আদৰণীয় পদক্ষেপ

Ankita Sonowal August 04, 2023

ডিজিটেল ডেস্কঃ যোৰহাট জিলাৰ সকলো স্কুল গৰম বন্ধৰ পাছৰ পৰা পুৱা আঠ বজাত খোলাৰ ব্যৱস্থা কৰাটো এটা আদৰণীয় পদক্ষেপ৷ ইয়াৰ আগতে মে’ আৰু জুন মাহত স্কুলবোৰ গৰমৰ বাবে চাৰে সাত বজাত খুলিছিল৷ দেখা গৈছিল যে সৰু সুৰা দুই-এটা অসুবিধাৰ বাহিৰে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে এই নতুন নিয়মটোৰ সৈতে সুকলমে অভ্যস্ত হৈ পৰিছিল৷ এতিয়া সেই সময় আৰু আধা ঘণ্টা পিছুৱাই দিলত সকলোৰে বাবে সুবিধাজনক হ’ব৷ পুৱা আঠ বজাত স্কুল খোলাৰ কেইবাটাও উপকাৰ আছে৷

ৰ] ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলৰো পুৱা সোনকালে উঠাৰ অভ্যাস হ’ব৷ ই এক ডাঙৰ অভ্যাস৷ পুৱা সোনকালে উঠিলে গা-মন সতেজ আৰু প্ৰফুল্ল হৈ থাকে আৰু দিনটোৰ বাবে কামবোৰ কৰিবলৈ সুচাৰুৰূপে পৰিকল্পনা কৰি আগবাঢ়িব পাৰি৷

২] আঠটা বজাৰ আগতে ল’ৰা-ছোৱালীবোৰক স্কুললৈ উলিয়াই দিব পাৰিলে চাকৰি কৰা অভিভাৱকসকলে চাকৰিৰ বাবে সাজু হ’বলৈ যথেষ্ট সময় পাব৷ পুৱাই দোকান-পোহাৰ, শাক-পাচলি-মাছৰ বজাৰ খোল খাই যায়৷ সুবিধা হ’লে পুৱাই বজাৰটো কৰি থ’লে সকলো সতেজ বস্তু কিনিবলৈ পাব৷ ইয়াৰ ফলত ঘৰখনৰ পৰিপুষ্টিৰ উন্নতি ঘটিব৷

৩] এখন চহৰৰ মাজ ভাগত আচল ভিৰটো হয় পুৱা চাৰে ন বজাৰ পৰা দহ বজাৰ ভিতৰত, যেতিয়া স্কুল-কলেজলৈ যোৱা ল’ৰা-ছোৱালী আৰু অফিচ- কাছাৰীলৈ যোৱা মানুহেৰে চহৰখন ঠাহ খাই পৰে৷ পুৱা আঠ বজাত স্কুল আৰম্ভ হোৱাৰ লগে লগে এই ভিৰটো আধাতকৈও বেছি কমি যাব৷ ই চহৰখনৰ অধিবাসীসকলক অনাহক উদ্বিগ্নতা আৰু সম্ভাব্য দুৰ্ঘটনাৰ পৰা আঁতৰাই ৰাখিব৷ আবেলিও সেইদৰে ভিৰ কমি যাব৷

