ডিজিটেল ডেস্ক: মহা শিৱৰাত্ৰিৰ দিনা চৰকাৰী বন্ধ ঘোষণা কৰা দাবী জনাইছে নাথ সাহিত্য সংস্কৃতি সন্মিলনে। এই সন্দৰ্ভত আজি নাথ সাহিত্য সংস্কৃতি সন্মিলনৰ এক সঁজাতী দলে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সাক্ষাৎ কৰি আয়ুক্ত গৰাকীৰ জৰিয়তে এখন স্মাৰক পত্ৰ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে।
নাথ সাহিত্য সংস্কৃতি সন্মিলনৰ সভাপতি লক্ষ্যজ্যোতি নাথ আৰু প্ৰধান সম্পাদক জিতুমনি নাথে স্বাক্ষৰ কৰা স্মাৰক পত্ৰত উল্লেখ কৰে যে বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি অসমৰ এটা অতি প্ৰাচীন খিলঞ্জীয়া সম্প্ৰদায় হৈছে নাথ-যোগী সম্প্ৰদায়। এই সম্প্ৰদায়টো মূলত: শৈৱপন্থী। নাথ-যোগীসকলে অতীতত পালন কৰা ধৰ্মটোৰ নাম আছিল শৈৱ ধৰ্ম বা ব্ৰাত্য ধৰ্ম। নাথ পৰম্পৰাৰ মতে ভগৱান শিৱই হৈছে প্ৰথমগৰাকী নাথ। শৈৱ অনুগামী হোৱা বাবে নাথ-যোগীসকলে ফাগুন মাহৰ কৃষ্ণ চতুৰ্দশী তিথিত মহাশিৱৰাত্ৰি ব্ৰত পালন কৰাৰ লগতে এই উৎসৱটি নিজস্ব ৰীতি-নীতিৰে উদযাপন কৰে। যোগ সিদ্ধিৰ বাবে এই তিথিত দিবা নিশি উপবাসে আৰু উজাগৰে থাকি ব্ৰত পালন কৰাত নাথ-যোগীসকলে অতি মহত্ত্বপূৰ্ণ বুলি বিশ্বাস কৰে।
গতিকে নাথ-যোগীসকলৰ আস্থা আৰু পৰম্পৰাৰ প্ৰতি সন্মান জনাই মহাশিৱৰাত্ৰিৰ দিনা চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰিবলৈ অনুৰোধ জনায়। উল্লেখ্য যে স্মাৰক পত্ৰ প্ৰদানৰ কাৰ্যসূচীত নাথ সাহিত্য সংস্কৃতি সন্মিলনৰ উপদেষ্টা জয়ন্ত কুমাৰ নাথ,মৰিগাঁও সদৰ আঞ্চলিকৰ সভাপতি পিংকু নাথ,যুটীয়া সম্পাদক পোনাৰাম নাথকে আদি কৰি কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে।