ডিজিটেল ডেস্ক : শিক্ষকসকলে উত্থাপন কৰা বিভিন্ন সমস্যা সমাধানৰ প্ৰতি পিঠি দিয়া ৰাজ্য চৰকাৰে শিক্ষা সেতু এপত উপস্থিতি নিদিয়াত দৰমহা কৰ্তন কৰাৰ দৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাত শিক্ষক সংগঠনসমূহ পুনৰ ক্ষুব্ধ হৈ পৰিছে। এপত উপস্থিতি দিয়াৰ সময়ত সৃষ্টি হোৱা আসোঁৱাহসমূহ নির্মূল নকৰাকৈ ধুবুৰী জিলাৰ পৰা শিক্ষকৰ দৰমহা কৰ্তন আৰম্ভ হৈছে। জিলাখনৰ ৫টা শিক্ষা খণ্ডৰ অধীনত থকা মাধ্যমিক বিদ্যালয়ৰ ৩৮৭গৰাকী শিক্ষকৰ দৰমহা কৰ্তন কৰাৰ জাননী জাৰি কৰিছে জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে। গৌৰীপুৰ শিক্ষা খণ্ডৰ ১৪৫গৰাকী, চাপৰৰ ২৪গৰাকী, গোলোকগঞ্জৰ ২২গৰাকী, আগমনিৰ ৫৩গৰাকী আৰু বিলাসীপাৰাৰ ১৪২গৰাকী শিক্ষকৰ দৰমহা কৰ্তনৰ তালিকা যুগুত কৰা হৈছে।
সংশ্লিষ্ট ডি ডি অ'সকলক জিলাখনৰ বৃহৎসংখ্যক শিক্ষকৰ এটা দিনৰ দৰমহা কৰ্তন কৰিবলৈ নিৰ্দেশ দিছে বিদ্যালয় পৰিদৰ্শকে। অৱশ্যে যিসকলে শিশুৰ যতন, প্রসূতিজনিত ছুটী লৈছে আৰু বি এড অধ্যয়নত আছে, তেওঁলোকৰ দৰমহা কৰ্তন নহ'ব বুলি নির্দেশনাত উল্লেখ কৰা হৈছে। শৈক্ষিক বৰ্ষৰ আৰম্ভণিতে শিক্ষা সেতু এপৰ আসোঁৱাহ নিৰাময় নকৰাকৈ ধুবুৰী জিলাত ৩৮৭গৰাকী মাধ্যমিক
শিক্ষকৰ দৰমহা কৰ্তন আৰম্ভ হৈছে যদিও জানিব পৰা মতে, আন আন জিলা, উপ-জিলাতো শিক্ষকৰ দৰমহা কৰ্তন কৰিবলৈ শিক্ষা বিষয়াসকল তৎপৰ হৈছে। শিক্ষা সেতু এপটোত যে আসোঁৱাহ আছিল সেই কথা স্বীকাৰ কৰি বিসংগতি তথা দুৰ্বলতাসমূহ আঁতৰ কৰিবলৈ ৰাজ্য চৰকাৰে বিশেষজ্ঞ কমিটী গঠন কৰি দিছিল। বিশেষজ্ঞ কমিটীৰ প্ৰতিবেদন ৰাজহুৱা নকৰাকৈ এপটোত উপস্থিতি নিদিয়াৰ অচিলা লৈ দৰমহা কৰ্তনৰ দৰে কঠোৰ ব্যৱস্থা লোৱাত সদৌ অসম সন্মলিত শিক্ষক মঞ্চই তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে। শিক্ষক মঞ্চৰ মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰ আৰু মুখ্য সম্পাদক উৎপল চক্ৰৱৰ্তীয়ে বিবৃতিত কয় যে ধুবুৰী জিলাত শিক্ষকৰ দৰমহা কৰ্তনৰ নিৰ্দেশ সম্পূর্ণ অবিৱেচক কাণ্ড আৰু এয়া গৰিহণাযোগ্য। কাৰণ নির্দেশটোত স্বাক্ষৰকাৰী বিষয়াজনে কোনো ধৰণৰ কৈফিয়ৎ তলৱ নকৰাকৈ পোনে পোনে দৰমহা কৰ্তন কৰিবলৈ নিৰ্দেশ দি আছাম ছার্ভিচেজ (ডিচিপ্লিন এণ্ড এপীল) বিধি-১৯৬৪ৰ বিধি নং ৩১১ ভংগ কৰিছে।
