ডিজিটেল ডেস্ক : দুলীয়াজান আৰক্ষী থানাৰ গাতে লাগি থকা বিতর্কিত বি এন সিং পেট্রল পাম্প কাণ্ডই চতুর্থ দিন অতিক্ৰম কৰিলে। এক মাৰপিটৰ ঘটনাত নাম সাঙোৰ খাই আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই আৰক্ষীৰ বৰ্বৰতাৰ মাজেৰে বর্তমানেও কাৰাগাৰৰ আলহী হ'ব লগা হৈছে। ইয়াকে লৈ বিগত কেউটা দিন দুলীয়াজানৰ লগতে সমগ্র অসমতে একে উত্তেজনাময় পৰিস্থিতি সৃষ্টি হোৱাৰ উপৰি দল-সংগঠনে শংকৰজ্যোতি বৰুৱাৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে। সমান্তৰালকৈ বিতর্কিত তেল ডিপ'টোৰ অইলৰ সৈতে থকা ভূমিৰ লীজ বাতিল আৰু তনু শ্বাহী নামৰ মহিলাগৰাকীয়ে দল- সংগঠনক কৰা বিৰূপ মন্তব্যৰ বিৰুদ্ধেও জাঙুৰ খাই উঠিছে।
কিন্তু ইয়াৰ মাজতে পেট্রল পাম্পটোৰ কৰ্মচাৰীক আক্ৰমণৰ ঘটনাত অভিযুক্ত হয় কেইবাজনো দল-সংগঠনৰ নেতা। ভাইৰেল হোৱা ভিডিঅ'ত প্রত্যক্ষ কৰা অনুসৰি মাৰপিটৰ ঘটনাত পোনপটীয়াকৈ
জড়িতসকলক কিন্তু আৰক্ষীয়ে বর্তমানেও আটক কৰিবলৈ সক্ষম হোৱা নাই। ভিডিঅ'টোত শংকৰজ্যোতি বৰুৱাই মাৰপিট কৰা প্ৰত্যক্ষ কৰা নহয় যদিও ডিপ'টোৰ তনু শ্বাহী নামৰ যুৱতীগৰাকীয়ে দিয়া এজাহাৰৰ ভিত্তিত প্রাক্তন ছাত্র নেতাগৰাকীক জে'ললৈ প্ৰেৰণ কৰে।
আনহাতে, উক্ত গোচৰতে এতিয়াও ছাত্র নেতাগৰাকীয়ে জামিন লাভ কৰা নাই। কিন্তু সেই একে গোচৰতে অভিযুক্ত আন আন সকলকো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই নে আটক কৰা নাই সেয়াও এক ৰহস্যজনক বিষয়। ইফালে ঘটনাত জড়িত আৰু বর্তমানেও আটক নোহোৱা এজন নেতাৰ ওপৰত ৰাজনৈতিক ব্যক্তিৰ আশীৰ্বাদ আছে বুলিও চর্চা - চলিছে। তেনে পৰিপ্ৰেক্ষিতত শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত আৰক্ষীয়ে যি তৎপৰতা প্রদর্শন কৰিলে সেই একে তৎপৰতা বাকী অভিযুক্তৰ ক্ষেত্ৰতো প্ৰদৰ্শন কৰিবলৈ বিভিন্ন মহলে দাবী জনাইছে।