ডিজিটেল ডেস্কঃ ইতিহাস ৰচনা কৰি প্ৰেছ ক্লাব অব্ ইণ্ডিয়াৰ প্ৰথমগৰাকী মহিলা সভাপতি হিচাপে নির্বাচিত হ'ল অসমৰ জীয়ৰী সংগীতা বৰুৱা পিশাৰোটী। প্ৰেছ ক্লাব অব্ ইণ্ডিয়াৰ সভাপতি পদত উত্তৰ-পূবৰ এগৰাকী মহিলা সাংবাদিকে প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হোৱাত সকলোৱে গৌৰৱ অনুভৱ কৰিছে।
প্ৰেছ ক্লাব অব্ ইণ্ডিয়াৰ নির্বাচনত সভাপতি পদত সংগীতা বৰুৱা পিশাৰোটীয়ে ১০১৯টা ভোট লাভ কৰি সভাপতি হিচাপে নির্বাচিত হয়। আনহাতে, তেওঁৰ প্রতিদ্বন্দ্বী প্রার্থী অৰুণ শৰ্মা আৰু অতুল মিশ্রাই ক্রমে ১১৯টা আৰু ৮৯টা ভোট লাভ কৰে। সংগীতা বৰুৱা পিশাৰোটিৰ এই জয়লাভে ভৱিষ্যতৰ দিনত আৰু বহু মহিলা সাংবাদিকক উৎসাহিত কৰিব বুলি প্ৰেছ ক্লাব অব্ ইণ্ডিয়াৰ সদস্যসকলে আশা প্রকাশ কৰিছে।
উল্লেখযোগ্য যে অসমৰ গোলাঘাটৰ জীয়ৰী সংগীতা বৰুৱা পিশাৰোটী হৈছে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ অসমীয়া সাংবাদিক তথা লেখক। ১৯৯৬ চনত তেওঁ 'ইউনাইটেড নিউজ অব্ ইণ্ডিয়া'ৰ নতুন দিল্লী শাখা কার্যালয়ত উত্তৰ-পূৰ্বাঞ্চলৰ পৰা মহিলা সাংবাদিকৰূপে সাংবাদিকতা আৰম্ভ কৰে। সংগীতা বৰুৱা পিশাৰোটীয়ে সাংবাদিক হিচাপে ৰাষ্ট্ৰীয় পৰ্যায়ত উত্তৰ-পূৰ্বাঞ্চলক বিস্তৃত ৰূপত প্ৰচাৰ কৰাৰ ক্ষেত্রত শক্তিশালী ভূমিকা গ্রহণ কৰি আহিছে। আনহাতে, ২০১৭ চনত তেওঁ সাংবাদিকতাৰ ক্ষেত্ৰত আগবঢ়োৱা অৰিহণাৰ বাবে 'ৰামনাথ গোৱেংকা এক্সিলেঞ্চ ইন্ জার্নেলিজম বঁটা' লাভ কৰিছিল।