ডিজিটেল ডেস্কঃ কামৰূপ নৃপতি ভগদত্তৰ নামেৰে নামকৰণ কৰা হ'ব ছুপাৰ মার্কেট আৰু ডাউন টাউনৰ উৰণ সেতু দুখন। উৰণ সেতু দুখনৰ নামকৰণ কৰাৰ কথা শনিবাৰে ৰাজহুৱা কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কয়, 'গুৱাহাটীৰ ডাউন টাউনৰ সন্মুখৰ উৰণ সেতুখন জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব।
ছুপাৰ মার্কেট আৰু ডাউন টাউনৰ উৰণ সেতু দুখনৰ নাম আমি প্রসিদ্ধ কামৰূপ নৃপতি ভগদত্তৰ নামেৰে নামকৰণ কৰিবলৈ আগ্ৰহেৰে বাট চাইছোঁ। আমাৰ গৌৰৱপূৰ্ণ ইতিহাসক শ্রদ্ধা তথা কলিতা জনগোষ্ঠীৰ দাবীৰ এয়া এক আমাৰ বিনম্র সন্মান।'
উল্লেখযোগ্য যে ছুপাৰ মাৰ্কেটৰ উৰণ সেতু খন আজিৰ পৰা কেইবা বছৰৰ পূবেই মুকলি কৰা হৈছিল যদিও নামকৰণ কৰা হোৱা নাছিল। আনহাতে, ডাউন টাউনৰ উৰণ সেতুখন সম্প্রতি নিৰ্মাণ কৰা হৈছে। এনে পৰিস্থিতিত ৰাজ্য চৰকাৰখনে দুয়োখন উৰণ সেতুক ভগদত্তৰ নামেৰে নামকৰণ কৰিবলৈ লোৱা সিদ্ধান্ত লক্ষণীয় হৈ পৰিছে।