অর্থনৈতিকভাৱে দুৰ্বল পৰিয়ালৰ শিক্ষার্থীক প্ৰদান কৰিব বৃত্তি

dainik janambhumi March 17, 2026

ডিজিটেল ডেস্ক: অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ চৰকাৰী-বেচৰকাৰী খণ্ডত নিযুক্তি প্রত্যাশী শিক্ষাৰ্থীসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই কালি মহানগৰীৰ চেনিকুঠীৰ এম চি ৰোডত 'দ্য এডভান্সড লার্নিং একাডেমি' (এডলাক) নামৰ এটা প্রশিক্ষণ কেন্দ্র মুকলি কৰা হয়। 

অসমৰ কেইগৰাকীমান সুপৰিচিত পুথি প্রকাশক আৰু শিক্ষাবিদে যৌথ প্রচেষ্টাৰে এই কেন্দ্ৰটো প্রতিষ্ঠা কৰিছে। প্রতিযোগিতামূলক পৰীক্ষাৰ জৰিয়তে চৰকাৰী-বেচৰকাৰী খণ্ডত সেৱা আগবঢ়োৱাৰ বাবে কেৰিয়াৰ গঢ়িব বিচৰা শিক্ষার্থীয়ে ইয়াত নামভৰ্তি কৰিব পাৰিব। 

উল্লেখযোগ্য যে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্রান্তত কেন্দ্রীয় লোকসেৱা আয়োগ (ইউ পি এছ চি), অসম লোকসেৱা আয়োগ (এ পি এছ চি)ৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে প্রশিক্ষণ কেন্দ্র গঢ়ি উঠিছে। কিন্তু দ্বিতীয়-তৃতীয় শ্ৰেণীৰ চাকৰিৰ বাবে এনে অনুষ্ঠান সুলভ নহয়। সেয়েহে এছ এছ চি, ৰে'লৱে', বেংকিং আদি চৰকাৰী-বেচৰকাৰী খণ্ডৰ এনে পদত ৰাজ্যৰ বাহিৰৰ প্ৰশিক্ষিত প্রার্থীয়ে সহজে নিযুক্তি লাভ কৰাৰ সুযোগ পায়। এই প্রয়োজনৰ প্ৰতি লক্ষ্য ৰাখিয়ে সুপৰিচিত প্রকাশক লয়াছ বুক ষ্টল, সঁফুৰা, আংগিক আৰু তেজপুৰৰ বি আৰ কলিতাৰ স্বত্বাধিকাৰী ক্রমে ভাস্কৰ দত্তবৰুৱা, ধীৰাজ গোস্বামী, বাহাৰুল ইছলাম চৌধুৰী, বিক্ৰম কলিতাই এই অনুষ্ঠানটোৰ গুৰি ধৰিছে। কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ দ্বিতীয়-তৃতীয় শ্ৰেণীৰ বিভিন্ন পদত নিযুক্তিৰ বাবে অসমৰ লগতে উত্তৰ-পূব ভাৰতৰ স্থানীয় যুৱক-যুৱতীসকলক ইয়াত দক্ষ আৰু অভিজ্ঞ ব্যক্তিৰ দ্বাৰা উপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব। এডলাকৰ বিশেষত্ব হ'ব প্ৰতিগৰাকী শিক্ষার্থীক সচেতন আৰু মজবুতকৈ গঢ়ি তোলাৰ বাবে নির্দিষ্ট ফলপ্রসূ পদক্ষেপ। অর্থনৈতিকভাৱে দুর্বল পৰিয়ালৰ শিক্ষাৰ্থীক বৃত্তি প্রদানৰো ব্যৱস্থা কৰিব এড্রাকে। 

কালি এডলাকৰ উদ্বোধনী সভাৰ আৰম্ভণিতে প্রশিক্ষণ কেন্দ্ৰটোৰ সঞ্চালকৰ দায়িত্ব গ্রহণ কৰা বিশিষ্ট শিক্ষাবিদ, আই আৰ চি টি চিৰ প্ৰাক্তন সঞ্চালক, অসম চৰকাৰৰ পৰিবহণ বিভাগৰ প্ৰাক্তন উপদেষ্টা ৰবিন কলিতাই এলাকৰ লক্ষ্য-উদ্দেশ্যৰ বিষয়ে অৱগত কৰে। তেওঁ বক্তব্যত এইবুলি উল্লেখ কৰে, 'এডলাকৰ লক্ষ্য হৈছে এছ এছ চি, বেংকিং, ৰে'লৱে' আদি নিযুক্তিৰ সম্ভাৱনাময় খণ্ডসমূহৰ লগতে দ্বিতীয়-তৃতীয় শ্ৰেণীৰ অন্যান্য চৰকাৰী চাকৰিৰ পৰীক্ষাত সফলতা অৰ্জনৰ বাবে স্থানীয় শিক্ষার্থীসকলক পৰিপক্ব কৰি তোলা। অসম তথা উত্তৰ-পূব ভাৰতৰ যুৱক-যুৱতীসকলে ইয়াত অভিজ্ঞ আৰু দক্ষ শিক্ষকৰ পৰা উপযুক্ত শিক্ষা তথা সাফল্যমুখী প্রশিক্ষণ লাভ কৰিবলৈ সক্ষম হ'ব।' 

