ডিজিটেল ডেস্ক : উৎকণ্ঠা, বিভিন্ন বিতৰ্কৰ অৱসান ঘটাই অৱশেষত গেৰুৱা দলত যোগদান কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। এটা নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা জানিব পৰামতে আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাতৰ পাছতে কেইবাজনো আছুৰ প্ৰাক্তন কেন্দ্ৰীয় নেতাৰ সৈতে বৰুৱাই ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰিব।
ইতিমধ্যে যোগদানৰ বাবে কেইবাজনো আছুৰ প্ৰাক্তন কেন্দ্ৰীয় নেতাৰ লগতে আটছা, চাহ মজদুৰ সংঘ, গোর্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতাৰ লগতে অসম আন্দোলনৰ শ্বহীদ পৰিয়ালৰ এজন ব্যক্তি কালি গুৱাহাটী অভিমুখে ৰাওনা হোৱা বুলি জানিব পৰা গৈছে। মন কৰিবলগীয়া যে এক বিতৰ্কত সাঙোৰ খাই সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা স্ব-ইচ্ছাই অব্যাহতি লৈ দুলীয়াজান সমষ্টিৰ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ পৰিছিল। বিভিন্ন সামাজিক কাম-কাজত অধিক সক্রিয় হৈ পৰা বৰুৱাই কিছুদিন পূর্বে কংগ্ৰেছ দলত যোগদান কৰিব বুলিও চর্চা লাভ কৰিছিল যদিও পৰৱৰ্তী সময়ত কংগ্ৰেছ দলত যোগদান নকৰাৰ কথা স্পষ্ট কৰিছিল। আনহাতে কেইমাহমানৰ পূৰ্বে এটা পেট্রল পাম্পত সংঘটিত এক মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি পৰৱৰ্তী সময়ত ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈ কাৰাগাৰলৈয়ো যাব লগা হৈছিল বৰুৱা। কাৰাগাৰৰ পৰা ওলায়ে সামাজিকভাৱে অধিক সক্রিয় হৈ পৰা শংকৰজ্যোতিক লৈ দুলীয়াজানৰ বিধায়কগৰাকীৰ লগতে অন্যান্য বিজেপিৰ টিকট প্রত্যাশীসকলৰো মাজত কৌতূহলৰ সৃষ্টি হৈছিল। সামাজিক কাম-কাজৰ জৰিয়তে দুলীয়াজান সমষ্টিৰ ৰাইজৰ আস্থা লাভ কৰা শংকৰজ্যোতিয়ে দুলীয়াজান মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা অৱস্থাতে নাওশলীয়া উপ শাখা ছাত্ৰ সন্থা গঠন, পৰৱৰ্তী সময়ত দুলীয়াজান মহাবিদ্যালয়ৰ উপ-সভাপতি, দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটক প্রতিনিধিত্ব কৰি ৰাজ্যিক কাৰ্যনিৰ্বাহক, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ দুবাৰকৈ সাধাৰণ সম্পাদক, আছুৰ দুলীয়াজান আৰু মৰিগাঁও অধিৱেশনত কেন্দ্রীয় সাধাৰণ সম্পাদকৰ দায়িত্ব গ্রহণ কৰি ছাত্ৰ ৰাজনীতি কৰি গৈছিল।
তদুপৰি দুলীয়াজান মহাবিদ্যালয়ৰ পৰা অৰ্থনীতি বিভাগত স্নাতক, ডিব্রুগড় বিশ্ববিদ্যালয়ৰ পৰা এম এছ ডব্লিউত স্নাতকোত্তৰ আৰু বৰ্তমান ইউ এছ টি এমৰ গৱেষক ছাত্ৰ শংকৰজ্যোতি বৰুৱাক অৱশ্যে গেৰুৱা দলটোৱে কি পর্যায়ত স্থান দিয়ে সেয়া সময়েহে ক'ব। ইফালে শংকৰজ্যোতি বৰুৱাৰ যোগদানৰ পাছতেই দলটোলৈ প্রাক্তন ছাত্র নেতা, অন্যান্য দল-সংগঠনৰ নেতাৰো আগমন ঘটাৰ পূৰ্ণ সম্ভাৱনা আছে।