ডিজিটেল ডেস্ক: ৰাজ্যত বৃদ্ধি পাইছে ATMৰ পৰা ধন হৰণলুকি কৰা চক্ৰৰ সক্ৰিয়তা। মাৰ্ঘেৰিটাৰ লিডুত নিশা SBI শাখাৰ এটিএমৰ মেচিন ভাঙি চুৰি কাণ্ড সংঘটিত কৰিবলৈ চেষ্টা চলায় দুৰ্বৃত্তই।
লিডু SBI শাখাৰ ATMৰ পৰা ধন হৰণলুকি কৰিবৰ বাবে চোৰে ব্যৱহাৰ কৰে গেছ চিলিণ্ডাৰ। কিন্তু চোৰৰ পৰিকল্পনা এইবাৰ বিফল হ'ল। গেছ চিলিণ্ডাৰেৰে মেচিন ভাঙিবলৈ চেষ্টা কৰিছিল যদিও সফল নহ'ল চোৰ।
ATMৰ মেচিন কাটিবলৈ চেষ্টা কৰিছিল যদিও চোৰৰ এই অপচেষ্টা ভাগ্যক্ৰমে কামত নাহিল। পুৱা ATMৰ পৰা গ্ৰাহকে ধন উলিয়াবলৈ অহাৰ সময়ত এই সমগ্ৰ ঘটনা পোহৰলৈ আহে। এই দৃশ্য দেখি ৰাইজৰ মাজত হাহাকাৰ লাগে।
ইতিমধ্যে লিডু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।
উৎস: প্ৰাগ নিউজ ডিজিটেল