চ্ছ্ৰ] জলবায়ুৰ ফালৰ পৰা অসম ভাৰতবৰ্ষৰ ভিতৰতে এখন সৌভাগ্যৱান ৰাজ্য৷ দক্ষিণ ভাৰতত সদায় গৰম৷ হট, হটাৰ, হটেষ্ট৷ কোনো ঋতু পৰিৱৰ্তন নাই৷ উত্তৰ ভাৰতৰ বিহাৰ, উত্তৰ প্ৰদেশ, দিল্লী, হাৰিয়ানা আদি ৰাজ্যত গৰমত অতিপাত গৰম আৰু ঠাণ্ডাত অতিপাত ঠাণ্ডা৷ মহাৰাষ্ট্ৰত গৰম, অতিপাত বৃষ্টি আৰু আদ্ৰৰ্৷ তাৰ তুলনাত অসমত গৰমো অতি বেছি নহয়, ঠাণ্ডাও অতিপাত নহয়৷ প্ৰকৃতিয়ে দিয়া ছয়োটা ঋতু অসমৰ জনসাধাৰণে পূৰ্ণমাত্ৰাই উপভোগ কৰে৷ এয়া আমাৰ সৌভাগ্য৷ এনে জলবায়ুত কেতিয়াবা অলপ-অচৰপ ইফাল-সিফাল হোৱাটো একো অস্বাভাৱিক নহয়৷ তাৰ বাবে হঠাতে ল’ৰা-ছোৱালীয়ে কষ্ট পাব বুলি স্কুল খোলা বা বন্ধ কৰাৰ সময় সলনি কৰাটো উচিত নহয়৷ পুহ-মাঘ মাহত যেতিয়া বৰকৈ শীত নামিব তেতিয়া স্কুল-কলেজবোৰ আগৰ সময়তেই খোলা– বন্ধ কৰিব লাগে৷ জাৰ বৰকৈ পৰিছে বুলি স্কুল খোলাৰ সময় দহটালৈ নিব নালাগে৷ এবাৰ জানুৱাৰী মাহত আমাৰ এখন কনফাৰেন্সত মই দিল্লীত আছিলোঁ৷ দিল্লীত তেতিয়া প্ৰচণ্ড শীত৷ কনফাৰেন্সখন অশোক আৰু চাণক্য হোটেলত একেলগে হৈছিল৷ ইখন হোটেলৰ পৰা আনখনলৈ যাওঁতে মাজৰ ঠাইখিনিত ঠাণ্ডাত কঁপি গৈছিলোঁ৷ ‘ভিতৰত তাপমান নিয়ন্ত্ৰিত কৰি ৰখা হৈছিল৷’ সেইকেইদিন মই নেতাজী নগৰত থকা ককাইদেউৰ চৰকাৰী কোৱাৰ্টাৰত আছিলোঁ৷ পুৱা বাছ ধৰিবলৈ সাত বজাত যাব লাগে৷ তেতিয়া মই দেখিছিলোঁ দিল্লীৰ সেইহেন ঠাণ্ডাত স্কুলীয়া সৰু সৰু ল’ৰা-ছোৱালীবোৰে ছুৱেটাৰ-জেকেট-টুপী-মাফলাৰ পিন্ধি বাছত উঠি স্কুললৈ গৈ আছে৷ দিল্লীৰ ল’ৰা-ছোৱালীয়ে যদি পাৰে আমাৰখিনিয়ে কিয় নোৱাৰিব৷ বেছি ঠাণ্ডা লাগিলে জ্বৰ-কাহ হয় বুলি আমাৰ মানুহে ভাবে৷ আচলতে কাৰণটো সেয়া নহয়৷ জাৰকালিৰ জ্বৰ-কাহ ভাইৰাছৰ বাবে হয়৷ জাৰকালি এই ভাইৰাছবোৰ অধিক সক্ৰিয় হৈ পৰে আৰু ঘৰৰ দুৱাৰ-খিৰিকী বন্ধ কৰি থোৱা বাবে ইটোৰ পৰা সিটোলৈ সংক্ৰমণ বেছিকৈ হয়৷ সেইবাবে ঠাণ্ডা বেছি বাবে স্কুল-কলেজলৈ নপঠিওৱাকৈ থকা উচিত নহয়৷

দ্বিতীয় কথা, ল’ৰা-ছোৱালীক যিমান পাৰে সিমান পাৰিপাশ্বিৰ্কতাৰ সৈতে খাপ খাবলৈ সুবিধা দিব লাগে৷ যিমানে বাহিৰৰ আৱহাৱাৰ সৈতে খাপ খাব সিমানে ইমিউনিটি অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়িব৷ সেইবাবে মাজে মাজে বৰষুণত তিতা, দমকলৰ পানী খোৱা, মেজি জ্বলোৱাৰ আগত ঠাণ্ডা পানীৰে গা ধোৱা ইত্যাদি অভিজ্ঞতাবোৰ ল’বলৈ দিব লাগে৷ স্কুল সোনকালে আৰম্ভ আৰু ছুটী হোৱাৰ আটাইতকৈ ভাল সুফলটো হ’ল যে ল’ৰা-ছোৱালীয়ে নিজলৈ বুলি সময় পাব৷ অকল পঢ়ি থকাৰ বাবে জেক এটা ডাল বা ভোদা ল’ৰা হোৱাৰ প্ৰবচনটো ষোল অনাই শুদ্ধ৷ এজন ছাত্ৰ বা ছাত্ৰীৰ বহুত গুণ থাকে৷ পাৰোঁতে মানুহক হিউমেন ৰিছ’ৰ্চ বা মানৱ সম্পদ বুলি নকয়৷ আমি নজনাকৈ এটা ল’ৰা বা এজনী ছোৱালীৰ বহুত প্ৰতিভা থাকে৷ সুবিধাৰ অভাৱত সেই প্ৰতিভাবোৰ অকালতে মৰহি যায়৷ সোনকালে স্কুল ছুটী হ’ল দুপৰীয়া ভাতকেইটা ঘৰত আয়াস আৰু তৃপ্তিত খাই নিজৰ সহজাত প্ৰতিভাবোৰ বিকশিত কৰাৰ কামত লাগি যাব পাৰে৷ খেলিবলৈ, দৌৰিবলৈ, ছবি আঁকিবলৈ, গান গাবলৈ, নাচিবলৈ, কিতাপ পঢ়িবলৈ অফুৰন্ত সময় পাব৷ ল’ৰা বা ছোৱালীৰ প্ৰতিভাৰ বিকাশ ঘটিব৷ স্কুল চাৰে তিনিটা বজালৈকে চলি থাকিলে ল’ৰাটো বা ছোৱালীজনী ঘৰ পাওঁ মানে নৱেম্বৰ-ডিচেম্বৰ মাহত আন্ধাৰ হয়গৈ৷ তেতিয়া ফুটবল-ক্ৰিকেট ইত্যাদি খেল কেনেকৈ খেলিব৷ দুপৰীয়া এক বা ডেৰ বজাত স্কুল ছুটী হ’লে সেইবোৰ খেল খেলিবলৈ পৰ্যাপ্ত সময় পাব৷

ডাঃ নাৰায়ণ বৰদলৈ

চন্দ্ৰপ্ৰভা চকু চিকিৎসালয়, যোৰহাট,

৯৪৩৫০-৫১৮০৭

Share This