ডিজিটেল ডেস্ক : উৎকৃষ্ট মৌলিক গ্রন্থৰ বাবে অসমৰ আগশাৰীৰ সাহিত্য-সংস্কৃতিমূলক অনুষ্ঠান বাসনা সাহিত্য 'ৰোহিণী মেধি সোঁৱৰণী বঁটা-২০২৫' এইবাৰ আগবঢ়োৱা হৈছে বিশিষ্ট গল্পকাৰ, সাহিত্যিক-সাংবাদিক মনোৰঞ্জন বড়িলৈ। বড়িৰ 'ৰং সনা মুখ' শীর্ষক গল্প সংকলনখনক এইবাৰৰ বঁটাৰ বাবে বঁটা নির্বাচন সমিতিয়ে বিবেচনা কৰা বুলি শুকুৰবাৰে ঘোষণা কৰে।
বাসনা সাহিত্য গোষ্ঠীৰ সম্পাদক দেবীপ্রসাদ অধিকাৰীয়ে এক বিবৃতিযোগে জানিবলৈ দিয়া মতে, যোৱা কেইবাবছৰৰ পৰা সাহিত্য গোষ্ঠীটোৱে সদৌ অসম সাংবাদিক সস্থা (আজু) আৰু নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সমাজসেবক, সমাজ সংগঠক তথা গৰীৱৰ বন্ধু ৰোহিণী মেধিৰ স্মৃতিত এই বঁটা প্ৰদান কৰি আহিছে। যোৱা বৰ্ষসমূহত অজিত কুমাৰ ভূঞা, পূৰৰী বৰুৱা, উৎপল বৰুৱা, দিগন্ত নাথ, জিতুমণি বড়াকে ধৰি কেইবাগৰাকীও বিশিষ্ট লেখক-সাংবাদিকক এই বঁটা প্ৰদান কৰা হৈছে।
এইবাৰৰ বঁটাপ্রাপক তথা গোলাঘাট জিলাৰ নামটেমেৰা গাঁৱৰ সু-সন্তান মনোৰঞ্জন বড়িয়ে ইতিমধ্যে সাতখনৰো অধিক মৌলিক গ্রন্থ ৰচনা কৰিছে আৰু তাৰ ভিতৰত ম'ই-যখ' গল্প সংকলনৰ বাবে ২০১৯ বৰ্ষৰ 'মুনীন বৰকটকী সাহিত্য বঁটা', 'ঐচেং জোন ওলাইছে চোৱা' কাব্য সংকলনৰ বাবে 'অসম কাব্য কাননৰ বিশেষ অ- সন্মান' লাভ কৰাৰ উপৰি নিজ কৰ্ম আৰু সাধনাৰ বাবে 'মহেন্দ্ৰ নাথ হাজৰিকা সোঁৱৰণী সাহিত্য বঁটা', 'হেমধৰ পাতিৰ সোঁৱৰণী সাংবাদিকতা বঁটা', 'পৰাগ কুমাৰ দাস যুৱ সাংবাদিকতা বঁটা', 'হেমন্ত বৰুৱা সোঁৱৰণী যুৱ বঁটা' আদি স্বীকৃতিও লাভ কৰিবলৈ সক্ষম হৈছে। অহা ৬ জুন, শুকুৰবাৰে প্ৰয়াত ৰোহিণী মেধিৰ দশম মৃত্যু বার্ষিকী তিথিত গুৱাহাটী প্ৰেছ ক্লাবত বড়িক এই বঁটা প্রদান কৰা হ'ব বুলি বাসনা সাহিত্য গোষ্ঠীৰ উদ্যোক্তাসকলে এক প্রেছ বিজ্ঞপ্তিযোগে-জনাইছে। উল্লেখযোগ্য যে মনোৰঞ্জন বড়িয়ে 'দৈনিক জনমভূমি' কাকতত সহযোগী সম্পাদক হিচাপে কার্যনির্বাহ কৰি আছে।