ৰূপহীহাটৰ জুৰীয়াত ভূমিকেন্দ্ৰিক সংঘাতত আহত তিনিজন

Rashmi November 14, 2025

ডিজিটেল ডেস্ক:  ৰূপহীহাটৰ জুৰীয়াত ভূমিকেন্দ্ৰিক সংঘাতত আহত তিনিজন।  এডোখৰ ভূমিক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত আৰম্ভ হয় ভূমিকেন্দ্রিক সংঘাত।

দুই পক্ষৰ আক্ৰমণ-প্রত্যাক্ৰমণত আহত হয় শিশুসহ তিনিজনকৈ লোক।

জুৰীয়াৰ থিয়টাঙনীত আছাদুল হক আৰু হেলিম উদ্দিনৰ ফৈদৰ বহু দিনৰ পৰা এই ভূমিক লৈ সংঘাত চলি আছিল।

অভিযোগ মতে হেলিম উদ্দিনৰ ফৈদে চোকা অস্ত্ৰ লৈ আছাদুল হকৰ ঘৰত আক্ৰমণ কৰে।

এই আক্ৰমণত আছাদুল হকৰ পৰিয়ালৰ তিনিজন সদস্য আঘাতপ্ৰাপ্ত হয়।

এই মাৰপিটৰ ঘটনাত এগৰাকী মহিলা আৰু এটি শিশুসহ তিনিজন লোক আঘাতপ্রাপ্ত হয়

দুয়ো পক্ষই পৃথকে পৃথকে জুৰীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।



উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This