ডিজিটেল ডেস্ক : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ ছয়গাঁও ছাটাবাৰী ঔদ্যোগিক বিকাশ কেন্দ্ৰত থকা মহাবীৰ একুৱা নামৰ পানীৰ উদ্যোগত কালি এছ আই টিৰ দল উপস্থিত হৈ ৭/৮ ঘণ্টা অভিযান চলায়। অভিযানৰ শেষত সন্ধিয়া দলটোৱে সিদ্ধার্থ শৰ্মাৰ পানীৰ উদ্যোগটো ছীল কৰি দিয়ে। পলাশবাৰী সম জিলাৰ আয়ুক্ত ৰশ্মি গগৈ বৰা, ছয়গাঁও চক্র বিষয়া চিৰঞ্জিত দাস তথা আৰক্ষীৰ উপস্থিতিত এছ আই টিৰ দলটোৱে সাংবাদিকৰ প্রশ্নোত্তৰ দিয়াৰ পৰা আঁতৰি যায়।
উল্লেখযোগ্য যে হিয়াৰ আমঠু জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে সিদ্ধার্থ শৰ্মাৰ পানীৰ উদ্যোগটো এক ব্যাৱসায়িক সম্পত্তি আছিল। মন কৰিবলগীয়া যে সিদ্ধার্থ শৰ্মাৰ ব্যাৱসায়িক অংশীদাৰ খেতান উপাধিৰ লোকজন বিয়লি ঘটনাস্থলীত উপস্থিত হোৱা দেখা যায়। দুয়োৰে অংশীদাৰিত্বত মহাবীৰ একুৱা উদ্যোগটো বুলি জানিব পৰা গৈছে।
কোটি টকীয়া পানীৰ উদ্যোগটো নির্মীয়মাণ অৱস্থাত আছে বুলি জানিব পৰা গৈছে। ছিংগাপুৰলৈ যোৱাৰ দুদিন পূর্বে সিদ্ধার্থ শৰ্মাই পানীৰ উদ্যোগত উপস্থিত হৈ কাম-কাজৰ তদাৰক কৰি গৈছিল।