পত্নী-পুত্রসহ লাট মণ্ডলক ঘপিয়াই হত্যা

Kakali Deka September 12, 2025

ডিজিটেল ডেস্কঃ ছিপাঝাৰ থানাৰ অন্তৰ্গত নাৰিকলিত বৃহস্পতিবাৰে সন্ধিয়া ৬ মান বজাত সংঘটিত এটা শিহৰণকাৰী হত্যাকাণ্ডৰ ঘটনাই বৃহত্তৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰে।

 নৃশংস হত্যাৰ বলি হয় একেটা পৰিয়ালৰ তিনিজনকৈ লোক। হত্যাৰ বলি হয় কমলপুৰৰ লাট মণ্ডল দীপক নাথ, পত্নী প্রতিমা নাথ আৰু পুত্ৰ ধৃতিৰাজ নাথ। তিনিওকে দুর্বৃত্তই দাৰে ঘপিওৱাৰ সন্দেহ কৰে স্থানীয় লোকে। পুত্র ধৃতিৰাজ নাথ সপ্তম শ্ৰেণীৰ ছাত্ৰ। এই  সময়লৈকে কোনে কি কাৰণত হত্যা কৰিলে তাক জানিব পৰা হোৱা নাই। ছিপাঝাৰ থানাৰ আৰক্ষীৰ দল আহি হত্যাকাণ্ডৰ তদন্ত আৰম্ভ কৰিছে।

ইতিমধ্যে আৰক্ষীয়ে দীপক নাথৰ ছেণ্ডেল , মʼবাইল ফʼন আৰু হত্যা কৰা দাখন উদ্ধাৰ কৰিছে ।

Share This