আজি মুকলি হ'ব 'শ্বহীদ স্মাৰক ক্ষেত্ৰ', বীৰ শ্বহীদলৈ জাতিৰ শ্ৰদ্ধা

dainik janambhumi December 10, 2025

ডিজিটেল ডেস্ক: এই সময় স্মৰণীয়। অসম আন্দোলনৰ মহান শ্বহীদসকলৰ ত্যাগক সুঁৱৰি শ্বহীদ স্মাৰক ক্ষেত্রত কালি প্রজ্বলিত কৰা হয় 'শ্বহীদ প্রণাম জ্যোতি'। এই জ্যোতিশিখাৰ দৰেই মহান শ্বহীদসকল উজলি থাকিব প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ে হৃদয়ে, নিৰন্তৰে। অসম আন্দোলনৰ মহান শ্বহীদসকলৰ ত্যাগ, অৱদানক চিৰ যুগমীয়া কৰি ৰখাৰ বাবে গুৱাহাটীৰ বৰাগাঁৱত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰখন আজি মুকলি কৰা হ'ব। 

ইয়াৰ পূৰ্বে কালি ৮৬০গছি বন্তি প্রজ্বলনেৰে অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদসকললৈ শ্রদ্ধা নিবেদন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই। এই অনল শিখা সদায় জ্বলি থাকিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'শ্বহীদসকলৰ স্মৃতি কৃতজ্ঞ অসমীয়া জাতিয়ে চিৰদিন বুকুত কঢ়িয়াই ফুৰিব। অসমৰ ভূমি, সংস্কৃতি আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে জীৱন উৎসৰ্গা কৰা মহানসকলৰ ত্যাগ-বীৰত্বক সগৌৰৱে সোঁৱৰণ কৰিবলৈ আজি ৪৫ বছৰে কোনো শাশ্বত স্মৃতিচিহ্ন নাছিল। এই অপূর্ণ কর্মক উৎসর্গীকৃত প্রয়াসেৰে পূৰ্ণতা প্রদান কৰি আমাৰ চৰকাৰে গুৱাহাটীৰ শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণ কৰে। এই স্মাৰক শ্বহীদৰ ত্যাগৰ জ্যোতি উজলাই থিয় হৈ ৰব দৃঢ়তাৰে। আনহাতে, অসমীয়া জাতি বিশ্বৰ বুকুত গৌৰৱেৰে জীয়াই থকাৰ এক সংকল্পৰ কেন্দ্ৰ শ্বহীদ স্মাৰক ক্ষেত্ৰ বুলি অভিহিত কৰি তেওঁ লগতে কয় আমাৰ বাবে শ্বহীদ স্মাৰক ক্ষেত্ৰ প্ৰেৰণাৰ কেন্দ্ৰ হ'ব। কাইলৈৰ দিনটো আমাৰ বাবে এক প্ৰাপ্তিৰ দিন হ'ব। দুৰ্যোগৰ মাজতো অন্ধকাৰৰ মাজতো অসমীয়া জাতিয়ে সংগ্রাম কৰিব লাগিব। এই সংগ্ৰামত শ্বহীদ স্মাৰকে প্ৰেৰণা যোগাই যাব বুলি উল্লেখ কৰি তেওঁ লগতে অসমৰ সকলো ৰাইজক শ্বহীদ দিৱসৰ কাৰ্যসূচীত যোগদান কৰিবলৈ আহ্বান জনায়। 

আজি সুধাকণ্ঠৰ 'শ্বহীদ প্রণামো তোমাক' গীতটো সকলো জিলা, সমজিলাৰ সদৰতে হাজাৰ হাজাৰ লোকে পৰিৱেশন কৰিব বুলি উল্লেখ কৰি তেওঁ লগতে কয়, 'আমি প্রায় চাৰিশ শ্বহীদৰ ফটো পোৱা নাই। সেই স্থানসমূহ খালী ৰখা হৈছে। কাৰোবাৰ ফটো আছে যদিও নাম-ঠিকনা নাই। যাৰ বাবে তেওঁলোকৰ ভায়েক বা ককায়েকক সন্মুখত বহুৱাই তেওঁলোকৰ ফটো প্ৰস্তুত কৰাৰ বাবে আমি এটা প্রকল্প লৈছোঁ। 

আনহাতে, এই অনুষ্ঠানত উপস্থিত থকা ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, জাতীয় শ্বহীদৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ কাৰণে এটা স্থায়ী শ্বহীদ স্মাৰক নিৰ্মাণৰ বাবে ৰাইজৰ লগতে আছুৱে দীর্ঘদিন ধৰি দাবী জনাই আহিছিলোঁ। আজি সেই আহ্বান আৰু দাবী পূৰণ হৈছে। আমি মনত ৰাখিব লাগিব যে ৮৬০ সংখ্যা নহয়, জীৱন। শ্বহীদ স্মাৰক নিৰ্মাণৰ বাবে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। এয়া অসম চৰকাৰৰ ইতিবাচক পদক্ষেপ।' একেদৰে অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই কয় যে কাইলৈ ১০ ডিচেম্বৰ অসমবাসীৰ বাবে এক বিশেষ ক্ষণ। বৰাগাঁৱত মুকলি হ'ব শ্বহীদ স্মাৰক ক্ষেত্ৰ। ৰাজ্য চৰকাৰে এইবাৰ কেন্দ্ৰীয়ভাৱে সমগ্ৰ ৰাজ্যজুৰি শ্বহীদ দিৱস পালনৰ ব্যৱস্থা কৰিছে। ১০ ডিচেম্বৰৰ দিনটোত খৰ্গেশ্বৰ তালুকদাৰ শ্বহীদ হৈছিল। সেই দিনটোত আমি সদায়ে শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছোঁ। জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে নিজৰ জীৱন আহুতি দিয়াসকলক শ্রদ্ধা জনোৱাৰ এয়া এক সুযোগ বুলি কয় বৰাই। 

কালিৰ বন্তি প্রজ্বলন কার্যসূচীত মন্ত্রীসকল ক্রমে অতুল বৰা, কেশৱ মহন্ত, বিমল বড়া, পীযূষ হাজৰিকা, জয়ন্ত মল্লবৰুৱা, অসম চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটা প্ৰমুখ্যে কেইবাগৰাকী জ্যেষ্ঠ বিষয়া, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচার্য, সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ভাগ লয়। ভাগৱত পাঠেৰে আৰম্ভহোৱা অনুষ্ঠানটোত দিহানাম আৰু থিয়নামো পৰিৱেশন কৰা হয়।

Share This