কামপুৰত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত ৭টা বনৰীয়া হাতীৰ মৃত্যু 

dainik janambhumi December 21, 2025

ডিজিটেল ডেস্ক: কামপুৰ-যমুনামুখ ৰে'ল ষ্টেছনৰ মাজৰ চাংজুৰাইত এখন তীব্রবেগী ৰে'লৰ খুন্দাত প্রাণ গ'ল ৭টা বনৰীয়া হাতীৰ। নতুন দিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছ ৰে'লখনে যমুনামুখ ষ্টেছন পাৰ হৈ প্রায় দুই কিল'মিটাৰ যোৱাৰ পাছত শনিবাৰে পুৱতি নিশা প্রায় ২-৪৫ বজাত ৰে'লপথ পাৰ হোৱা বনৰীয়া হাতীৰ পাল এটাক মহতিয়াই নিয়ে। 

তীব্রবেগী ৰে'লখনৰ খুন্দাত গাভিনী আৰু পোৱালিসহ মুঠ সাতটা হাতীৰ থিতাতে মৃত্যু হয়। ভয়ংকৰ দুর্ঘটনাটোত এটা পোৱালি হাতী আহত হয়। আহত হাতী পোৱালিটো স্থানীয় ৰাইজে উদ্ধাৰ কৰে। পাছত বন বিভাগে হাতী পোৱালিটোক চিকিৎসাৰ বাবে কাজিৰঙালৈ প্রেৰণ কৰে। এই দুর্ঘটনাটোত ইঞ্জিন আৰু তিনিটা দবা লাইনচ্যুত হয় যদিও সৌভাগ্যক্রমে এজনো ৰে'লযাত্রী হতাহত হোৱা নাই। 

ভয়ংকৰ দুর্ঘটনাটোৰ পাছতে ৰে'লযাত্রীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। অৱশ্যে, আজি পুৱা অন্য ইঞ্জিনৰ দ্বাৰা লাইনচ্যুত নোহাৱা দবাসমূহ সংযোগ কৰি যাত্রীসকলক আনটো ৰে'লপথেৰে গুৱাহাটী অভিমুখে পঠিওৱা হয়। এই দুর্ঘটনাটো সংঘটিত হোৱাৰ পাছতে সেই ঠাইত অঞ্চলৰ শশ লোক উপস্থিত হৈ দুখ প্রকাশ কৰি বন বিভাগ আৰু ৰে'ল বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰে। স্থানীয় লোকৰ ভাষ্য অনুসৰি কালি দুর্ঘটনা সংঘটিত হোৱা স্থানৰ প্রায় এক কিল মিটাৰ সমীপৰ পটিয়াপামত সাত বছৰৰ আগত ৰে'লৰ খুন্দাত তিনিটা হাতীৰ মৃত্যু হৈছিল। সেই মর্মান্তিক ঘটনাৰ পাছতে অঞ্চলটোক হস্তী দণ্ডী হিচাপে চিহ্নিত কৰি ৰে'লপথৰ দাঁতিত ফলক আঁৰি দিয়া হৈছিল। কিন্তু এই সময়ছোৱাত কালি নিশা কাৰ গাফিলতিৰ বাবে সাতটাকৈ হাতীয়ে কৰুণ মৃত্যুক সাবটি ল'ব লগা হ'ল বুলি সর্বত্রে প্রশ্ন উত্থাপিত হৈছে। 

প্রায় দুমাহ ধৰি শতাধিক হাতী থকা পালটোক কঠীয়াতলী, তেঁতেলীসবা, বৰকলা অঞ্চলত খাদ্যৰ সন্ধানত বিচৰণ কৰি ফুৰাৰ লগতে একাধিক বাসগৃহ আৰু খেতি অনিষ্ট কবি থকা সত্ত্বেও বন বিভাগে হাতীৰ পালটোক পাহাৰলৈ ঘূৰাই পঠিয়াবলৈ সম্পূর্ণৰূপে বিফল হয়। বন বিভাগে হাতীৰ পালটোৰ গতি-বিধি নিৰীক্ষণ কৰি বিগত বর্ষসমূহৰ দৰে এইবাৰো ৰে'ল পথ পাৰ হ'ব পাৰে বুলি অনুধাৱন কৰি বে'ল বিভাগক আগতীয়াকৈ অৱগত কৰিছিল নে নাই বুলিও প্রশ্ন উত্থাপন হৈছে।

