অসম-মেঘালয়ৰ স্মৃতি বুকুত বান্ধি অসম এৰিলে শচীন টেণ্ডুলকাৰে

dainik janambhumi April 10, 2025

ডিজিটেল ডেস্কঃ অসম-মেঘালয়ৰ এবুকু স্মৃতি বুকুত বান্ধি বুধবাৰে অসম এৰিলে ক্ৰিকেটৰ সম্ৰাট খ্যাত শচীন টেন্ডুলকাৰৰ পৰিয়ালে। মেঘালয়ৰ পাছত যোৱা দুটা দিন কাজিৰঙাত কটোৱা টেন্ডুলকাৰৰ পৰিয়ালে বুধবাৰে পুৱা কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰাৰ পাছত দুপৰীয়া গুৱাহাটীলৈ আহে। পূর্ব নির্ধাৰিত কাৰ্যসূচী অনুসৰি তেওঁ মা কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ কথা আছিল যদিও শেষত সময়ৰ অভাৱত তেওঁলোকে কামাখ্যা দর্শন নকৰাকৈয়ে মুম্বাইলৈ উৰা মাৰে।

 উল্লেখযোগ্য খানাপাৰা আৰু যোৰাবাটৰ মাজৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱা মেৰামতি কৰি থকাৰ ফলত সৃষ্টি হোৱা অভাৱনীয় যান-জঁটৰ বাবে তেওঁলোক সুকীয়া পথৰে গুৱাহাটীলৈ আহিব লগীয়া হয়। 

জানিব পৰা মতে, যান-জঁটৰ বাবে ডিগাৰুৰ সমীপৰ বায়ু সেনাৰ বাহিনীৰ ছাউনীৰ সমীপৰে আহি টেন্ডুলকাৰ পৰিয়ালক লৈ অহা কনভয়টো পাথৰ কোৱেৰীত আহি উপস্থিত হয়হি। ইয়াৰ পাছত তেওঁলোকে পঞ্চতাৰকাযুক্ত হোটেল ৰেডিছন ব্লুত কিছু সময় জিৰাই সন্ধিয়া মুম্বাইলৈ বিমান যোগে ৰাওনা হয়।

Share This