প্ৰগতিশীল মঞ্চৰ উদ্যোগত শিল্পী দিৱসৰ অয়োজন

Rashmi January 16, 2026

ডিজিটেল ডেস্ক :- ৰাজ্যৰ অন্যতম অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান প্ৰগতিশীল মঞ্চৰ উদ্যোগত ১৭ আৰু ১৮ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে শিল্পী দিৱসৰ আয়োজন কৰা হৈছে৷ কাৰ্যসূচী অনুযায়ী ১৭ জানুৱাৰীৰ পুৱা ১০ বজাত ৰূপকোঁৱৰৰ প্ৰতিচ্ছবিত বিশিষ্ট সমাজকৰ্মী দ্বাৰিকা প্ৰসাদ আগৰৱালাই  মাল্যাৰ্পণ কৰিব৷ তাৰ পাছতেই এক অন্তৰংগ আলাপৰে দিনটোৰ সূচী সামৰা হ’ব৷

আনহাতে ১৮ জানুৱাৰীত ২-৩০ বজাত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আৰু জ্যোতিপ্ৰসাদ আগৰৱালা শীৰ্ষক বক্তৃতা প্ৰতিযোগিতাৰ আ য়োজন কৰা হৈছে৷ সন্ধিয়া বঁটা বিতৰণী সভাত দৃষ্টিহীন সুগায়ক মনোজ কাশ্যপক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হ’ব৷

তাৰ পাছতে  বাৰে ৰহণীয়া ভিন্নসুৰী সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব৷ সমূহ জনসাধাৰণক দুয়ো দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ সম্পাদক মিলন বড়োই বিনম্ৰ অনুৰোধ জনোৱাৰ লগতে প্ৰতিযোগিতাত অংশগ্ৰণ কৰিবলৈ ৯৮৬৪৮-২৩০৭১/৯৪৩৫৩-০৭৭৫৩  নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জানিবলৈ দিছে৷

Share This