ডিজিটেল ডেস্ক : ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পর্যায়ত বিজ্ঞান সাহিত্যিকৰূপে স্বীকৃতিপ্রাপ্ত মৌচাক আৰু নতুন আৱিষ্কাৰ আলোচনীৰ সম্পাদক শান্তনু তামুলীক যোৰহাট বিজ্ঞান চ'ৰাই ১৯ জুলাইত জীৱনজোৰা বিজ্ঞান-সাহিত্য সাধনা সন্মান প্রদান কৰিব। ২০২৩ চনৰ ৬ ছেপ্টেম্বৰত গঠিত যোৰহাট বিজ্ঞান চ'ৰাৰ পঞ্চাছ সংখ্যক বৈঠকত উদ্যোক্তাসকলে এই সন্মান আগবঢ়াব। যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত দিনৰ ২-৩০ বজাৰপৰা আয়োজিত অনুষ্ঠানত বিভিন্ন ব্যক্তি আৰু অনুষ্ঠান-প্রতিষ্ঠানেও অসম তথা দেশৰ বিজ্ঞান-সাহিত্য জগতখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁক ৰাজহুৱা সম্বর্ধনা জনাব।
উল্লেখযোগ্য যে এইজন সুযোগ্য অসম সন্তানৰ গ্ৰন্থ 'জয় ইন দ্য জংগল'ৰ কাহিনী দক্ষিণ এছিয়া আৰু পশ্চিম এছিয়াৰ ২৬খন দেশৰ বিদ্যালয়ৰ পাঠ্যপুথিত সন্নিৱিষ্ট হৈছে। এই কাহিনী আমাৰ দেশৰ চি বি এছ ই আৰু আই চি এছ ই পাঠ্যক্ৰমত ইতিমধ্যে দ্রুতপাঠ্যৰূপে শিক্ষার্থীয়ে অধ্যয়ন কৰি আহিছে। বিভিন্ন ঘাত-প্রতিঘাতৰ মাজত ধাৰাবাহিকভাবে ৪২বছৰ মৌচাক আৰু ৩৮বছৰ নতুন আৱিষ্কাৰ আলোচনী সম্পাদনা আৰু প্ৰকাশ কৰা শান্তনু তামুলীৰ উদ্যোগত নেশ্যনেল বুক ট্রাষ্টে ৩৫০খন শিশুগ্রন্থ অসমীয়া ভাষাত প্রকাশ কৰি অসমীয়া শিশু সাহিত্যৰ ভঁৰাল চহকী কৰিছে। দুকুৰিৰো অধিক গ্ৰন্থ ৰচনা আৰু অনুবাদ কৰা অসমীয়া সাহিত্য জগতৰ পুৰোধা ব্যক্তিজনে বিজ্ঞানৰ প্ৰচাৰ, প্ৰসাৰ, জনপ্ৰিয়কৰণৰ লগতে শিশুসকলৰ বিজ্ঞান মনষ্কতা গঢ় দিয়াৰ কাৰণে দীর্ঘকাল অহোপুৰুষাৰ্থ কৰি আহিছে।
২০১২ চনত সাহিত্য অকাদেমিৰ শিশু সাহিত্য বঁটা প্ৰাপ্তিৰ লগতে ২০১০ চনত বিজ্ঞান জনপ্ৰিয়কৰণৰ ৰাষ্ট্ৰীয় বঁটা, এন চি আৰ টিৰ ৰাষ্ট্ৰীয় বঁটাৰ লগতে বহুকেইটা ৰাজ্যিক বঁটাৰে তেওঁ সন্মানিত হৈছে। ১৯৪৮ চনৰ ১মাৰ্চত গোলাঘাটত জন্ম লাভ কৰা আৰু ২০০৮ চনত ড° প্রমোদ চন্দ্ৰ তামুলীৰূপে উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা অৱসৰগ্ৰহণ কৰা ব্যক্তিজনৰ সম্বর্ধনা অনুষ্ঠানত ৰাইজৰ সহযোগিতা আৰু উপস্থিতি যোৰহাট বিজ্ঞান চ'ৰাই কামনা কৰিছে।