ডিজিটেল ডেস্কঃ মহানগৰীৰ এখন বিয়া ঘৰত ডকাইতিৰ চেষ্টা ৷ জাপৰিগোগ ডলফিন ৰ'ডৰ কুঞ্জ দাস পথৰ হাউছ নং৩ ত চাৰিজনীয়া ডকাইতৰ তাণ্ডৱ ৷
দুখন বাইকত চাৰিজনীয়া ডকাইটিৰ দলটো আহিছিল মুখত ক'লা কাপোৰ বান্ধি ৷ দৰা প্ৰৱণ চৌধুৰীয়ে পাথৰকোৱেৰীৰ পৰা কইনা আনিবলৈ ওলাই যোৱাৰ পাছতেই সংঘটিত হয় এই ঘটনা ৷
সৌভাগ্যক্ৰমে ডকাইতৰ দলটোৱে কোনো ধৰণৰ সামগ্ৰী নিব নোৱাৰিলে ৷ গে'ট বন্ধ কৰি গ্ৰীলত তলা লগোৱাৰ বাবে ব্যৰ্থ হ'ল ডকাইতৰ গেঙটো ৷
ঘটনা সংঘটিত হোৱা সময়ত দৰা ঘৰত উপস্থিত নাছিল কোনো পুৰুষ ৷ দৰাৰ মাতৃকে প্ৰমুখ্যে কেইগৰাকীমান আত্মীয় উপস্থিত আছিল সেই সময়ত ৷ ঘটনা সংঘটিত হোৱা স্থানত নিশাই দিছপুৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিলে প্ৰাথমিক তদন্ত৷ সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ৷
মহানগৰীৰ জাপৰিগোগ অঞ্চলত প্ৰায়ে ডকাইতি, চুৰি-কাণ্ড, চেইন চুৰি-কাণ্ড সংঘটিত হৈ থাকে। আজিলৈকে আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই ।
কালি বিয়া ঘৰৰ ডকাইতি-কাণ্ডত এতিয়ালৈকে আৰক্ষী ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই ৷ জাপৰিগোগৰ ডলফিন পথৰ নিজা বাসগৃহৰ পৰা আশীৰ্বাদ লৈ ওলাই গৈছিল দৰা পৱন চৌধুৰী।
পাথৰকোৱেৰীৰ পৰা কইনা আনিবলৈ বৰযাত্ৰী ওলাই যোৱাৰ পিছতে প্ৰৱেশ কৰিছিল ডকাইতৰ দল। ১০-৩০ বজাত দৰা ওলাই গৈছিল, ৪ জনীয়া ডকাইতৰ দলটো প্ৰৱেশ কৰিছিল প্ৰায় ১১-৪৫ত।
গে'টৰ ওপৰেৰে পাৰ হৈ আহি গ্ৰীলত ৰডেৰে মৰিয়াইছিল ডকাইতকেইটাই। পাথৰকোৱেৰীৰ বিবাহ ভৱনত সেই সময়ত চলি আছিল বিবাহৰ নিয়ম।
আনহাতে শংকিত হৈ দৰাৰ মাতৃৰ লগতে আন মহিলাসকলে ফ'ন কৰে বৰযাত্ৰীসকলক। খবৰ লাভ কৰাৰ লগে লগে দৰাৰ সম্বন্ধীয়সকল দুখন গাড়ীৰে ততাতয়াকৈ ওলাই আহে ঘৰ অভিমুখে ৷
আনফালে ডকাইতৰ ভয়ত বিয়া ঘৰত থকা মহিলাসকলৰ মাজত সৃষ্টি হৈছিল এক অবৰ্ণনীয় পৰিৱেশ ৷ কন্দা-কটা কৰাৰ লগতে হুৱা-দুৱা লাগিছিল তেওঁলোকৰ মাজত।
আনহাতে ঘৰ অভিমুখী দলটোক হেঙেৰাবাৰীত বাৰে বাৰে আগবঢ়াত বাধা দিছিল এখন বাহনে। বগা ৰঙৰ বাহন এখনৰ লগত ডকাইতৰ দলটোৰ সংযোগ থকাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকসকলে।
উৎস: প্ৰাগ নিউজ ডিজিটেল