ডিজিটেল ডেস্কঃ ধুবুৰীত দুর্গা পূজাৰ সময়ত যাতে কোনোধৰণৰ অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে কঠোৰ স্থিতি গ্রহণ কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই স্পষ্ট কৰি দিছে যে ধুবুৰীত খেলিমেলি কৰিলেই বিপদ হ'ব। দুর্গা পূজাৰ সময়তো ধুবুৰীত 'শ্বুট এট ছাইট'ৰ অৰ্ডাৰ বলৱৎ থাকিব।
উল্লেখযোগ্য যে যোৱা জুন মাহত ধুবুৰীৰ বিভিন্ন স্থানত দুর্বৃত্তই গো মাংস পেলাই থৈ যোৱাৰ পাছতেই জিলাখনৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মুখ্যমন্ত্রী ড° শর্মাই নিশা সন্দেহযুক্ত লোক দেখিলেই গুলীওৱাৰ নিৰ্দেশ দিছিল। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে সম্প্ৰতি ধুবুৰীত কোনো গণ্ডগোল, উৎপাত নাই। কিন্তু অহা দুর্গা পূজাৰ সময়তো ধুবুৰীত শুট এণ্ড ছাইটৰ অৰ্ডাৰ বাহাল থাকিব।
কোনোবাই খেলিমেলি কৰিলেই বিপদত পৰিব। ইফালে গুৱাহাটীত অনুষ্ঠিত নাগৰিক সভাত অংশ লোৱা ছৈয়দা হামিদৰ বিতর্কিত মন্তব্য সন্দৰ্ভত মুখ্যমন্ত্রী ড° শর্মাই কয়, 'অজিত ভূঞাই মাতি আনিছিল ছৈয়দ হামিদক। কিন্তু এতিয়া অজিত ভূঞাই বিষয়টোৰ সন্দৰ্ভত চাফাইহে দি আছে। ক্ষমা খোজা নাই। তেওঁ লগতে কয়, 'মিঞা মানুহে কয় আমি বাংলাদেশী নহয়। কিন্তু মিঞা মানুহখিনিক হামিদে বাংলাদেশী বনাই থৈ গ'ল।' এনে পৰিস্থিতিত হামিদক মিঞা মানুহে বিৰোধিতা কৰিব লাগে বুলিও মত প্রকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইফালে অজিত ভূঞা, লুৰীণজ্যোতি গগৈ, হীৰেন গোহাঁইহঁতৰ ঘোঁৰা গাড়ীত যিয়ে উঠিব তাৰে এক্সিডেন্ট হোৱাটো খাটাং বুলি উল্লেখ কৰি ড° শৰ্মাই কয় যে গৌৰৱ গগৈহঁতৰ মিঞা প্রেম সর্বজনবিদিত। তেওঁৰ মতে ধুবুৰী, বিলাসীপাৰাৰ জনগাঁথনি সলনি হৈছে। কিন্তু তেওঁলোকৰ এইবোৰ কথালৈ গুৰুত্ব নাই। চৰৰ সকলোতে মিঞাৰ বাসস্থান বুলিও মত প্রকাশ কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীগৰাকীৰ স্পষ্ট মন্তব্য- 'ফৰেষ্ট লেণ্ডত উচ্ছেদ কৰা হৈছে। কোনো চৰত উচ্ছেদ হোৱা নাই। এজন এজন মানুহে ২০০, ৩০০ বিঘা মাটি দখল কৰি ৰাখিছে। বনভূমি এফালৰ পৰা নিঃশেষ কৰি পেলাইছে। মন কৰিব লগীয়া কথা যে আজি মুখ্যমন্ত্রীয়ে সময় আহিলে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অর্থাৎ এন আৰ চিখন শুদ্ধ কৰিম বুলিও তাৎপর্যপূর্ণ মন্তব্য কৰে। তেওঁ কয়- এন আৰ চিৰ নামত প্রতীক হাজেলাই অসমৰ মানুহক এটা 'টুপী' দিলে। আৰু বাকী সকলোবোৰে মিলি আন এটা টুপী ৰাইজক পিন্ধাই দিলে। যাৰ বাবে আমি এখন শুদ্ধ এন আৰ চি নাপালোঁ। গতিকে সময় আহিলে এন আৰ চিখনৰো মই ব্যৱস্থা কৰিম।'