ছেটেলাইট টাউন বৰদুৱাৰত নহয়, পলাশবাৰীতহে হ'ব : মুখ্যমন্ত্রী

dainik janambhumi June 10, 2025

ডিজিটেল ডেস্ক : ট্রাইবেল বেল্ট এণ্ড ব্লকক লৈ সোমবাৰে উত্তপ্ত হ'ল অসম বিধানসভা। অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বৰদুৱাৰ চাহ বাগিচাৰ মাটিৰ লগতে ট্রাইবেল বেল্টৰ ভূমিত চৰকাৰে ছেটেলাইট টাউন নির্মাণ কৰিব খুজিছে বুলি মত ব্যক্ত কৰাৰ পাছতেই বিৰোধী দল কংগ্রেছ, এ আই ইউ ডি এফ আৰু ৰাইজৰ দলৰ প্ৰতিনিধিয়ে চৰকাৰৰ সমালোচনাত মুখৰ হৈ পৰে। সমগ্র বিষয়টোত প্রতিক্রয়া ব্যক্ত কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় 'জনজাতীয় লোকক সুৰক্ষা দিয়াটো আমাৰ ধৰ্ম, কৰ্ম আৰু দায়িত্ব। ট্রাইবেল বেল্ট এণ্ড ব্লকত থকা অজনজাতীয় লোকসকলক আমি উচ্ছেদ কৰিব বিচাৰোঁ। অৱশ্যে ট্রাইবেল বেল্ট এণ্ড ব্লক গঠনৰ আগৰে পৰাই সেই অঞ্চলত বাস কৰি থকা লোকসকলক উচ্ছেদ কৰা নহয়।' বিৰোধী দলপতিয়ে ট্রাইবেল বেল্ট এণ্ড ব্লকত থকা দখল উচ্ছেদৰ বাবে সহমত প্রকাশ কৰাত মুখ্যমন্ত্ৰীয়ে বিৰোধী দলপতি দেৱব্রত শইকীয়াক ধন্যবাদ জ্ঞাপন কৰে। 

আনহাতে বৰদুৱাৰ চাহ বাগিচা ক্রয় কৰা বা ৰাভা সম্প্রদায় অথবা বান খহনীয়াত্ব ক্ষতিগ্রস্থ লোকক উচ্ছেদ কৰাৰ অভিপ্রায় আমাৰ নাই আৰু ১০০ বছৰলৈকে নাথাকে বুলি স্পষ্ট কৰি দি ড° শৰ্মাই কয়-'ৰাইজে ভুল তথ্যৰ ভিত্তিত আন্দোলন কৰি আছে। ৰাইজে যদি কয় চৰকাৰে মাটিখিনি ক্ৰয় কৰি পট্টন দি দিয়ক। তেতিয়া আমি উক্ত মাটিখিনি ক্ৰয় কৰি ভূমি নীতি অনুসৰি পট্টন দিম। পট্টন দিয়াৰ পাছত যিখিনি মাটি ৰৈ যাব তাত চৰকাৰী অনুষ্ঠান হব।' ইফালে মুখ্যমন্ত্রীয়ে ছেটেলাইট টাউন বৰদুৱাৰত নহয় পলাশবাৰীতহে হ'ব বুলি জনাই কয় যে চৰকাৰে মাটি নিকিনে। মাথোঁ ছেটেলাইট টাউনৰ বাবে প্লেনিং কৰিব। পথ, বিদ্যুৎ, পানীৰ ব্যৱস্থা কৰি দিব। মুখমন্ত্ৰীয়ে বৰদুৱাৰত হৈ থকা আন্দোলনৰ কংগ্ৰেছৰ হাত আছে বুলিও জনায়। তেওঁ কয় যে কংগ্ৰেছে বৰদুৱাৰত থকা ট্রাইবেল বেল্ট ব্লক যিদৰে সুৰক্ষা কৰিব বিচাৰিছে তেনেদৰে গোৱালপাৰাৰ ট্ৰাইবেল্ট ব্লকৰো সুৰক্ষা বিচাৰক। আমি তাতো জনজাতিসকলৰ সুৰক্ষা দিয়াৰ বাবে উচ্ছেদ চলাম। ইফালে এটা সময়ত খিলঞ্জীয়া লোকৰ আধিপত্য থকা পূব গোৱালপাৰা সমষ্টিটোত আজি খিলঞ্জীয়া সংখ্যালঘু হৈ পৰিল বুলি জনাই তেওঁ স্পষ্টভাবে কয় যে গোৱালপাৰাটো উচ্ছেদ হব। ৰাক্ষসিনী পাহাৰ আৰু ট্রাইবেল বেল্ট এন্ড ব্লকসমূহ সুৰক্ষিত কৰা হ'ব। মুখ্যমন্ত্রীৰ এই মন্তব্যৰ বিৰোধিতা কৰি বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে গোৱালপাৰাৰ ৰাক্ষসিনী পাহাৰত থকা উক্ত লোকসকল বান খহনীয়াত সর্বস্ব হেৰুওৱা লোক বুলি মত ব্যক্ত কৰাত মুখ্যমন্ত্ৰীয়ে কয়-'এনেদৰেই এটাৰ পাছত এটাকৈ সমষ্টি আপোনালোকে লৈ গৈ আছে। এনে হ'লে আমি ক'ত থাকিম? ৰাক্ষসিনী পাহাৰত বাস কৰা লোকসকলৰ সৈতে আমি আলোচনা কৰিব খুজিছিলোঁ যদিও তেওঁলোক আদালতলৈ গৈছে। এতিয়া আদালতে যি ৰায় দিয়ে সেই মতেই আমি সকলো কৰিম। 