প্রশিক্ষণ কেন্দ্ৰটোৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰ আসন অলংকৃত কৰে অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল ৰাণা প্রতাপ কালিতাই। তেওঁ এলাকৰ ৱেব ছাইট www.adlac.in আৰু যোগাযোগ নম্বৰ (৬০০২৩৪৬৬২৫) মুকলি কৰি কয় যে আত্মবিশ্বাস আৰু ইচ্ছা শক্তিয়ে সফলতা কঢ়িয়াই আনে। সমান্তৰালভাৱে লাগিব অধ্যৱসায়। নোৱাৰোঁ বুলি কাম এটা এৰি পেলোৱাটো উচিত নহয়। নেৰানেপেৰাকৈ লাগি থাকিব পৰা মানসিক শক্তিয়ে সাফল্য কঢ়িয়াই আনে। এলাকে শিক্ষার্থীসকলক এনেদৰে গঢ়ি তুলিব বুলি আশা প্রকাশ কৰে তেওঁ। 

অনুষ্ঠানটিত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰি নগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য, বিশিষ্ট সাংবাদিক ড° সমুদ্রগুপ্ত কাশ্যপে এইবুলি কয়, 'কর্মক্ষেত্র বহুত আছে। তাতে সংযুক্ত হ'ব পৰা পথটো বিচাৰি উলিয়াব লাগিব। অসমৰ যুৱক-যুৱতীসকলে সংকোচ ত্যাগ কৰি আগবাঢ়ি যোৱাৰ প্ৰয়োজন আছে।' ইয়াত সন্মানীয় অতিথিৰূপে উপস্থিত থাকে এছ বি আইৰ জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেডৰ প্ৰাক্তন পৰিচালন সঞ্চালক তথা মুখ্য কার্যবাহী বিষয়া ভাস্কৰ শৰ্মা। তেওঁ এইদৰে কয়- 'নিযুক্তিৰ সম্ভাৱনা আৰু কৰ্মক্ষেত্ৰ সৃষ্টিৰ সম্ভাৱনা প্ৰচুৰ আছে। কিন্তু সাফল্য অৰ্জনৰ বাবে ছাত্র-ছাত্ৰীসকল সচেতন আৰু কষ্ট কৰিব পৰা মানসিকতাৰ অধিকাৰী হ'ব লাগিব।' 

আন এগৰাকী সন্মানীয় অতিথি ইণ্ডিয়ান অ'ভাৰচিজ বেংকৰ প্ৰাক্তন মহা প্রবন্ধক সমীৰ বৰুৱাই কয় যে আমি যুগৰ লগত খোজ মিলাই পৃথিৱীৰ ফালে দৃষ্টি দি আগবাঢ়ি যোৱাৰ প্ৰয়োজন আছে। আমাৰ ল'ৰা-ছোৱালীৰ প্ৰতিভাৰ অভাৱ নাই। একেদৰে সন্মানীয় অতিথি, উত্তৰ-পূব সীমান্ত ৰে'লৱে'ৰ প্ৰাক্তন মুখ্য কৰ্মচাৰী বিষয়া, আই আৰ পি এছ ত্রিকালজ্ঞ ৰাভাই কয়, 'এডলাক এক ব্যতিক্রমী লক্ষ্যৰে আৰম্ভ হৈছে। এনে এটা অনুষ্ঠানৰ প্ৰয়োজন অনুভৱ কৰি আছিলোঁ। আশা কৰোঁ এল্লাকে যুৱক-যুৱতীসকলক নিশ্চয় পথ দেখুৱাব পাৰিব।' 

কবি-লেখক নৱজ্যোতি পাঠকে পৰিচালনা কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত আদৰণী ভাষণ আগবঢ়ায় লয়াছ বুক ষ্টলৰ স্বত্বাধিকাৰী ভাস্কৰ দত্তবৰুৱাই। ড° পুলক ভট্টাচার্য, ৰামন বৰা, মিহিৰ দেউৰী, শান্তনু শইকীয়া, অৰূপ চক্রবর্তী, নীলাঞ্জন ভট্টাচার্য, হেমেন শৰ্মা, দেৱ প্ৰসাদ মিশ্র, উৎপল কুমাৰ বৰঠাকুৰ আদিকে ধৰি ভালেকইগৰাকী শিক্ষাসদী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা সভাখনত শলাগৰ শৰাই আগবঢ়ায় বি আৰ কলিতা প্রকাশনৰ স্বত্বাধিকাৰী বিক্ৰম কলিতাই ।

Share This