ডিজিটেল ডেস্ক: প্রথিতযশা সাহিত্যিক, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি, অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰি অহা প্রজ্ঞাৰ সাধক, অসমীয়া জাতিৰ গৌৰৱ তথা অসমীয়া জাতিৰ সাহস ড' নগেন শইকীয়ালৈ প্রাগ নিউজ আৰু জনমভূমি কাকত গোষ্ঠীৰ তৰফৰ পৰা আগবঢ়োৱা হয় সন্মানীয় 'বৰেণ্য অসমীয়া বঁটা ২০২৬'।
ড° শইকীয়াৰ ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰস্থিত বাসগৃহ 'আশ্রয়'ত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত প্রাগ নিউজ আৰু জনমভূমি কাকত গোষ্ঠীৰ মুখ্য পৰিচালন সঞ্চালক ড° সঞ্জীৱ নাৰায়ণ, দৈনিক জনমভূমি কাকতৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকন আৰু প্ৰাগ নিউজৰ মহাপ্ৰবন্ধক তথা জনমভূমি কাকত গোষ্ঠীৰ প্ৰকাশক চন্দ্ৰ শেখৰ শৰ্মাই 'বৰেণ্য অসমীয়া বঁটা ২০২৬'ৰ লগতে মানপত্ৰ আৰু ৫০ হেজাৰ টকাৰ এখন চে'ক ড° শইকীয়াক প্ৰদান কৰে।
দৈনিক জনমভূমি কাকতৰ কাৰ্যবাহী সম্পাদক সঞ্জীব কুমাৰ ফুকনে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত 'নগেন শইকীয়া সাৰস্বত ন্যাস'ৰ সভাপতি তথা ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য ড° কন্দর্প কুমাৰ ডেকা, সাহিত্যাচাৰ্য ড° কৰৱী ডেকা হাজৰিকা, শ্রীশ্রী অনিৰুদ্ধদেৱ ক্রীড়া বিশ্ববিদ্যালয়ৰ উপাচার্য ড° হীৰেন্দ্ৰনাথ শৰ্মা, পঞ্জীয়ক ড° পংকজ বৰঠাকুৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° গোপাল হাজৰিকা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° শৰৎ শৰ্মা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° প্রদীপ বৰুৱা, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ পবিত্ৰ প্রাণ ভট্টাচার্য, ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভানেত্রী ড° জ্যোতি বৰগোহাঞি, বিশিষ্ট চাহ খেতিয়ক, হিন্দু ৰত্ন বঁটা প্ৰাপক সমাজকর্মী ৰাজন লোহিয়া, ভাৰতীয় গণ নাট্য সংঘৰ ৰাজ্যিক সভাপতি শৰৎ চন্দ্ৰ নেওগকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থকা সভাত প্রাগ নিউজ আৰু জনমভূমি কাকত গোষ্ঠীৰ পৰা এই বঁটা লাভ কৰি ড° নগেন শইকীয়া আৱেগিক আৰু অভিভূত হৈ পৰে। বঁটা গ্রহণ কৰি ড° নগেন শইকীয়াই কয় যে প্রাগ নিউজ আৰু জনমভূমি কাকত