শেখৰজ্যোতি, অমৃতপ্ৰভাৰ নতুন ঠিকনা হাফলং কাৰাগাৰ

dainik janambhumi October 18, 2025

ডিজিটেল ডেস্ক : যেন দেশৰ কোনো দুই বিশাল ব্যক্তিত্বহে ! যেন দেশৰ দুই অমূল্য সম্পদহে! কালি ঠিক তেনেদৰেই ৩০খনকৈ গাড়ীৰ বিশাল কনভয়েৰে কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই হাফলঙৰ কাৰাগাৰলৈ লৈ যায় জুবিন হত্যাৰ অন্যতম দুই অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তক। এওঁলোক দুয়োৰে এতিয়া অন্তিম ঠিকনা হয় হাফলং কাৰাগাৰ। কালি পুৱাই চি আই ডিৰ কাৰ্যালয়লৈ গাড়ীয়ে গাড়ীয়ে চি আৰ পি এফৰ জোৱান আনি কাৰ্যালয়টোৰ চৌপাশে গঢ়ি তোলা হৈছিল বৃহৎ নিৰাপত্তা বেহু। 

সেইদৰে কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ চৌহদতো সাজু কৰি তোলা হৈছিল অভেদ্য নিৰাপত্তা। বাক্‌সাৰ পৰিস্থিতিৰ পাছত আৰক্ষীৰ বাবে এই অপৰাধীবোৰক লৈ যোৱাটো হৈ পৰিছিল প্রবল প্রত্যাহ্বান আৰু ৰাইজৰ ক্ষোভৰ জুইৰ পৰা বাচিবলৈ পুৱা ৮-৪৫ বজাত দুয়োটা অপৰাধীকে চি আই ডিৰ কাৰ্যালয়ৰ পৰা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতলৈ লৈ যোৱা হয়। 

আদালতৰ পৰা অমৃতপ্রভা আৰু শেখৰজ্যোতিক জুবিনৰ সমাধিস্থলীৰ সন্মুখেদি সোণাপুৰ হৈ লৈ যাবলৈও সাহস নহ'ল আৰক্ষীৰ। সেয়েহে, দুয়োটাকে সোণাপুৰৰ পৰিৱৰ্তে ডিগাৰু হৈ লৈ যোৱা হ'ল। ইফালে, কালি আদালতত এই দুয়োটা অপৰাধীকে কোনো এজন অধিবক্তায়েই আগ নবঢ়ালে ন্যায়িক সাহায্য। আদালতে সেয়েহে দুয়োটাকে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

Share This