পুৱাই অঘটন!মহাৰাষ্ট্ৰত চলন্ত ৰে'লত ৰে’ল সুৰক্ষা বাহিনী জোৱানৰ  ধাৰাসাৰ গুলীবৰ্ষণ, এজন নিৰাপত্তা বিষয়াসহ চাৰি যাত্ৰী নিহত

Jyoti Borah July 31, 2023

ডিজিটেল ডেস্কঃ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰত। ৰে'লৱে সুৰক্ষা বাহিনীৰ  (আৰপিএফ) জোৱানে এখন চলন্ত ৰে’লত ধাৰাসাৰ গুলীবৰ্ষণ কৰাৰ ফলত মুঠ চাৰিজন লোক নিহত হয়।  জানিব পৰা মতে যাত্ৰীৰ সুৰক্ষাৰ বাবে হাতত  আগ্নেয়াস্ত্ৰলৈ আৰপিএফৰ জোৱানে  টহল দি আছিল। সেই আগ্নেয়াস্ত্ৰৰে এজন জোৱানে  চলন্ত ৰে’লখনত গুলীবৰ্ষণ কৰি  চাৰিজন যাত্ৰীক হত্যা কৰে। নিহত চাৰিজনৰ ভিতৰত ৰে'ল আৰক্ষীৰ এজন উপ-পৰিদৰ্শক আৰু ৰে'লখনৰ পেণ্ট্ৰী  কাৰৰ এজন কৰ্মচাৰীও আছে। ঘটনাটো সোমবাৰে পুৱা ৰাজস্থানৰ জয়পুৰৰ পৰা মহাৰাষ্ট্ৰৰ মুম্বাইলৈ যাত্ৰা কৰা জয়পুৰ এক্সপ্ৰেছত (১২৯৫৬) সংঘটিত হৈছে।

ৰে'লৱেৰ মতে সোমবাৰে পুৱা ৫.২৩ বজাত যেতিয়া ৰে'লখনে পালঘৰ ষ্টেচন পাৰ হৈ  গৈ আছিল তেনেতে এজন জোৱানে  হঠাতে তেওঁৰ স্বয়ংক্ৰিয় আগ্নেয়াস্ত্ৰৰে নিৰ্বিচারে গুলীবৰ্ষণ আৰম্ভ কৰে। আৰপিএফ সূত্ৰৰ মতে অভিযুক্তজনক চেতন সিং বুলি চিনাক্ত কৰা হৈছে।
 পশ্চিম ৰেলৱেৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা মতে  অভিযুক্ত জোৱানজন জয়পুৰ এক্সপ্ৰেছৰ বি ৫ ডবাত যাত্ৰীসকলৰ সুৰক্ষাৰ দায়িত্বত আছিল। চাৰিজন লোকক গুলীয়াই হত্যা কৰাৰ পিছত তেওঁ ৰেলখনৰ চেইন টানি পালঘৰৰ পৰৱৰ্তী ষ্টেচন দহিচাৰত জঁপিয়াই নামিবলৈ চেষ্টা কৰিছিল। কিন্তু তাৰ আগতে তেওঁক আটক  কৰা হয়। তেওঁৰ হাতত থকা  আগ্নেয়াস্ত্ৰটোও জব্দ কৰা হৈছিল।

আৰপিএফ ৰ জোৱানে  কিয় এনে ধৰণৰ অপৰাধ কৰিলে  তাকে লৈ ৰহস্যৰ সৃষ্টি হৈছে। প্ৰাথমিক তথ্য অনুসৰি নিহতসকলৰ মাজৰে এজন আৰপিএফ বিষয়াও আছে।  তেওঁ অভিযুক্ত জোৱান জনৰ পৰিচিত আছিল, কিন্তু তেওঁৰ সৈতে জোৱান জনৰ কোনো বিবাদ নাছিল। আৰক্ষীৰ সূত্ৰই অৱশ্যে কৈছে  যে জোৱান জনমানসিকভাৱে সুস্থ নাছিল। তেওঁ সেইবাবেই কিছুদিন ধৰি  সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা ছুটি বিচাৰি আছিল। এই ঘটনা ঘটোৱাৰ ঘটনাটোৰ আগদিনা বহুতকে কৈছিল যে তেওঁ অস্থিৰ  অনুভৱ কৰিছে।তেওঁক বিশ্ৰাম ল'বলৈও পৰামৰ্শ দিয়া হৈছিল। কিন্তু তেওঁ  ভালে আছো বুলি কৈ কৰ্তব্য পালনৰ বাবে গৈছিল। 

ঘটনাটোৰ পিছত, ৰেলখন বৰিভালি ষ্টেচনত ৰখাই দিয়া হয়। মৃতদেহকেইটা  মৰণোত্তৰ পৰীক্ষাৰ বাবে স্থানীয় বাবাচাহেব আম্বেদকাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। জিআৰপিৰ শীৰ্ষ বিষয়া  ছিচভে ইতিমধ্যে  ঘটনাস্থলীত উপস্থিত হৈছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

Share This