গোষ্ঠীয়ে নতুন বছৰৰ আৰম্ভণিতে তেখেতক যেনেভাৱে মৰম যাচিলে, যেনেভাবে তেখেতসকলৰ মনোভাব প্রকাশ কৰিলে, তাৰ বাবে তেওঁ প্রাগ জনমভূমি পৰিয়ালৰ গুৰি ধৰোঁতা ড° সঞ্জীৱ নাৰায়ণকে প্ৰমুখ্য কৰি সমস্ত পৰিয়াললৈ আন্তৰিক শ্ৰদ্ধা- সম্ভাষণ আৰু নতুন বছৰৰ শুভেচ্ছা জনাইছে। ভাষণত তেখেতে কয়, 'আমি যদি সকলো মানুহ একলগ হৈ কাম কৰিব পাৰোঁ তেন্তে বহু কামেই আপোনা-আপুনি সিদ্ধ হয়। মানুহৰ ভিতৰত যিটো ভালপোৱাৰ ভাব আৰু কাম কৰাৰ শক্তি, এই দুটা হ'ল অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। ভালপোৱা নহ'লে ক'তো কেতিয়াও কাম সহজে পৰিপূৰ্ণ নহয়। আৰু কাম কৰাৰ যিটো মনোভাব, মানুহৰ সেইটো নহ'লে সমজুৱা জীবনত, ব্যক্তিগত জীৱনতো আমি আনন্দৰ মুখ দেখিব নোৱাৰোঁ। আমি যদি ত্যাগৰ মনোভাব প্ৰকাশ কৰিব পাৰোঁ, ক্ষমতা সকলোখিনি দিব পাৰোঁ, তেন্তে মই ভাবো আমাৰ দেশখন, ৰাজ্যখন, আমি থকা ঠাইখিনি নিজে নিজে সুন্দৰ হ'ব। আমাক এতিয়া নিজৰ ভিতৰত প্ৰাণশক্তি লাগে। যিটো প্রাণশক্তি নহ'লে আমি কোনো কাম কৰিব নোৱাৰোঁ। আমি কৰা সকলো কাম যে সকলোৱে ভাল পাব পাৰে সেইটো বিশ্বাস নকৰোঁ। বেয়া পালেও আমি সেয়া বেয়াৰ ফালে যাব দিব নালাগে। আনন্দেৰে গ্ৰহণ কৰিব লাগে।' প্রেম এনেকুৱা এটা বস্তু যাৰ দ্বিতীয় নাই বুলি মন্তব্য কৰি মিতভাষৰ স্ৰষ্টাগৰাকীয়ে কয় যে প্রেমেই জীৱনৰ শক্তি, প্রেমে আমাক সকলো ক্ষেত্রতে আগুৱাই লৈ যাবলৈ অনুপ্ৰেৰণা যোগায়।
তেখেতে কয় যে প্রাগ নিউজ আৰু জনমভূমি কাকত গোষ্ঠীয়ে অতবছৰে যিখিনি কাম কৰিছে, সেইখিনি যথার্থতে অতি মূল্যৱান কাম। এই অনুষ্ঠানটোৱে অসমৰ মংগলৰ কাৰণে যিখিনি কাম কৰিছে ইতিহাস আৰু মানুহে পাহৰি নাযায়। মই সেইকাৰণে সদায় অনুভৱ কৰোঁ যে প্রাগ-জনমভূমিয়ে যিখিনি কাম আদিৰে পৰা এতিয়ালৈকে কৰিছে, ইয়াৰ প্ৰত্যেকটো কামৰ লগত জড়িত হৈ আছে এক গভীৰ ভালপোৱা আৰু আমি এই কথাও জনা উচিত, ভালপোৱা নোহোৱাকৈ ভাল কাম ক'তো হোৱা নাই। এতেকে এই ভালপোৱাৰ লগত প্রাগ-জনমভূমি জড়িত, অসম জড়িত, মানুহ জড়িত। এই সর্বশক্তি প্রাগ-জনমভূমিৰ লগৰীয়া হওক বুলি তেখেতে কয়। 'মই অনুভৱ কৰিছোঁ এই শক্তিয়েই প্রাগ-জনমভূমি পৰিয়ালৰ শক্তি আৰু অসমীয়াৰ শক্তি হৈ উঠক' বুলি তেখেতে উল্লেখ কৰে। 'মই এই দিনটোক সেইবাবে মোৰ জীৱনৰ এক গুৰুত্বপূর্ণ দিশ বুলি অনুভৱ কৰিছোঁ' বুলি জনায়। 'জয়তু প্রাগ-জনমভূমি' বুলি ড° নগেন শইকীয়াই ভাষণ সামৰে।
