আওপকীয়াকৈ হিমন্ত বিশ্ব শর্মাক পৰৱৰ্তী মুখ্যমন্ত্ৰীৰূপে প্ৰক্ষেপ শ্বাহৰ

dainik janambhumi January 31, 2026

ডিজিটেল ডেস্ক: ড° হিমন্ত বিশ্ব শর্মাক আওপকীয়াকৈ ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্রীৰূপে প্রক্ষেপ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে। কেন্দ্রীয় গৃহ মন্ত্রী শ্বাহে কালি ডিব্ৰুগড়ৰ অনুষ্ঠানত অসমৰ অনুপ্ৰৱেশকাৰীসকলক কঠোৰ সকীয়নি দি ঘোষণা কৰে যে যদিহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিয়ে একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে জয়লাভ কৰে, তেন্তে তেওঁলোকক সম্পূৰ্ণৰূপে বহিষ্কাৰ কৰা হ'ব। 

ডিব্ৰুগড় খনিকৰ খেলপথাৰত অনুষ্ঠিত ৰাজহুৱা সভাত ভাষণ দি কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে কয় যে নির্বাচনী মুনাফাৰ বাবে অবৈধ প্রব্রজনক অস্ত্র হিচাপে কংগ্ৰেছে ব্যৱহাৰ কৰিছিল। শ্বাহে কংগ্ৰেছৰ 'ভোট বেংকৰ ৰাজনীতি'ক লক্ষ্য কৰি তীব্ৰ আক্ৰমণ চলায়। তেওঁ অভিযোগ কৰে যে বিৰোধী দলটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ এই ৰাজ্যখনত ক্ষমতা দখল কৰিবলৈ ইচ্ছাকৃতভাৱে অনুপ্রৱেশক উৎসাহিত কৰিছিল। অনাগত নিৰ্বাচনৰ এক মুখ্য বিষয় উত্থাপন কৰি শ্বাহে কয়, 'কংগ্রেছ দলে ভোট বেংকৰ ৰাজনীতিৰ স্বাৰ্থত অসমত ক্ষমতালৈ আহিবলৈ অনুপ্রৱেশক উদগনি দিছিল। তেওঁলোকে ইয়াক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল।' 

অসমবাসীক এক স্পষ্ট প্রতিশ্রুতি দি গৃহ মন্ত্ৰীগৰাকীয়ে কয়, 'আজি অসমৰ এই দ্বিতীয় ৰাজধানীৰ পৰা মই প্রতিশ্রুতি দিছোঁ যে যদিহে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰ ক্ষমতালৈ আহে, তেন্তে প্রতিজন অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি অসমৰ পৰা উলিয়াই দিয়া হ'ব। 'বৰ্তমানৰ বিজেপি প্রশাসনে ইতিমধ্যে অনুপ্ৰৱেশৰ বিৰুদ্ধে নির্ণায়ক পদক্ষেপ গ্রহণ কৰিছে বুলি উল্লেখ কৰি শ্বাহে কয় যে চৰকাৰে অনুপ্ৰৱেশকাৰীয়ে বেদখল কৰি থকা ১.২৬ লাখ হেক্টৰ ভূমি মুক্ত কৰিবলৈ পদক্ষেপ লৈছে। তেওঁ 'অসমৰ জনগাঁথনি সলনি কৰা অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ' গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰী শৰ্মাক প্রশংসা কৰে। 

কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে অনুপ্ৰৱেশক অসমৰ জনগাঁথনি, নিৰাপত্তা, সম্পদ আৰু আনকি বন্যপ্রাণী সংৰক্ষণৰ বাবেও এক ভাবুকি হিচাপে অভিহিত কৰে। শ্বাহে সকীয়াই দি কয়, 'অনুপ্ৰৱেশকাৰীসকলে কেৱল জনগাঁথনিৰ ছবিখনেই সলনি কৰা নাই, দেশৰ নিৰাপত্তাৰ লগতো আপোচ কৰিছে।' তেওঁ লগতে কয় যে বেদখলকাৰীসকলে 'শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানকো ৰেহাই দিয়া নাছিল' আৰু 'আনকি কাজিৰঙাৰ অৰণ্যতো প্ৰৱেশ কৰি গঁড় হত্যাত লিপ্ত হৈছিল। পৰিস্থিতিৰ গুৰুত্ব উপলব্ধি কৰিবলৈ শ্বাহে অসমৰ নাগৰিকসকলক পোনপটীয়াকৈ আহ্বান জনায়। তেওঁ কয়, 'যদি আজি অসমৰ ৰাইজে অনুপ্ৰৱেশকাৰীৰ দ্বাৰা চলি থকা জনগাঁথনি পৰিৱৰ্তনৰ প্ৰক্ৰিয়াটো ৰোধ নকৰে, তেন্তে অনাগত দিনত অসমে ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব। কেৱল বিজেপিয়েহে অনুপ্ৰৱেশকাৰীক ৰুধিব পাৰে, আন কোনেও নোৱাৰে। 

'গৃহ মন্ত্ৰীগৰাকীয়ে এই বিষয়টোৰ অৰ্থনৈতিক দিশটোৰ ওপৰতো গুৰুত্ব আৰোপ কৰি কয় যে অনুপ্ৰৱেশকাৰীসকলে বৈধ বাসিন্দাসকলক অত্যাৱশ্যকীয় সম্পদৰ পৰা বঞ্চিত কৰিছে। তেওঁ কয়, 'আমাৰ সম্পদ সীমিত, অথচ দুখীয়া মানুহৰ অধিকাৰ অনুপ্ৰৱেশকাৰীয়ে কাঢ়ি লৈছে। 'পূৰ্বৰ চৰকাৰসমূহৰ সৈতে বিজেপিৰ দৃষ্টিভংগীৰ তুলনা কৰি শ্বাহে দাবী কৰে যে নৰেন্দ্ৰ মোদীৰ পূৰ্বৰ প্ৰধানমন্ত্ৰীসকলৰ দিনত 'অসমৰ সীমান্ত অবৈধ প্ৰব্ৰজনৰ বাবে খোলা আছিল।' তেওঁ কয় যে মোদী চৰকাৰ আৰু বিজেপিৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা হিমন্ত বিশ্ব শর্মাই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত 'তেওঁলোকে অনুপ্ৰৱেশ বন্ধ কৰিলে। এতিয়া অনুপ্রৱেশ নঘটে।' শ্বাহে স্পষ্ট কৰি দিয়ে যে নতুনকৈ অবৈধ প্ৰৱেশ ৰোধ কৰা হৈছে যদিও তেওঁৰ লক্ষ্য এতিয়া ইতিমধ্যে থকা‌ অনুপ্ৰৱেশকাৰীসকলৰ ওপৰত। তেওঁ ঘোষণা কৰে, 'যিসকল ইতিমধ্যে আগতেই সোমাইছে, তেওঁলোককো ৰেহাই দিয়া নহ'ব। বিজেপি চৰকাৰে তেনে অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বহিষ্কাৰ কৰিব।

Share This