বিয়ালৈ গৈ থকাৰ  পথতে  বাছ মিনি-ভানৰ  সংঘৰ্ষত ৰাজস্থানত একেটা পৰিয়ালৰে  মৃত্যু সাতজনৰ

Kakali Deka August 13, 2023

 

ডিজিটেল ডেস্কঃ ৰাজস্থানত ঘটিছে এক শোকাৱহ পথ দুৰ্ঘটনা। এটা পৰিয়ালে এখন মিনি ভেনত বিয়া লৈ গৈ আছিল।ভানখনৰ সৈতে বিপৰীত দিশৰ পৰা আহি থকা এখন বাছৰ মাজত হোৱা সংঘৰ্ষত  একেটা পৰিয়ালৰে  সাতজন সদস্যই মৃত্যুবৰণ কৰে। ঘটনাটো ৰাজস্থানৰ দিদৱানা-কুচামান জিলাত সংঘটিত হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি পৰিয়ালটোৱে  চিকাৰ জিলাৰ পৰা নাগাউৰত এখন বিয়াত অংশ ল'বলৈ গৈ আছিল। খুনখুনা আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত বনথাৰী গাঁৱৰ ওচৰত এখন বাছৰ সৈতে মিনি-ভানখনৰ মুখামুখি সংঘৰ্ষ হয়।দুৰ্ঘটনাটো  ইমানেই  বেছি ভয়ংকৰ  আছিল যে ভানখন সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ পৰে।। গেছ কাটাৰেৰে গাড়ীৰ দুৱাৰ কাটিহে সকলো আৰোহীক উদ্ধাৰ কৰিবলগীয়া হয়।  ঘটনাস্থলীতে পৰিয়ালটোৰ সাতজন সদস্যৰ মৃত্যু হয়। বাকী দুজন গুৰুতৰভাৱে আহত হয় । তেওঁলোকক উদ্ধাৰ কৰি  এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

এজন প্বাৰত্যদৰ্শীয়ে প্ৰকাশ কৰা মতে দুয়ো খন বাহনেই  তীব্ৰ গতিত চলি আছিল।দুৰ্ঘটনাৰ  শব্দ শুনি স্থানীয় লোকসকলে ঘটনাস্থলীলৈ দৌৰি যায় আৰু উদ্ধাৰ অভিযানত নামি পৰে। স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত  গেছ কাটাৰেৰে ভান খনৰ দুৱাৰ কাটি আহ আৰু নিহতসকলক উদ্ধাৰ কৰা হয়।

Share This