অনুষ্ঠানত উপস্থিত থাকি শুভেচ্ছামূলক ভাষণ প্রদান কৰি সাহিত্যাচাৰ্য ড° কৰৱী ডেকা হাজৰিকাই কয় যে ড° নগেন শইকীয়া এক ব্যক্তি হৈ থকা নাই, তেখেত এক অনুষ্ঠান স্বৰূপ। একাধিক গুণেৰে সমাহিত ড° শইকীয়াক প্রাগ-জনমভূমি পৰিয়ালৰ তৰফৰ পৰা আগবঢ়োৱা এই বঁটাৰ বাবে তেখেতে ধন্যবাদ জনায় আৰু এই বঁটা যোগ্যজনৰ প্ৰাপ্তি বুলি অভিহিত কৰে। অনুষ্ঠানত উপস্থিত থাকি শ্রীশ্রী অনিৰুদ্ধদেৱ ক্রীড়া বিশ্ববিদ্যালয়ৰ উপাচার্য ড° হীৰেন্দ্ৰনাথ শৰ্মাই ভাষণত ড° শইকীয়াৰ সুস্বাস্থ্য কামনা কৰাৰ লগতে তেখেতৰ সৃষ্টিৰাজিয়ে অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰাৰ কথা উল্লেখ কৰে। ড° কন্দৰ্প কুমাৰ ডেকাই এই পদক্ষেপৰ বাবে প্ৰাগ নিউজ আৰু জনমভূমি কাকত গোষ্ঠীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। তেখেতে নগেন শইকীয়া সাৰস্বত ন্যাস গঠন কৰি বৰেণ্য সাহিত্যিকগৰাকীৰ সৃষ্টিৰাজি যুগমীয়া কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাৰ সম্পৰ্কত সবিশেষ অৱগত কৰে। অনুষ্ঠানত উপস্থিত থাকি ড° গোপাল হাজৰিকাই ড° নগেন শইকীয়াৰ প্ৰতি এই সন্মান প্রদান কৰাৰ বাবে শলাগ লয়।
জ্যেষ্ঠ সাংবাদিক, দৈনিক জনমভূমি কাকতৰ ডিব্ৰুগড়ৰ ষ্টাফ ৰিপ'ৰ্টাৰ, ডিব্রুগড় প্রেছ ক্লাবৰ সভাপতি মানস জ্যোতি দত্তই আঁত ধৰা অনুষ্ঠানটোত জনমভূমি কাকতৰ যোৰহাট কাৰ্যালয়ৰ মুখ্য পৰিচালন বিষয়া দীপক আচার্য, যোৰহাট সংস্কৰণৰ ডেস্ক ইনচার্জ দিগন্ত বুঢ়াগোহাঁই, দৈনিক জনমভূমি কাকতৰ দেওবৰীয়া আলোচনী 'বসুন্ধৰা'ৰ সম্পাদক শাংকব কৌশিক বৰুৱা, প্রাগ নিউজৰ ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক অনিল পোদ্দাৰ, হোমেন গোহাঁই, ফটো সাংবাদিক জাভেদ হুছেইন, ভিডিঅ' জার্নেলিষ্ট সুজয় ঘোষ, গণেশ পণ্ডিত, প্রাগ নিউজৰ তিনিচুকীয়াৰ সাংবাদিক বিপ্লৱ চেতিয়া আৰু দুলীয়াজানৰ সাংবাদিক ব্রজেন গগৈয়ে সহযোগিতা আগবঢ়ায়। উল্লেখযোগ্য যে অনুষ্ঠানত বিশিষ্ট ব্যৱসায়ী যুগল কিশোৰ মহন্ত,গুৰুকুল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষা বাসবী ভট্টাচার্য হাজৰিকা, ডিব্রুগড় গণনাট্য সংঘৰ ৰাতুল গগৈকে ধৰি ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে।