নৱগঠিত ছমৰীয়া সমষ্টিৰ বাট-পথ বিধ্বস্ত

dainik janambhumi March 13, 2026

ডিজিটেল ডেস্ক : দেশে স্বাধীনতা লাভ কৰাৰ ৭৮ বছৰৰ পাছতো কামৰূপ জিলাৰ নৱগঠিত ছমৰীয়া সমষ্টিৰ অন্তৰ্গত কেইবাটাও মূল পথৰ বিধ্বস্ত ৰূপে যাতায়াতৰ ক্ষেত্রত জলা-কলা খুৱাইছে হাজাৰ হাজাৰ লোকক। 

সমষ্টিটোৰ বিশেষকৈ ছমৰীয়া উন্নয়ন খণ্ডৰ এলেকাধীন গ্রামাঞ্চলৰ অধিকাংশ মূল পথৰ অৱস্থা যথেষ্ট শোচনীয় হৈ পৰাৰ পাছতো জনপ্রতিনিধি, চৰকাৰৰ লগতে লোকনির্মাণ বিভাগে গুৰুত্ব নিদিয়াত ৰাইজে যাতায়াতৰ ক্ষেত্রত দুর্ভোগ ভুগি অহা পৰিলক্ষিত হৈছে। ভখুৰাদিয়াৰ পৰা উত্তৰ ৰাংগাপানী হৈ সোণতলী সংযোগী পথটো সমষ্টিটোৰ অন্যতম মূল পথ যদিও পথটোৰ অৱস্থা অতিকৈ শোচনীয়। পথটোৰে যান-বাহন চলাচল কৰাটো দূৰৈৰ কথা, খোজকাঢ়ি যোৱাটোও কষ্টকৰ। 

ৰাইজে সমষ্টিটোৰ লোকসকলৰ যাতায়াতৰ একমাত্র পথটো মেৰামতি অথবা পুনঃনিৰ্মাণ কৰিবলৈ বাৰম্বাৰ অনুৰোধ কৰিও সুফল পোৱা নাই। অঞ্চলটোৰ পাহাৰপাৰাৰ পৰা কদমতল হৈ বংগেশ্বৰী ঈদগাহ সংযোগী আৰু পাহাৰপাৰাৰ পৰা ভখুৰাদিয়াৰ বি পি হাইস্কুল হৈ চিৰাজ মৌলবীৰ ঘৰৰ কাষেৰে কাছুমাৰা সংযোগী পথটোৱেও বিধ্বস্ত ৰূপ লোৱাত সর্বসাধাৰণ লোকৰ যাতায়াত কষ্টকৰ হৈ পৰিছে।

টুপামাৰীৰ পৰা বদলা হৈ সোণতলীলৈ যোৱা পথ, টুপামাৰী বজাৰৰ পৰা ৰংগেশ্বৰী গাঁও হৈ বংগেশ্বৰীপাম জনতা বজাৰ আৰু ৩নং মালিবাৰীৰ পৰা ছমৰীয়া সংযোগী পথৰো অৱস্থাও তথৈবচ। তদুপৰি টাঙোনমাৰী বজাৰৰ পৰা ৰাংগাপানীলৈ যোৱা বিধ্বস্ত পথৰে সম্প্রতি যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে। একেদৰে সমষ্টিটোৰ নতুন মালিবাৰী বজাৰৰ পৰা দুৰামাৰীলৈ যোৱা পথটোৰে খোজকাঢ়ি যোৱাটোও বিপজ্জনক হৈ পৰিছে। তদুপৰি বকোৰ বৃহত্তৰ বৰুৱা বলিঝাৰ অঞ্চলৰ পথৰ অৱস্থা অতি শোচনীয়। অঞ্চলটোৰ বালিঝাৰ-কাৰিগাঁও সংযোগী পথ, তাৰাবাৰী-ছমৰীয়া সংযোগী পথৰ বিধ্বস্ত অৱস্থাত ৰাইজে যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিবলগীয়া হৈছে। তদুপৰি বৰুৱা বালিঝাৰ বজাৰৰ পৰা শিংৰাবড়ী হৈ মালিবাৰীলৈ যোৱা ১২ কিল'মিটাৰ দীর্ঘদিন ধৰি মেৰামতি নকৰাৰ ফলত পথৰ মাজত প্রকাণ্ড গাঁতৰ সৃষ্টি হৈছে। ফলত মটৰচাইকেল অথবা চাইকেল চলোৱাতো কঠিন হৈ পৰিছে। 

মুঠৰ ওপৰত ছমৰীয়া সমষ্টিৰ সোণতলী, টুপামৰী আৰু মাহতলী জিলা পৰিষদৰ উল্লিখিত মূল পথসমূহৰ বিধ্বস্ত ৰূপে সৰ্বসাধাৰণ লোকক জলা-কলা খুওৱাৰ উপৰি অঞ্চলটোৰ সৰু সৰু বাট-পথৰ অৱস্থা অধিক শোচনীয় হৈ পৰিছে। মালিবাৰী, জাওকাটা, জাওকাটাদিয়া, ডেকাচাং, দুৰামাৰী, ভখুৰাদিয়া, দলা, ৰাংগাপানী, টুপামাৰী, ৰংগেশ্বৰী, সোণতলী, কালাতলী আদিকে ধৰি সমষ্টিটোৰ প্রধান অঞ্চলসমূহক সংযোগ কৰা প্রায়সমূহ গ্রাম্য বাট-পথ বিধ্বস্ত হৈ পৰিছে। তদুপৰি বাৰিষা কালৰ প্রায় ছমাহে অঞ্চলসমূহলৈ নাহে কোনো এম্বুলেঞ্চ সেৱা। যাৰ বাবে ৰোগী, গর্ভবতী আৰু প্রসূতি মহিলাসকলক ঠেলা অথবা সাঙীৰে চিকিৎসালয়লৈ নিব লগীয়া হয়। 

বছৰ বছৰে বহু আশা-প্রত্যাশাৰে জনপ্রতিনিধি নির্বাচিত কৰি আহিলেও পৰৱৰ্তী সময়ত নির্বাচিত জনপ্রতিনিধিসকলে বাট-পথ আৰু দলঙৰ উন্নয়নৰ নামত উক্ত অঞ্চলসমূহক পিঠি দি অহাৰ অভিযোগ দীর্ঘদিনীয়া। মূলতঃ জনপ্রতিনিধিসকলে বৃহত্তৰ অঞ্চলটোৰ লোকক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে বুলি একাংশ সচেতন নাগৰিকে ক'ব খোজে। ৰাইজে চৰকাৰ, প্রশাসন, বিভাগীয় কর্তৃপক্ষ, জনপ্রতিনিধি আদি সকলো পক্ষকে শীঘ্রে উল্লিখিত অঞ্চলসমূহৰ যাতায়াতৰ দীর্ঘদিনীয়া সমস্যা দূৰ কৰিবলৈ দাবী জনাইছে।

Share This