আহুকালৰ সৃষ্টি কৰা দৰমহা কৰ্তনৰ এনে নির্দেশনা অতিশীঘ্ৰে বাতিল কৰিবলৈ বিভাগীয় কর্তৃপক্ষৰ ওচৰত শিক্ষক মঞ্চই দাবী জনাইছে। অন্যথা ন্যায় প্ৰাপ্তিৰ স্বাৰ্থত শিক্ষা সেতু এপৰ বিসংগতি নিৰাময় নকৰাকৈ লোৱা শাস্তিমূলক পদক্ষেপৰ বিৰুদ্ধে শিক্ষক মঞ্চই অনিচ্ছা সত্ত্বেও গণতান্ত্রিক আন্দোলনত নমাৰ বিকল্প নাথাকিব বুলি উল্লেখ কৰে। মঞ্চই আৰু কয় যে জিলা, সমজিলাসমূহত শিক্ষা বিষয়াসকলে শিক্ষা সেতু এপত উপস্থিতি পঞ্জীয়ন কৰিবলৈ সক্ষম নোহোৱা শিক্ষকৰ দৰমহা কৰ্তন কৰিবলৈ তৎপৰ হৈ পৰিছে। শিক্ষা বিষয়াসকলে শিক্ষক-শিক্ষার্থীৰ সমস্যা সমাধানত যিমান তৎপৰ হ'ব লাগিছিল তাৰ দুগুণ তৎপৰতাৰে শিক্ষকসকলৰ দৰমহা কৰ্তনতহে মনোযোগ দিয়াটো গৰিহণাৰ যোগ্য। এই শ্ৰেণীৰ বিষয়াই আজিলৈকে বিদ্যালয়ত শৈক্ষিক দিনপঞ্জীখন যোগান ধৰিব পৰা নাই, শিক্ষক-শিক্ষার্থী তথা বিদ্যালয়কেন্দ্রিক সমস্যা সমাধানত ব্যর্থ হ'লেও শিক্ষকৰ দৰমহা কৰ্তন কৰিবলৈ নিৰ্দেশ দি দক্ষতা ঠিকেই দেখুৱাই আহিছে। সদৌ অসম সন্মলিত শিক্ষক মঞ্চই শিক্ষা সেতু এপৰ ছফ্টৱেৰৰ বিসংগতি, উপস্থিতি সংগ্ৰহত ধৰা পৰা গুৰুত্বপূৰ্ণ বিসংগতি আৰু আসোঁৱাহসমূহ সবিস্তাৰে বিভিন্ন সময়ত চৰকাৰী পক্ষৰ সৈতে হোৱা আলোচনাকালত প্রমাণসহ নিৰাময়ৰ বাবে দাখিল কৰিছিল।
তথ্যসহ আসোঁৱাহসমূহ দাখিল কৰাৰ সময়ত আলোচনাত উপস্থিত আছিল সমগ্ৰ শিক্ষাৰ মিচন সঞ্চালক, শিক্ষক সংগঠনৰ প্রতিনিধি, প্রাথমিক শিক্ষা সঞ্চালক আৰু মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিয়া বিশেষজ্ঞ দলটো। শিক্ষা সেতুৰ বিসংগতিসমূহ দূৰ নোহোৱা পৰ্যন্ত কোনো অনুশাসনমূলক ব্যৱস্থা গ্রহণ কৰাটো কোনো কাৰণতে গ্রহণযোগ্য নহয়। তেনেস্থলত এতিয়া দৰমহা কৰ্তনৰ নিৰ্দেশ কিয় দিয়া হ'ল বুলি প্রশ্ন কৰি আৰু প্ৰাথমিক স্তৰৰ পৰা উচ্চতৰ মাধ্যমিক স্তৰলৈ সকলোতে ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি দিয়া সম্পর্কত প্রতিক্রিয়া প্রকাশ কৰি শিক্ষক মঞ্চৰ নেতৃত্বই কয় যে শ্ৰেণীসমূহ আৰম্ভ হৈছে যদিও নামভৰ্তিৰ প্রক্রিয়াও অন্ত পৰা নাই। আনহাতে উচ্চতৰ মাধ্যমিক স্তৰৰ একাদশ শ্ৰেণীৰ পৰীক্ষা বিসংগতি, প্রশ্নকাকত ফাদিলৰ ঘটনা প্ৰৱাহে চৰকাৰী স্কুলত শিক্ষাৰ্থীৰ সন্ধানত শিক্ষকসকলে গাঁৱে গাঁৱে ছাত্ৰ-ছাত্ৰী বিচাৰি যাব লগা হৈছে। দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা শেষ হৈছে। এনে অৱস্থাত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি দিব ক'ৰ পৰা? এতিয়াও পৰীক্ষাৰ উত্তৰবহী ঠাইতে মণ্ডলসমূহত মূল্যায়ন চলি আছে। মূল্যায়ন কর্মত বৃহৎসংখ্যক শিক্ষক নিয়োজিত হৈ থকাৰ পৰিণতিত শিক্ষকৰ উপস্থিতি হ্রাস হোৱাটো স্বাভাৱিক। সেইদৰে বহুত ঠাইত পঞ্চায়ত নির্বাচনৰ মাষ্টাৰ ট্ৰেইনিঙৰ অনুশীলনত একাধিক শিক্ষক জড়িত হ'ব লগা হৈছে। এনেবোৰ কাৰণত বিদ্যালয়ত শিক্ষকৰ উপস্থিতি হাস হোৱাটো স্বাভাৱিক।