ডিজিটেল ডেস্ক : অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পাছত কালি তেওঁৰ দহা অনুষ্ঠিত হৈ যায়। প্রয়াত জুবিন গাৰ্গৰ কাহিলিপাৰাৰ বাসগৃহত আজিও জনতাৰ ভিৰ অব্যাহত আছে। আনহাতে কালিৰ দিনটোত ৰাজ্যৰ শিল্পী সমাজৰ উপৰি পৰিয়ালসহ প্রাগ নিউজৰ চি এম ডি সঞ্জীৱ নাৰায়ণ তেওঁৰ বাসগৃহলৈ গৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বি পি এফৰ মুৰব্বী হাগ্রামা মহিলাৰীও গৰিমা শইকীয়া গাৰ্গৰ কাষত উপস্থিত হৈ বি টি আৰত প্ৰয়াত জুবিন গাৰ্গৰ বিশাল প্রতিমূর্তি আৰু উদ্যান স্থাপন কৰাৰ ঘোষণা কৰে। উল্লেখযোগ্য যে দহাৰ দিনটোত জুবিন গাৰ্গৰ বাসগৃহলৈ সপৰিয়ালে গৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰাগ নিউজৰ চি এম ডি ড° সঞ্জীৱ নাৰায়ণে। তেওঁৰ সৈতে প্রাগ নিউজৰ অধ্যক্ষ ডাঃ অক্ষতা নাৰায়ণ আৰু প্ৰাগ নিউজৰ এম ডি মেঘালী নাৰায়ণো উপস্থিত থাকে। জুবিন গাৰ্গৰ সৈতে প্রায় চাৰি দশকজোৰা সম্পৰ্কৰ কথা স্মৰণ কৰি কালি তেওঁলোক মর্মাহত হৈ পৰাৰ কথা প্রকাশ কৰে। প্রণিধানযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ দিনটোত ড° সঞ্জীৱ নাৰায়ণো ছিংগাপুৰত আছিল। তেওঁ অসমলৈ ঘূৰি অহাৰ পাছতো জুবিন গাৰ্গৰ নশ্বৰ দেহত শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পৰা বঞ্চিত হৈছিল।
লক্ষণীয় যে তেওঁক জুবিন গাৰ্গক সৰুসজাই ফিল্ডত ৰখাৰ সময়ত আৰু সোণাপুৰত শেষকৃত্য কৰাৰ সময়ত শেষ শ্রদ্ধা জ্ঞাপন কৰিবলৈ যোৱাত প্রশাসনে বাধা প্রদান কৰিছিল। উত্তেজিত জনতাৰ পৰা তেওঁৰ নিৰাপত্তা বিঘ্নিত হোৱাৰ আশংকা কৰিয়েই প্রশাসনে বাধা প্রদান কৰাত তেওঁ মর্মাহত হৈ পৰিছিল। কিন্তু কালি দহাৰ দিনা সপৰিয়ালে গৰিমা শইকীয়া গাৰ্গৰ কাষত থিয় দিয়াৰ লগতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। ইফালে জুবিন গাৰ্গৰ কাহিলিপাৰাৰ বাসগৃহত সদলবলে উপস্থিত হয় বি পি এফৰ মুৰব্বী হাগ্রামা মহিলাৰী। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁ পৰিয়ালক সাক্ষাৎ কৰাৰ লগতে বড়োলেণ্ডত জুবিন গাৰ্গৰ প্রতিমূর্তি নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে। উল্লেখযোগ্য যে বি টি চি নির্বাচনত অভূতপূর্ব জয়ৰ পাছত আজি গুৱাহাটীলৈ সদলবলে আহি হাগ্রামা মহিলাৰীয়ে ৰাজ্যপালক সাক্ষাৎ কৰে। জয়ৰ উৎসাহ এৰি তাৰ পৰা তেওঁ বাহিৰে বাহিৰে কাহিলিপাৰাস্থিত জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হয়। তেওঁৰ সৈতে দলৰ বিজয়ী প্রার্থীসকলো আছিল। তেওঁলোকে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰি পৰিয়ালৰ লোকক সাক্ষাৎ কৰে। সাংবাদিকৰ আগত হাগ্রামা মহিলাৰীয়ে কয় যে জুবিন গাৰ্গ সকলোৰে অন্তৰত চিৰস্থায়ী হৈ থাকিব। জুবিন দাক অসমৰ ৰাইজে কেতিয়াও পাহৰি নাযায়। জুবিন গাৰ্গে কৰি যোৱা কাম কেতিয়াও পাহৰি নাযায় বুলি প্রকাশ কৰি তেওঁ কোকৰাঝাৰত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ লগতে তেওঁৰ সোঁৱৰণত এখন উদ্যান নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ বাবে ইতিমধ্যে দলীয়ভাৱে সিদ্ধান্ত গ্রহণ কৰা হৈছে বুলিও তেওঁ প্রকাশ কৰে। ইফালে প্ৰয়াত জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত অনাতাঁৰ শিল্পী পুৰন্দৰ ৰাভাই কালি নিজৰ ভায়'লিনত সুৰৰ মায়াজাল সৃষ্টি কৰে। ওদালগুৰিৰ পৰা অহা শিল্পী পুৰন্দৰ ৰাভাই কান্দি কান্দি ভায়'লিন বজাই 'পানচুনাৰ দোলা' গীতটি পৰিৱেশন কৰে।
আনহাতে দহাৰ দিনটোত বিধিগত কামবোৰ কৰাৰ পাছত জুবিন গাৰ্গৰ ঘৰত দীর্ঘদিনৰ পৰা বাস কৰা তথা মুখাগ্নি কৰাসকলৰ মাজৰ অন্যতম অৰুণ গাৰ্গে (অৰুণ চাচনী) শুক্ৰেশ্বৰ ঘাটত দৰিদ্ৰ লোকসকলৰ মাজত ধন বিতৰণ কৰে। প্ৰয়াত জুবিন গার্গে তেওঁক দিয়া ধনবোৰ এতিয়া তেওঁ দৰিদ্ৰ লোকৰ মাজত বিলাই দিয়ে। আনহাতে জুবিন গাৰ্গৰ অকাল বিয়োগত শোকাহত হৈ পৰা দেশৰ প্ৰখ্যাত উদ্যোগপতি গৌতম আদানিয়ে কালি জুবিন গাৰ্গৰ বাসগৃহলৈ আহি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। পুত্ৰ জিৎ আদানিৰ সৈতে এখন বিশেষ বিমানেৰে গুৱাহাটীলৈ আহি কালি সন্ধিয়া তেওঁ জুবিন গাৰ্গৰ ঘৰত উপস্থিত হয়। ইফালে সন্ধিয়া ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তয়ো জুবিন গাৰ্গৰ বাসগৃহলৈ গৈ তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।