দুই ভাতৃৰ কৰুণ মৃত্যু; ৰূপহীহাটৰ কাঞ্চনপুৰ গাঁৱত শোকাকুল পৰিৱেশ

Rashmi December 01, 2025

ডিজিটেল ডেস্ক: দুই ভাতৃৰ কৰুণ মৃত্যু। ৰূপহীহাটৰ কাঞ্চনপুৰ গাঁৱত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। নিশা ৰূপহীহাটৰ ফাঁকলি জ্ঞান বিকাশৰ সন্মুখত ভয়াৱহ পথ দুৰ্ঘটনাত দুজন যুৱকৰ অকাল মৃত্যুত ভাগি পৰিছে সমগ্ৰ অঞ্চল।

শ্বাকিল আহমেদ আৰু মেহেদি আলম নামৰ দুই ভাতৃৰ মৃত্যুত কান্দোনৰ ৰোল উঠিছে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলতে। 

আনফালে, বন্ধু ৰাজদুল হক নামৰ যুৱকজনৰ অৱস্থা অতি সংকটজনক হোৱাত গুৱাহাটী ICUত তেওঁ বৰ্তমান চিকিৎসাধীন হৈ আছে।

শ্বাকিল আহমেদ আৰু মেহেদি আলম দুই ভাতৃ শিঙিমাৰী মোহাম্মদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাণিজ্য শাখাৰ ছাত্ৰ আছিল।

 সন্ধিয়া তিনিওজন একেলগে ঘৰৰ পৰা ওলাই গৈছিল ৰূপহীলৈ। ৰূপহীৰ পৰা ঘৰমুৱা  অৱস্থাত দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লয় দুই ভাতৃ। 

অচিনাক্ত বাহনৰ সৈতে AS 02 AD 4034 নম্বৰৰ মটৰ চাইকেলৰ সংঘৰ্ষত দুৰ্ঘটনাত মৃত্যু হয় দুই ভাতৃৰ।

এই দিনটো কাঞ্চনপুৰৰ বাবে এক অভিশপ্ত দিন হিচাপে বিবেচিত হৈছে। শোকত ভাগি পৰিছে সমগ্ৰ অঞ্চলবাসী।



উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This