ দূৰ্ঘটনা। AS-01EW-6546 নম্বৰৰ তীব্ৰবেগী এখন বিলাসী বাহনখনে নিৰন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মৰাৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনাটো। বাহনখনত থকা পাঁচজন লোকৰ তিনিজনৰ ইতিমধ্যে মৃত্যু হয়। নিহত হোৱা ব্যক্তি তিনিজন ক্ৰমে ডাঃ কণ্ঠেশ্বৰ বৰদলৈ, আশ্বিক হুছেইন আৰু মানস মহন্ত। ডাঃ কণ্ঠেশ্বৰ বৰদলৈ মৰিগাঁও চিভিল হস্পিটেলৰ চিকিৎসক হিচাপে কৰ্মৰত আছিল। এটা পথ দুৰ্ঘটনাত নিমিষতে অন্ধকাৰ নামি আহিল তিনিওটা পৰিয়াললৈ। হেৰাই গ'ল সাঁচি থোৱা সকলো সপোন।
উল্লেখযোগ্য যে ১০ ঘন্টাত ২১টা সন্তান প্ৰসৱ কৰাই বিশেষ চৰ্চালৈ আহিছিল ডাঃ কণ্ঠেশ্বৰ বৰদলৈ।
পথাৰত হাল বাই খেতি কৰি স্কুলীয়া শিক্ষা গ্ৰহণ কৰা ডাঃ কণ্ঠেশ্বৰ বৰদলৈ আছিল মাটিৰ মানুহ। মৰিগাঁৱৰ গছৰ গুৰিৰ সন্তান আছিল কণ্ঠেশ্বৰ বৰদলৈ। পিতৃ-মাতৃৰ লগতে এটি ৩ বছৰীয়া সন্তান আৰু পত্নীৰ সৈতে বৰদলৈৰ আছিল এটা সুখী পৰিয়াল। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস। অকালতে হেৰাই গ'ল সেই সুখবোৰ। অজান দেশলৈ গুচি গ'ল ডাঃ কণ্ঠেশ্বৰ বৰদলৈ। বৰদলৈৰ মৃতদেহত অন্তিম শ্ৰদ্ধাঞ্জলি জনাই আৱেগিক হৈ পৰে দল-সংগঠনবোৰ। প্ৰাণৰ ধনক হেৰুৱাই গছৰগুৰিত সৃষ্টি হোৱা শোকাকুল পৰিৱেশে সকলোকে মৰ্মাহত কৰি তুলিছে।