ইফালে, এই ঘটনাৰ বাবে কৃষক মুক্তি সংগ্রাম সমিতিৰ প্রাক্তন সভাপতি ৰাজু বৰাই বন বিভাগকে সম্পূর্ণ দোষাৰোপ কৰিছে। বৰাই কয় যে প্রতি বছৰৰ অক্টোবৰৰ পৰা জানুৱাৰী মাহৰ ভিতৰৰ সময়ছোৱাত সেই স্থানৰ ৰে'লপথেৰে হাতী পাৰ হৈ বিচৰণ কৰাটো নিয়মিত ঘটনা হৈ আহিছে। তেনেস্থলত বন বিভাগে হাতী কৰিডৰ বুলি জানিও কোনো ধৰণৰ বিশেষ সতর্কতামূলক ব্যবস্থা গ্রহণ কৰা পৰিলক্ষিত নহ'ল। এই ঘটনাৰ এক উচ্চ পর্যায়ৰ তদন্তৰ দাবী কৰি দোষীক কঠোৰ শাস্তি বিহিবলৈ আহ্বান জনাইছে। হাতী বিচৰণ কৰা এই সময়ছোৱাত বন বিভাগ আৰু ৰে'ল বিভাগৰ মাজত সখন যোগাযোগ থকাটো নিতান্তই প্রয়োজন আছিল বুলি আজি স্থানীয় ৰাইজে মতপ্রকাশ কৰিছে। একমাত্র বন বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবেই এই সাতটা হাতীৰ মৃত্যু হ'ল। ঘটনাটো সংঘটিত হোৱাৰ পাছতে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী সেই ঠাইত উপস্থিত হৈ আৱেগিক হৈ পৰে। তেওঁ এই সমগ্র ঘটনাৰ তদন্ত কৰা হ'ব বুলি জানিবলৈ দিছে। 

স্বেচ্ছাসেৱী সংগঠন 'হাতীবন্ধু'ৰ ফিল্ড ডাইৰেক্টৰ বিনোদ দুলু বৰা আৰু ডেপুটি ফিল্ড ডাইৰেক্টৰ মেঘনা ময়ূৰ হাজৰিকা সেই ঠাইত উপস্থিত হৈ হাতীৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰে। তেওঁলোকে স্থানীয় বন বিভাগে ৰে'ল বিভাগৰ লগত সঘন যোগাযোগ ৰাখিব লাগিছিল বুলি মত প্রকাশ কৰে। অৰণ্য সুৰক্ষা সমিতি অসমেও গভীৰ সমবেদনা জনাইছে। আনহাতে, বাতৰি লিখাৰ পৰলৈকে হাতীৰ বৃহৎ পালটো দুটা ভাগত বিভক্ত হৈ কাষৰীয়া বনপালি গাঁও আৰু পটিয়াপাম বিজার্ভত অৱস্থান কৰি আছে বুলি জানিব পৰা গৈছে। এই হাতীৰ পালৰ মাজত কেইবাটাও আঘাতপ্রাপ্ত হাতী থকা বুলি স্থানীয় ৰাইজে সন্দেহ প্রকাশ কৰিছে। 

আজি নিশাৰ ভাগত ভীতিগ্রস্ত হাতীৰ পালটোৱে কাষৰীয়া অঞ্চলসমূহত তাণ্ডৱ চলাব পাৰে বুলি ৰাইজ সম্ভাসিত হৈ পৰিছে। উল্লেখযোগ্য যে আজি প্রায় দুপৰীয়ালৈকে ৰে'লৰ চলাচল বন্ধ থাকে যদিও পিছবেলা দুই এখন দুৰণিবটীয়া ৰে'ল চলাচল কৰে। ইফালে, কন বিষয়াৰ ভাষ্য মতে নিশা ডেব বজাত হাতীৰ পালটোৰ কথা অৱগত কৰা হৈছিল বে'ল বিভাগক। কামপুৰ ৰে'লৱে ষ্টেছনৰ ৪নং গেটত জনোৱাৰ পাছত গেটৰ কৰ্মচাৰীয়ে কামপুৰৰ ষ্টেছন মাষ্টৰক ফ'নযোগে খবৰটো জনাইছিল। 

১২৪নং প'ষ্টৰ আশে-পাশে হাতীৰ পাল পাৰ হ'ব পাৰে বুলি বনকর্মীয়ে আশংকা কৰিছিল, কিন্তু জনোৱাৰ পাছতো সতর্ক নহ'ল ৰে'ল বিভাগ। দুর্ঘটনাটো সংঘটিত হৈছিল ১২৬ নম্বব প'ষ্টৰ কাষত। অন্য এটা সূত্রব মতে, তিনি দিন পূর্বে বন বিভাগে কামপুৰ ৰে'লৱে ষ্টেছন মাষ্টৰক পত্রযোগে হাতীৰ গতি-বিধ চলি থকা বুলি জনাইছিল। বন বিভাগৰ এটা সূত্রই জনোৱা মতে, কঠীয়াতলীৰ পৰা তেতেলীসৰা হৈ চাংজুৰিয়া ১২৬ নম্বৰ প'ষ্টেৰে পাৰ হ'ব বিচাৰিছিল প্রায় ১০০টা হাতী। উক্ত স্থানত প্রায়েই হাতীৰ পালে ৰে'ললাইন পাৰাপাৰ হয় যদিও ইয়াত ৰে'ল বিভাগে কোনো বৈধ এলিফেন্ট কৰিডৰ ঘোষণা নকৰিলে, যাৰ বাবে তীব্রবেগী ৰে'লখনে ৮০০ মিটাৰ চোঁচৰাই নিয়ে হাতীৰ পালটোক।

Share This