কিয়নো প্ৰস্তাৱিত সংৰক্ষিত বনভূমিত বাস কৰিবলৈ অদালতেও অনুমতি নিদিয়ে। গতিকে উচ্ছেদৰ বাবে আপোনালোক সাজু থাকক।' ইফালে মুখ্যমন্ত্ৰীৰ এনে বক্তব্যৰ বিৰোধিতা কৰি শিৱসাগৰৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে কয় যে ৰাক্ষসিনী পাহাৰৰ দুৰ্ভগীয়া মানুহখিনিক ৰক্ষা কৰক। মানুহক লৈ হিন্দু-মুছলমানৰ নামত ৰাজনীতি নকৰিব। একেদৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে বৰদুৱাৰৰ মাটিখিনিক লৈ মুখ্যমন্ত্রীয়ে দিল্লীত বৈঠক অনুষ্ঠিত কৰিছিল। এতিয়া তেওঁ অসত্যৰ আশ্ৰয় লৈছে। আনকি উক্ত বৈঠকৰ সন্দৰ্ভত চৰকাৰে প্ৰদান কৰা বিবৃতিও তেওঁ সদনত পঢ়ি শুনায়। গগৈৰ মতে চৰকাৰে নিয়ম মতে উচ্ছেদ কৰক, উচ্ছেদিত লোকক পুনৰ সংস্থাপন দিয়ক। কিন্তু তাকে নকৰি জধেমধে কৰা উচ্ছেদ কেতিয়াও গ্রহণযোগ্য নহয়। বিৰোধী দলপতিৰ এই মন্তব্য শুনাৰ পাছত মুখ্যমন্ত্ৰীয়ে ৰাজহ মন্ত্ৰীক উদ্দেশ্য কৰি কয়- আমি নিয়ম মতেই ট্রাইবেল বেল্ট এণ্ড ব্লকৰ ভূমি দখল কৰি থকাসকলক উচ্ছেদ কৰিম। ৰাজহ  মন্ত্রীয়ে ক'ত ক'ত দখল হৈ আছে তাৰ তালিকা প্রস্তুত কৰক।'

Share This