ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ

dainik janambhumi November 27, 2025

ডিজিটেল ডেস্ক:  ধেমাজিৰ গোগামুখ পাঁচ মাইলত এজন যুৱকে ড্ৰেগন খেতিৰ জৰি‌য়তে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন। ৫০০ জোপা ড্ৰেগন খেতি আৰু হাজাৰোধিক আদা খেতি বিজ্ঞানসন্মতভাৱে কৰি স্বাৱলম্বন হ'বলৈ সক্ষম হৈছ গোগামুখৰ শশাংকৰ সোণোৱাল।

এগৰাকী স্বাস্থ্য বিভাগৰ কৰ্মচাৰী হিচাপে নিজৰ কৰ্তব্য‌ পালন কৰিও আজৰি সময়খিনিত খেতিৰ লগত জড়িত হৈ পৰে শশাংকৰ।

অৱশ্য এই খেতিৰ লগত তেওঁৰ পৰিবাৰ তুলুমণি সোণোৱাল আৰু পৰিয়াল একান্তভাৱে জড়িত হৈ পৰিছে।

বৰ্তমান ড্ৰেগন ফলৰ লগতে  শ শ ড্ৰেগন পুলি সংৰক্ষণ কৰা বুলি জানিবলৈ দিয়ে শশাংকৰ সোণোৱালে।



উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This