'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ দিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ

dainik janambhumi October 09, 2025

ডিজিটেল ডেস্কঃ অসমৰ ৰাইজে জুবিনৰ নতুন চিনেমা 'ৰৈ ৰৈ বিনালে'ত কোনোপধ্যেই থাকিবলৈ নিদিয়ে জুবিনৰ হত্যাৰ অন্যতম অভিযুক্ত শেখৰজ্যোতি গোস্বামী, সিদ্ধার্থ শৰ্মা আৰু অমৃতপ্রভা মহন্তক। জুবিনে চকু মুদি বিশ্বাস কৰা আৰু আপোন ভাই-ভনীৰ দৰে মৰম কৰা এই তিনিটা অভিযুক্তক চিনেমাখনৰ পৰা বাদ দিবলৈ সামাজিক মাধ্যমত প্ৰবল দাবীৰ সৃষ্টি হয়। ইয়াৰ পৰিপ্ৰেক্ষিততে বুধবাৰে 'ৰৈ ৰৈ বিনালে'ৰ পৰা অমৃতপ্রভা, শেখৰ আৰু সিদ্ধাৰ্থৰ সকলো দৃশ্যাংশ বাদ দিবলৈ প্রযোজক আৰু পৰিচালকে সিদ্ধান্ত গ্রহণ কৰে।

এই কথা জানিবলৈ দিয়ে বুধবাৰে চিনেমাখনৰ পৰিচালক ৰাজেশ ভূঞাই কয় যে অসমৰ ৰাইজে বেয়া পোৱা কোনো কাম কৰা নহ'ব আৰু সেয়েহে এই তিনিওটাৰ সকলো দৃশ্যাংশ 'ৰি এডিট' কৰি কাটি দিয়া হ'ব। তেওঁ কয় যে জুবিনে অতি আপোন বুলি ভবা এই তিনিটা আচলতে মানুহৰ নামত দানৱ আৰু ইহঁতৰ জুবিনৰ চিনেমাত থকাৰ কোনো যোগ্যতা নাই।

ইফালে, ৰাজেশ ভূঞাই কয় যে জুবিনে ছিংগাপুৰলৈ যোৱাৰ পূৰ্বেই ১৫ ছেপ্টেম্বৰত ৰাজেশ ভূঞাৰ হাতত এইবুলি এটা টোকা দি লিখি থৈ গৈছিল যে অসমৰ প্ৰত্যেক মানুহৰ ঘৰত তেওঁৰ অট'গ্রাফ আৰু ফটো থাকিব লাগিব। নিজৰ অট'গ্রাফ দি থৈ যোৱা এই টোকাটো বৰ্তমান সংৰক্ষণ কৰি ৰখা হৈছে আৰু সময়ত এই টোকা ৰাজহুৱা কৰি মানুহৰ মাজত বিতৰণ কৰা হ'ব বুলি পৰিচালকজনে জানিবলৈ দিয়ে। এই প্রসংগতে উল্লেখযোগ্য যে জুবিনৰ শেষ চিনেমা 'ৰৈ ৰৈ বিনালে' ৩১ অক্টোবৰত মুক্তি দিয়াৰ লক্ষ্যৰে বৰ্তমান জোৰদাৰ গতিত প'ষ্ট প্রডাকশ্যনৰ কাম আগবঢ়াই নিয়া হৈছে।

Share This