ভাস্কর্য শিল্পী বীৰেন সিংহলৈ আদ্যৰঞ্জন বৰঠাকুৰ সোঁৱৰণী ৰাজ্যিক বঁটা

dainik janambhumi November 10, 2025

ডিজিটেল ডেস্ক : শিৱসাগৰৰ আগশাৰীৰ চিত্ৰকলাৰ শিক্ষানুষ্ঠান প্রতিভায়ন চিত্রকলা নিকেতনে ১৫ আৰু ১৬ নৱেম্বৰত শিৱসাগৰ কালীপ্রসাদ চলিহা স্মৃতি ভৱনত অনুষ্ঠিত কৰিবলগীয়া চিত্রকলা সমাৰোহৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰিছে। উক্ত অনুষ্ঠানত অসমৰ স্বনামধন্য বিশিষ্ট চিত্ৰকৰ, ভাস্কর্যশিল্পী, বিশিষ্ট সাহিত্যিকৰ লগতে বিভিন্ন জিলাৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকিব। প্রথম দিনা পুৱা মূল তোৰণ মুকলি কৰিব বিশিষ্ট ভাস্কর্য শিল্পী তথা উত্তৰণ যাদুঘৰৰ প্ৰতিষ্ঠাপক দুর্লভ বড়াই। প্রতিভায়ন চিত্রকলা নিকেতনৰ সভাপতি ইলোৰা ভাগৱতীৰ পতাকা উত্তোলনৰ পাছতে স্মৃতি তর্পণ কৰিব উদ্যাপন সমিতিৰ সভাপতি চাদিকুৰ ৰহমান, জিলা সাহিত্য সভাৰ সম্পাদক মনোজ কুমাৰ গগৈ আৰু লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱনৰ প্ৰধান শিক্ষক ৰঞ্জিত চুতীয়াই। 

অনুষ্ঠানত সুধাকণ্ঠ ড° ভূপেন হাজৰিকা, সদ্যপ্রয়াত শিল্পী জুবিন গাৰ্গ আৰু বাঁহীবাদক দীপক শর্মালৈ বিশেষভাৱে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব। পৰৱৰ্তী কাৰ্যসূচীত প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰিব ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক ভাস্কর্য শিল্পী চালেহ আহমেদে। উজনিয়াল সত্ৰৰ অধিকাৰ লক্ষ্মীকান্ত মহন্তই বন্তি প্রজ্বলন কৰাৰ পাছতে বিশিষ্ট শিক্ষাবিদ কার্তিক চন্দ্র দত্তই সঞ্চালনা কৰিব লগা মুকলি সভাত সন্মানীয় আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ক্রমে জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচার্য ড° জ্যোতিপ্রসাদ শইকীয়া, বিশিষ্ট শিক্ষাবিদ ড° প্রকাশ কটকী আৰু শিৱসাগৰ ছোৱালী কলেজৰ অধ্যক্ষ ড° প্রতিম শর্মা। 

সভাতে খ্যাতনামা ভাস্কর্য শিল্পী বীৰেন সিংহক প্ৰদান কৰা হ'ব বিশিষ্ট ভাস্কর্য শিল্পী আদ্যৰঞ্জন বৰঠাকুৰ সোঁৱৰণী ৰাজ্যিক বঁটা-২০২৫। দ্বিতীয় দিনা শিৱসাগৰৰ বিশিষ্ট চিত্ৰকৰ আৰু ভাস্কর্য শিল্পীসকলক সম্বর্ধনা জ্ঞাপনৰ লগতে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য সন্তোষ দত্তৰ সঞ্চালনাত পুৰস্কাৰ বিতৰণী সভা অনুষ্ঠিত হ'ব। অনুষ্ঠানটোত শিৱসাগৰবাসীৰ উপস্থিতি কামনা কৰিছে উদ্যাপন সমিতিৰ সাধাৰণ সম্পাদক মুজিদা বেগমে।

Share This