ডিজিটেল ডেস্কঃ টীয়কৰ বলমা মৰাণ গাঁৱত আজি পুৱা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।একেটা পৰিয়ালৰ ঘৰৰ ভিতৰত মাতৃ-কন্যা তেজেৰে লুটুৰি পুতুৰি অৱস্থাত মৃতদেহ উদ্ধাৰক লৈ সমগ্ৰ অঞ্চলত উত্তেজনাৰ সৃষ্টি হৈছে।
ইপিনে গুৰুতৰভাৱে আহত অৱস্থাত পিতৃক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। মৃত মাতৃগৰাকীৰ নাম চুনচুমী কোঁৱৰ আৰু কন্যাগৰাকীৰ নাম সোণাক্ষী কোঁৱৰ । সোণাক্ষী কোঁৱৰ টীয়ক জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী। পিতৃৰ নাম কল্যাণ কোৱঁৰ।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। এই ঘটনা পৰিয়ালকেন্দ্ৰিক ঘটনা নে হত্যাকাণ্ড জানিব পৰা হোৱা নাই। জানিব পৰা মতে, যোৱা নিশা প্ৰায় দুইমান বজাত ওচৰচুবুৰীয়াই পৰিয়ালটোৰ ঘৰত চিঞৰ-বাখৰ শুনিছিল আৰু কিয় চিঞৰ-বাখৰ কৰিছে সুধিবলৈ আহিছিল যদিও কল্যাণ কোঁৱৰে একো নাই হোৱা বুলিকৈ ঘূৰাই পঠায়।
পুৱা ঘৰৰ পৰা কোনো সাৰ নোপোৱা দেখি স্থানীয় ৰাইজে সন্দেহ কৰি আৰক্ষীৰ সহায়ত দুৱাৰ ভাঙি চাওঁতে ঘৰৰ এটি কোঠাত মাতৃ-কন্যাৰ মৃতদেহ আৰু কোঠাটোৰ এটা চুকত কল্যাণ কোঁৱৰক আহত অৱস্থাত উদ্ধাৰ কৰে। ইতিমধ্যে গুৰুতৰভাৱে আহত কল্যাণ কোঁৱৰক চিকিৎসাৰ বাবে প্ৰেৰণ কৰি মৃতদেহ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
উল্লেখযোগ্য যে এই পৰ্যন্ত কোনো লোকক আৰক্ষীয়ে কোঠাটোৰ ভিতৰত প্ৰৱেশ কৰিব দিয়া নাই। ডিব্ৰুগড় পৰা ফৰেনচিক দল অহাৰ পাছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব বুলি জানিবলৈ দিছে যোৰহাট জিলা আৰক্ষী অধীক্ষকে। ইপিনে স্থানীয় লোকৰ পৰা জনা মতে, পেছাত এগৰাকী ব্ৰইলাৰ দোকানী কল্যাণ কোঁৱৰ আজি কিছুদিনৰ পৰা কোনো ৰোগত আক্ৰান্ত হৈ আছিল। সেয়ে মানসিকভাৱে কিবা কাৰণত হতাশগ্ৰস্ত হৈ এইদৰে নিজৰ পৰিয়ালটোৰ সৈতে চৰম ঘটনা সংঘটিত কৰি নিজেও আত্মজাহ যোৱাৰ চেষ্টা কৰিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাইজে।
উৎস : প্ৰাগ নিউজ ডিজিটেল