শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! কিশোৰী, যুৱতীসহ তিনিজনকৈ ব্যক্তি নিৰুদ্দেশ হোৱাক লৈ হাহাকাৰ

Nikimoni Kachari January 30, 2026

ডিজিটেল ডেস্ক : শিৱসাগৰত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। কিশোৰী, যুৱতীসহ তিনিজনকৈ ব্যক্তি নিৰুদ্দেশ হোৱাক লৈ তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।

এগৰাকী ১৪ বছৰীয়া কিশোৰী, কিশোৰীগৰাকীৰ পিতৃৰ লগতে আন এগৰাকী যুৱতী সন্ধানহীন হোৱাক লৈ তীব্ৰ চাঞ্চল্য ৷

শিৱসাগৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত যুগনীয়া গাঁও আৰু মৰনৈ কিনাৰ গাঁৱৰ পৰা সন্ধানহীন এই তিনিগৰাকী।

২৮ জানুৱাৰীৰ পৰা সন্ধানহীন যুগনীয়া গাঁৱৰ নৰেশ দাস আৰু তেওঁৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত কন্যাগৰাকীও।

একে সময়তে মৰনৈকিনাৰ গাঁৱৰ পৰা নিৰুদ্দিষ্ট ৰিজা বাইলুং নামৰ এগৰাকী যুৱতীও।

পৰিয়ালৰ ভাষ্য অনুসৰি তিনিওগৰাকী একেলগে চহৰলৈ চুলি কাটিবলৈ বুলি ওলাই অহাৰ পিছৰে পৰা সন্ধানহীন হয়।

দুয়োটা পৰিয়ালে পৃথকে পৃথকে সদৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।

নৰেশ দাসৰ পৰিয়ালৰ লগত পুৰনি চিনাকি আছিল ৰিজা বাইলুঙৰ পৰিয়ালৰ।

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This