অস্তিত্বৰ সংকটত ঐতিহাসিক চামগুৰি বিল

dainik janambhumi June 02, 2025

ডিজিটেল ডেস্ক : অসমৰ জলাশয়সমূহৰ ভিতৰত অন্যতম জলাশয় নগাঁও জিলাৰ ঐতিহাসিক চামগুৰি বিল। পক্ষীতীৰ্থৰূপে খ্যাত তথা কৰতী মাছৰ বাবে বিখ্যাত ঐতিহাসিক চামগুৰি বিল। বিলখনৰ আছে এক সুকীয়া পৰিৱেশ। বিলখনৰ বৃহৎ এলেকাধীন মনোমোহা পৰিৱেশ আৰু সৌন্দৰ্যই আকৰ্ষিত কৰি আহিছে দূৰদূৰণিৰ পর্যটকক। পর্যটকক আকৰ্ষিত কৰা চামগুৰি বিলখনলৈ এতিয়া নামি আহিছে চৰম ভাবুকি। বিগত কিছু দিন ধৰি প্রায় ৫০০-৬০০ বিঘা মাটিৰে আৱৰি থকা বিলখনৰ বিগত চাৰি দিন ধৰি হোৱা নেৰানেপেৰা মুষলধাৰ বৰষুণৰ ফলত বাঢ়নী পানী সোমাই বিলখনৰ পৰা এতিয়া জাকে জাকে মাছ ওলাই গৈছে। ইয়াক কেন্দ্ৰ কৰি সম্প্ৰতি চিন্তিত কৰি তুলিছে বিলৰ নিবিদা লাভ কৰা মহলদাৰৰ লগতে মাছমৰীয়া আৰু স্থানীয় ৰাইজক। 

আনহাতে, খৰালি দিনত প্রায় ৫০০-৬০০ বিঘা মাটিৰে আৱৰি থকা বিলখনত এতিয়া ২০০-৩০০ বিঘা মাটি পানী মেটেকা-পেনাইৰ লগতে বিভিন্ন নলা-নর্দমাৰে অহা পেলনীয়া আৱৰ্জনাৰে ভৰি পৰিছে। যাৰ ফলত পানী মেটেকা-পেনাই বা পেলনীয়া আৱৰ্জনাসমূহ গেলি-পচি জলৰাশি দূষিত হোৱাৰ ফলতেই দৈনিক মৃত্যুমুখত পৰিছে বিভিন্ন প্রজাতিৰ বহুসংখ্যক মাছ। বিলখন মহলদাৰৰ তদাৰকত আছে যদিও মহলদাৰে 

বিলখন মাজে মাজে পৰিষ্কাৰ কৰে, কিন্তু অতি তাৎপর্য বিষয় যে বিলখনৰ বাবত মহলদাৰে লাখ লাখ টকা চৰকাৰক ৰাজহ দিয়াৰ পাছতো চৰকাৰৰ মীন বিভাগৰ ফালৰ পৰা বিলখন পৰিষ্কাৰ বা উন্নয়নৰ বাবত কোনো ধৰণৰ ধন আবণ্টন নকৰাৰ লগতে বিলখনত থকা কৰতী মাছ বা ভিন্ন প্ৰজাতিৰ মাছসমূহ মৃত্যু হোৱাৰ কথা ভিন্ন সময়ত মীন বিভাগক জনোৱাৰ পাছতো এই ক্ষেত্রত বিভাগীয় কর্তৃপক্ষই বিলখনৰ প্রতি কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। বিলখনৰ এনে পৰিৱেশৰ বাবেই বিলখনলৈ আগমন ঘটা বিভিন্ন প্রজাতিৰ পৰিভ্ৰমী পক্ষীবোৰো দিনক দিনে হ্রাস পাব ধৰিছে। পক্ষীবোৰলৈও চূড়ান্ত ভাবুকি আহি পৰাটো নিশ্চিত। বিলখনৰ এনেকুৱা বিপৰ্যয় ধাৰা যদি অব্যাহত থাকে হয়তো কেইবছৰমানৰ পাছত ঐতিহাসিক চামগুৰি বিলৰ পৰিবেশ কেতিয়াও দেখিবলৈ পোৱা নাযাব। বিলখনৰ প্ৰতি অহা এনে চৰম সংকটে এতিয়া অকল মহলদাৰকেই নহয়, চামগুৰিৰ প্ৰতিজন ব্যক্তি তথ্য প্রকৃতিপ্রেমীসকলকো গভীৰ চিন্তাত পেলাইছে। বিলখনৰ প্ৰতি অহা চৰম ভাবুকিয়ে গা লৰাব পাৰিবনে বিভাগীয় কর্তৃপক্ষৰ নে বিলৰ নিবিদা গ্ৰহণ কৰা মহলদাৰৰ আশাতেই এৰি দিব বিভাগীয় কৰণীয় কাম। শেহতীয়াকৈ এইবেলি বাঢ়নী পানী সোমোৱাৰ ফলত মাছ ওলাই যোৱাক কেন্দ্ৰ কৰি ভৱিষ্যতে ইয়াৰ স্থায়ী গেট বহুৱাই মাছসমূহ সংৰক্ষণ নকৰিলে প্ৰতিবছৰেই যে লোকচানৰ সন্মুখীন হ'ব সেয়া নিশ্চিত। বিলখনৰ জ্বলন্ত সমস্যা সমাধানৰ বাবে বিভাগীয় কর্তৃপক্ষক সচেতন ৰাইজে দাবী জনাইছে।

Share This