হৰণলুকী হৈছে দান দিয়া ধন, জুবিন ক্ষেত্ৰ তদাৰক কমিটীৰ অভিযোগ

dainik janambhumi November 23, 2025

ডিজিটেল ডেস্ক : প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিহীন দুমাহ অতিক্রম হোৱাৰ পাছতো জুবিন ক্ষেত্ৰত আজিও শ শ অনুৰাগীৰ ভিৰ। এই অনুৰাগীসকলে মৰমৰ জুবিনলৈ বিভিন্ন ধৰণৰ উপহাৰ প্ৰদান কৰাৰ লগতে প্ৰাণৰ শিল্পীগৰাকীলৈ ধনো প্রার্থনাস্থলীত প্রদান কৰে। ইপিনে এই সমগ্র জুবিন ক্ষেত্ৰখনৰ নির্মাণ কমিটী ইতিমধ্যে গঠন কৰা হৈছে আৰু সেই লোকসকলৰ তদাৰকৰ ভিত্তিত নিৰ্মাণৰ কাম সুন্দৰভাৱে চলি আছে। উল্লেখযোগ্য যে এই জুবিন ক্ষেত্ৰতে প্ৰাণৰ শিল্পীগৰাকীক ন ন নবীন-প্রবীণ কণ্ঠশিল্পীসকলেও আহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি জনোৱাৰ লগতে তাত দিনে-নিশাই নিয়োজিত তথা চাফ- চিকুণকে ধৰি তদাৰক কৰি থকা ছগৰাকী পুৰুষ তথা মহিলাক বিশিষ্ট কণ্ঠশিল্পী মানস ৰবীনে নগদ ১০ হাজাৰ টকাকৈ সাহায্য প্রদান কৰিছিল ক্রমে প্রশান্ত বৰদলৈ, সীমা বণিয়া, দয়ালী দেউৰী, অজয় তালুকদাৰ, বিনিতা দাস আৰু ভৃগু কুমাৰ ঠাকুৰীয়াক। ইতিমধ্যে এইকেইজন কৰ্মীৰ উপৰি আন আন কর্মীসকলেও স্ব-ইচ্ছাই জুবিন ক্ষেত্রত দিনে-নিশাই কাম কৰি আছে যদিও তেওঁলোক এই সাহায্য পোৱাৰ পৰা বঞ্চিত হোৱা বুলি এক অভিযোগ তুলি বর্তমানৰ জুবিন ক্ষেত্ৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা তথা তদাৰক সমিতিয়ে এই সাহায্য পোৱা লোকসকলক দুর্ব্যৱহাৰ কৰা বুলি এক অভিযোগ তুলি গৰীমা শইকীয়া গাৰ্গক অৱগত কৰায়। 

ইতিমধ্যে এই সমগ্র ঘটনাটোক লৈ সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰিত হয়। এই ক্ষেত্রত কালি জুবিন ক্ষেত্ৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা তথা তদাৰক কমিটীয়ে এই সমগ্র ঘটনাৰ বিৱৰণ দাঙি ধৰে। জানিব পৰা মতে এই সাহায্য পোৱা কৰ্মীসকলক দুর্ব্যৱহাৰ তথা ভয়-ভাবুকি প্রদান কৰাৰ অভিযোগ নস্যাৎ কৰি বিশিষ্ট কণ্ঠশিল্পী মানস ৰবীনে আন স্থানীয় মহিলাসকলেও পোৱা উচিত বুলিহে কৈছিল জুবিন ক্ষেত্ৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা তথা তদাৰক কমিটীৰ সভাপতি দেবেন দাস, সম্পাদক অৰুণ টেৰং, টিলক চন্দ্ৰ দাস, নাৰায়ণ দাস, কৌশিক ৰংপি, দিলীপ গগৈয়ে। আনহাতে এই জুবিন ক্ষেত্রখন সকলোৰে বাবে মুকলি, ইয়াত সকলো জনগোষ্ঠীয়েই আহি প্ৰাণৰ শিল্পীগৰাকীৰ স্থলীখন পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰাখিব পাৰে তাত কোনো ৰাজনীতি তথা এক ব্যক্তিকেন্দ্রিক স্বার্থ জড়িত থাকিব নোৱাৰে। উল্লেখ্য যে এই ছগৰাকীক কমিটীয়ে ভয়-ভাবুকি দি উলিয়াই দিয়াৰ যি ঘটনা সেই বাতৰিক সমিতিয়ে অসত্য তথা অসন্তুষ্টি প্রকাশ কৰিছে। 

ইপিনে সংবাদমেলত কমিটীয়ে আন এক অভিযোগ তুলি কয় যে পূৰ্বৰ দায়িত্ব লোৱা কেইগৰাকীমান নির্দিষ্ট ব্যক্তিয়ে জুবিন ক্ষেত্ৰৰ প্ৰাৰ্থনা কক্ষত প্ৰদান কৰা প্ৰণামীৰ দান-বৰঙনিৰ টকা হৰণলুকী কৰা বুলি সন্দেহ প্রকাশ কৰিছে। কিয়নো যোৱা ১৫ অক্টোবৰৰ পৰাহে জুবিন ক্ষেত্ৰ পৰিষ্কাৰ-পৰিচ্ছন্ন তথা তদাৰক কমিটীয়ে প্ৰাণৰ শিল্পী জুবিনৰ সহধর্মিণীৰ পৰা অনুমোদন লৈ কমাৰকুছিৰ দুখন সমাজৰ লগত আলোচনা পাতি এখন কমিটী গঠন কৰিছিল। পাছত পুনৰ ২ নৱেম্বৰৰ দিনা এই কমিটীখন গঠন হোৱা বুলি অৱগত কৰিবলৈ যোৱা বুলি আজি সংবাদ মাধ্যমত প্রকাশ কৰে। ইতিমধ্যে দায়িত্ব পালন কৰিয়ে এই কমিটীখনে যোৱা ৩ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ ৪ লাখতকৈ অধিক বৰঙনি পোৱা গৈছিল জুবিন ক্ষেত্ৰৰ প্ৰাৰ্থনা কক্ষৰ পৰা। ইতিমধ্যে এই ধনখিনি ডিমৰীয়া সমজিলাৰ স্বাক্ষৰ ভিত্তিত প্রদান কৰে। উল্লেখ্য যে এই সমিতিয়ে প্রশ্ন উত্থাপিত কৰিছে যে পূৰ্বৰ ৪০ দিনত জমা দিছিল প্রায় ৪ লাখ টকা আৰু এতিয়া এই কমিটীয়ে দায়িত্ব লৈয়ে ১৯ দিনত ৪ লাখতকৈ অধিক টকা সংগ্ৰহ কৰে আৰু সমজিলাৰ প্ৰশাসনে এই টকা জমা ৰাখে বুলি জানিবলৈ দিয়ে। আনহাতে এই তদাৰক কমিটীয়ে কেৱল মাত্র জুবিন ক্ষেত্ৰখন পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ ক্ষেত্ৰতহে তদাৰক কৰিছে আৰু ইয়াত যিসকল পুৰুষ-মহিলাই চাফ-চিকুণ কৰি আছে তেওঁলোকক এটা এটা ভাগ কৰি সময়বোৰ মিলাই দিয়াৰ লগতে অন্য কামসমূহ। চোৱা-চিতা কৰা হয় বুলি জানিবলৈ দিয়ে। এই ক্ষেত্রত কোনো ধৰণৰ বিতৰ্ক যাতে নহয় তাৰ বাবে এই তদাৰক কমিটীখনে সমূহ ৰাইজক বিনম্রভাৱে আহ্বান জনায়।

Share This