ডিজিটেল ডেস্ক : ৰঙালী বিহু বুলি ক'লে কেৱল ৰং-আনন্দৰ মাজতে সীমাবদ্ধ নহয় । বিহুৰ সৈতে সংপৃক্ত হৈ আছে পৰম্পৰাগত বহু নিয়ম । ইয়াৰে মাজত অন্যতম হৈছে গৰু বিহুৰ দিনা নাহৰৰ পাতত গোপন মন্ত্ৰ লিখা নিয়ম। আজি গৰু বিহু। এই দিনটোত বিভিন্ন ধৰণৰ পৰম্পৰা মানি চলে অসমীয়া ৰাইজে। এই দিনটোত নাহৰৰ পাতত এটি বিশেষ মন্ত্ৰ লিখা হয়। নাহৰ পাতত মন্ত্ৰ লিখি ঘৰৰ দুৱাৰ-খিৰিকীৰ কোণত লগোৱা গৰু বিহুৰ এটা উল্লেখযোগ্য প্ৰথা।কিন্তু এই প্ৰচলিত নিয়মৰ অন্তৰালত থকা জনবিশ্বাস কি ?
দেৱ দেৱ মহাদেৱ-নীলগ্ৰীব জন্টাংধৰ ।
বাতং বৃষ্টি হৰং দেৱ বজ্ৰপাত বিনাশন ।
এই মন্ত্রটো ৰঙা চিয়াহীৰে নাহৰৰ পাতত লিখি ঘৰৰ তালত গুজি ৰখা হয় । জনবিশ্বাস অনুসৰি এনে কৰিলে ধুমুহা, বা-মাৰলিৰ পৰা ঘৰখন ৰক্ষা পৰে। ভগৱান শিৱলৈ প্ৰাৰ্থনা জনাই নাহৰ পাতৰ বিপৰীত অংশত এনেদৰে লিখা হয়। নাহৰৰ লগত শিৱৰ এটা সম্পৰ্ক আছে ।
সংস্কৃতত নাহৰক কেশৰ বুলি কোৱা হয় । বসুদেৱে যেতিয়া কৃষ্ণক লৈ কংসৰ কাৰাগাৰৰ পৰা ওলাই যমুনা পাৰ হৈছিল সেই সময়ত কেশৰ বা সাপে সুৰক্ষিত কৰি নিছিল । কেশৰ সাপ মহাদেৱ আদিৰ মাজত সম্পৰ্ক আছে । প্ৰাকৃতিক দুৰ্যোগ আৰম্ভ হোৱাৰ সময়খিনিৰ আৰম্ভণি দিনটোতে এনেদৰে মন্ত্র লিখি দুৰ্যোগৰ পৰা ৰক্ষা পাবলৈ মহাদেৱক মিনতি কৰা হয় বুলি এক জনবিশ্বাস আছে।